নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত কয়লা পৰিবাহী গাড়ীৰ খুন্দাত মহিলাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী- তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত আজি পুনৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়। পিবি-১১বি ইউ-৫৪০৯ নম্বৰৰ ১৬ চকীয়া গাড়ীৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয়। মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ইণ্ডিয়া ক্লাবৰ সমীপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰাপ্ত খবৰ অনুসৰি, গাড়ীখনে মাৰ্ঘেৰিটাৰ পৰা বৰগোলাই অভিমুখে স্কুটীৰে আহি থকা ৰাজু গুৰুং আৰু সৰিতা গুৰুং নামৰ দম্পতীক মহটিয়াই এই দুৰ্ঘটনা সংঘটিত কৰে। লগে লগে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় মহিলাগৰাকীৰ। একাংশ যুৱকে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা গাড়ীখন খেদি নি কিছু দূৰত জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে।

অৱশ্যে গাড়ীৰ চালক-হেণ্ডিমেনে পলায়ন কৰে। কালিও মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিচাৰ সমীপত অন্য এক পথ দুৰ্ঘটনাত ডিগবৈ বৰবিলৰ সুমন দত্ত নামৰ ব্যক্তিজনৰ মৃত্যু হৈছিল। আন্হাতে আজি দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনে কয়লা সৰবৰাহ কৰিবলৈ আহিছিল বুলি এটা সূত্ৰত প্ৰকাশ। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
আন্হাতে কালি দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ৰঙা ৰং গাড়ীখন আৰু চালকক বাতৰি লিখা সময়লৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like