চাকৰি হেৰুৱালে ঢকুৱাখনাৰ দুই ভুৱা টেট শিক্ষকে
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ টেট অনুষ্ঠিত কৰি শিক্ষক নিযুক্তি প্রক্রিয়াক স্বচ্ছ আৰু নিকা কৰাৰ প্রয়াস কৰাৰ পিছতো দুষ্টচক্রই শিক্ষা ব্যৱস্থাটোক কলংকিত কৰাৰ চেষ্টা চলাই আহিছে৷ শেহতীয়াকৈ জালিয়াতি কৰি চাকৰি হেৰুৱাব লগা হ’ল ঢ়কুৱাখনাৰ দুই ভুৱা টেট শিক্ষকে৷
অনিয়মেৰে টেট শিক্ষকৰ চাকৰি লোৱা ভুৱা শিক্ষকদ্বয় হ’ল ঢ়কুৱাখনাৰ ঔগুৰি দাংধৰা ২নং তুলসীজানৰ জয়ন্ত বেজ আৰু একেখন গাঁৱৰে জীৱন চন্দ্র ভৰলুৱা৷ দুয়োজনেই ভুৱা জাতিগত প্রমাণ–পত্র দাখিল কৰি চাকৰি লাভ কৰিছিল৷ ভৈয়াম জনজাতিৰ প্রমাণ–পত্রত স্বাক্ষৰ কৰিছিল ক্রমে ধেমাজিৰ লক্ষীমা নার্জাৰী আৰু অণিমা দলেই৷ বেজ আৰু ভৰলুৱাই ভুৱা জাতিগত প্রমাণ–পত্রৰ লগতে টেট উত্তীর্ণৰ ভুৱা প্রমাণ–পত্র দিছিল৷ নগাঁও ৰংপুৰৰ শিক্ষিত যুৱক পংকজ মিলিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে সংগ্রহ কৰা তথ্যৰ ভিত্তিত বেজ আৰু ভৰলুৱাৰ জালিয়াতি ধৰা পেলোৱা হয়৷
ইয়াকে লৈ ঢ়কুৱাখনাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয় আৰু ঢ়কুৱাখনাৰ মহকুমাধিপতিৰ জৰিয়তে শিক্ষা বিভাগৰ আয়ুক্তক বিহিত ব্যৱস্থা গ্রহণৰ বাবে স্থানীয় সচেতন ব্যক্তিয়ে আবেদন জনায়৷ তদুপৰি ঢ়কুৱাখনা সদৰ থানাতো বেজ আৰু ভৰলুৱাৰ বিৰুদ্ধে দাখিল কৰা হয় অভিযোগ৷ ইয়াৰ পিছতে যোৱা ৮ অক্টোবৰত বেজ আৰু ভৰলুৱাক চাকৰিৰ পৰা নিলম্বন কৰে শিক্ষা বিভাগে৷