নাৰায়ণপুৰত মাটি খান্দি জব্দ বিশ লাখ টকা, ধৃত ১
নিয়মীয়া বার্তা, ৪ জুনঃ নাৰায়ণপুৰৰ দুলীয়াপথাৰত আৰক্ষীয়ে বুধবাৰে বিয়লি অভিযান চলাই গুৱাহাটীৰ পৰা চুৰি কৰি অনা বৃহৎ পৰিমাণৰ ধন জব্দ কৰে৷ নাৰায়ণপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া জেমছ ভি চিমটেৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দুলীয়াপথাৰৰ নির্মল শইকীয়া নামৰ যুৱকজনৰ ঘৰৰ পৰা ১৯ লাখ ৯০ হাজাৰ টকা জব্দ কৰে৷
নির্মল শইকীয়াই এক সপ্তাহ পূর্বে গুৱাহাটীৰ পৰা চুৰি কৰি ধনখিনি ঘৰৰ ভিতৰত পুতি ৰাখিছিল৷ গুৱাহাটীৰ যুগল কিশোৰ আগৰৱালা নামৰ এজন ব্যৱসায়ীৰ আঠগাঁওস্থিত প্রতিষ্ঠানৰ পৰা ধনখিনি চুৰ কৰি পলাই আহিছিল৷ নির্মল শইকীয়া ২০১৬ চনৰ পৰা আগৰৱালাৰ মটৰ পার্টছৰ দোকানৰ কর্মচাৰী আছিল৷ ধৃত নির্মল শইকীয়াই ব্যৱসায়িক প্রতিষ্ঠানৰখনৰ লগতে থকা ফ্লেটত বাস কৰিছিল৷
পাণবজাৰ থানাৰ এক গোচৰৰ ভিত্তিত নির্মল শইকীয়াক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ধৃত নির্মলক চমজি ল’বলৈ পাণবজাৰ আৰক্ষীৰ এটা দল নাৰায়ণপুৰলৈ ৰাওনা হৈছে৷