নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাকুম লাংকাছি আৰক্ষীৰ অইলৰ চুৰি সামগ্ৰীসহ দুজনক আটক

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: তিনিচুকীয়া, দুলিয়াজানৰ অইল অধ্যুষিত অঞ্চলত একাংশ দুষ্টচক্ৰই সঘনাই অব্যাহত ৰাখে তেল চুৰিৰ লগতে অইলৰ লোহা তথা বিভিন্ন সামগ্ৰীৰ চুৰি কায্য ৷ যাক লৈ প্ৰতিটো মূহূৰ্তত সক্ৰিয় হৈ পৰিছে এটা চুৰি চক্ৰ ৷ মাকুম লাংকাছি আৰক্ষী চকীৰ অন্তৰ্গত হেবেদা গাঁৱত ঠিক তেনে এক ঘটনা সংঘটিত হৈছিল শনিবাৰে নিশাও, কিন্তু দিন বেয়া আছিল চুৰিকায্যত জৰিত দুষ্টচক্ৰটোৰ ৷ মাকুম লাংকাছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ বৰাই জানিব দিয়া অনুসৰি, হেবেদা টিংৰাই বঙালী গাঁৱৰ সমিপত আৰক্ষীৰ দলটোৱে পেট্ৰলিং কৰাৰ সময়ত এখন AS23 CC8385 নম্বৰৰ টাটা চ’টাহাতী বাহন এখনৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ ব্যৱহৃত চুৰি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । চ’টাহাটী‌ বাহনখন আৰক্ষীৰ দলটো দেখি তীব্ৰবেগত যোৱাৰ লগতে আৰক্ষীয়ে পিচ লোৱা দেখি গাড়ীখনৰ চালকৰ বাসগৃহত সোমাই আৰু গাড়ীত থকা ব্যক্তিসকল পলাবলৈ চেষ্টা কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত পলায়ন কৰা দুজনক খেদি খেদি হাবিৰ পৰা আটক কৰে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ বৰাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ আটক কৰা যুৱক দুজনজন ক্ৰমে মাকুম ওৰাং বস্তিৰ শচীন তাঁতী আৰু অজয়‌ গড় ।

   ইফালে, উক্ত ঘটনাৰ স’তে আৰু কেইবাজনো লোক জৰিত আছিল ৷ কিন্তু আৰক্ষীৰ চকুৰ পৰা নিশাৰ সুযোগ লৈ পলায় যাবলৈ সক্ষম হয় ৷ ইতিমধ্যে উক্ত ঘটনাৰ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ লাংকাছি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা বুলি জানিব দিয়াৰ লগতে গোচৰ ৰুজু কৰি আৰম্ভ কৰা হৈছে তদন্ত ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

প্ৰেৰক:-বিবেক বড়া

You might also like