অইলৰ মুক্ত পৰিত্যক্ত খাদত মজুত থকা লোহাৰ পাইপক লৈ চোৰৰ ৰমৰমীয়া বেহা; অইল নিৰাপত্তাৰক্ষীৰ হাতত দুই লোহাৰ চোৰ
নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ অইল ইণ্ডিয়া লিমিটেডৰ মধুটিংস্হিত পৰিত্যক্ত খাদসমূহত মজুত কৰি থোৱা অইলৰ ব্যৱহাৰযোগ্য নতুন লোহাৰ পাইপসমূহক লৈ এটা বৃহৎ চোৰ চক্ৰই সুদীৰ্ঘ দিন ধৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ।
সৰ্বজনবিদিত যে চোৰ চক্ৰটোৱে অঞ্চলটোৰ ২৮ নম্বৰ আৰু ৫৬৮ নম্বৰ পৰিত্যক্ত খাদত মুক্তভাৱে থকা লোহাৰ পাইপসমূহ সুবিধা অনুযায়ী খণ্ড খণ্ডকৈ কাটি তত্বাৱধায়ক অইল অ’ জি পি এল বিভাগ আৰু অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ চকুৰ সন্মুখেৰে বিভিন্ন বাহনত বোজাই নিৰ্দিষ্ট স্হানলৈ গতি কৰে। লক্ষাধিক মূল্যৰ এনে লোহাৰ পাইপ সঘন চুৰি কাৰ্য্যৰ সন্দৰ্ভত অইল নিৰাপত্তাৰক্ষীয়ে বহুবাৰ স্হানীয় আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছে ।
এনেতে পুনৰ কালি পুৱতি নিশা প্ৰায় ২.৩০ বজাত টহলদাৰী অইল নিৰাপত্তাৰক্ষীৰ কবলত পৰে দুটাকৈ সন্দেহজনক চোৰ আৰু জব্দ কৰে ৫৬৮ নং পৰিত্যক্ত খাদৰ পৰা মজুত লোহাৰ পাইপ বোজাই কৰা এ এছ ২৩ এচি -০৩৭২ নম্বৰযুক্ত এখন ডি আই বাহন ।
প্ৰাপ্ত তথ্য অনুসৰি মধুটিংৰ পৰা দুলীয়াজান অভিমুখী উক্ত বাহনখন নিউ ইণ্ডাষ্ট্ৰিৰ সন্মুখত অইল নিৰাপত্তাৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰোঁতেই বাহন এৰি আন্ধাৰৰ সুযোগ লৈ চালকসহ আন ব্যক্তি পলাই সাৰিবলৈ সক্ষম হয় । আনহাতে উক্ত বাহনখনৰ পিছে পিছে এ এছ ২৩ ৱাই ২৪২০ নম্বৰযুক্ত মটৰচাইকেলখনত আহি থকা দুজন সন্দেহজনক যুৱকক অইল নিৰাপত্তাৰক্ষীয়ে আটক কৰে ।
আটকাধীন যুৱকদ্বয় হৈছে ৰঙাগড়া অঞ্চলৰ ৰোহিণী শইকীয়াৰ পুত্ৰ অৰুণজ্যোতি শইকীয়া (২৮) আৰু বৰকোলা অঞ্চলৰ বিশেশ্বৰ বড়াৰ পুত্ৰ মনোজ বড়া (২৭) । লগতে প্ৰায় ২ লাখ মূল্যৰ ৬ ইঞ্চিযুক্ত ৬ ফুটীয়া ২৪ টুকুৰা লোহাৰ পাইপ আৰু চুৰিকাৰ্যত ব্যৱহৃত সামগ্ৰী বাহনখনৰ পৰা জব্দ কৰে অইল নিৰাপত্তাৰক্ষীয়ে ।
অইল নিৰাপত্তাৰক্ষীৰ পৰিদৰ্শক বিষয়া গোপাল বড়াৰ নেতৃত্বত আৰু স্হানীয় আৰক্ষীৰ সহযোগত দলটোৱে জব্দ কৰা সামগ্ৰী আৰু ধৃত দুই যুৱকক ইতিমধ্যে দুলীয়াজান আৰক্ষী থানাত চমজাই দিয়াৰ লগতে স্হানীয় সন্দেহজনক ডেম্পসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে অইল নিৰাপত্তাৰক্ষীয়ে । সম্প্ৰতি দুলীয়াজান আৰু নাওহলীয়া আৰক্ষীয়ে ধৃত দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।