নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৱে সুৰংগৰ মাটি খহি দুজন শ্রমিকৰ মৃত্যু; সাতজন আহত

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ মহানগৰীৰ চন্দ্রপুৰত আজি সংঘটিত হ’ল এক ভয়ংকৰ কাণ্ড৷ ৰে’লৱে সুৰংগ নির্মাণৰত অৱস্থাতে ওপৰৰ পৰা মাটি খহি দুজন শ্রমিক ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে আহত হয় আন সাতজন৷ আহত আটাইকেইজনকে তাৎক্ষণিকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী–লামডিং সংমণ্ডলৰ অন্তর্গত চন্দ্রপুৰৰ ঠাকুৰকুছি আৰু পাণবাৰীৰ মাজত তথা প্রাগজ্যোতিষপুৰ আৰক্ষী থানাৰ সমীপতে থকা লেভেল ক্র’ছিঙত এটা সুৰংগ নির্মাণৰ কাম আজি আৰম্ভ কৰা হৈছিল৷

নির্মাণকার্য চলি থকাৰ মাজতে হঠাতে ওপৰৰ পৰা মাটি খহি অহাৰ ফলত বহুকেইজন শ্রমিক পোত যায়৷ আকস্মিকভাৱে সংঘটিত এই ঘটনাত উপস্থিত আন শ্রমিক আৰু ৰে’লৱেৰ বিষয়া–কর্মচাৰীৰ মাজত হুৱাদুৱা লাগে৷ অৱশ্যে ইয়াৰ মাজতে সুৰংগ খননত ব্যৱহাৰ কৰা ফ’কলেণ্ড জে চি বি আৰু ক্রেনৰ চালকৰ লগতে ৰে’ল আৰক্ষীৰ লোকে কেইবাজনো শ্রমিকক উদ্ধাৰ কৰে যদিও আন কেইজনমান তেতিয়াও মাটিত পোত গৈ আছিল৷ এই বিষয়ে খবৰ দিয়াত এছ ডি আৰ এফ, প্রাগজ্যোতিষপুৰ আৰক্ষী আৰু চন্দ্রপুৰ অগ্ণিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়৷ অভিযানকাৰী দলে মাটিৰ তলৰ পৰা প্রথম অৱস্থাত ৮জন শ্রমিকক উদ্ধাৰ কৰে৷ কিন্তু ইয়াৰে এজন ঘটনাস্থলীতে নিহত হয়৷ নিহত শ্রমিকজন মায়ঙৰ ইনচান আলী (৩০) বুলি চিনাক্ত কৰাৰ বিপৰীতে আহত সাতজন হ’ল– আৰাজুল ইছলাম (২২), মুছলিম শ্বেখ (২৫), নুৰুল আলী (৩৫), ৰাজেন তেৰাং (৪৫), আজাহাৰ আলী (৩০), তিলক চন্দ্র দাস (৪৫) আৰু মৰজান আলী (২৫)৷ ইয়াৰে গুৰুতৰভাৱে আহত চাৰিজনক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়৷ আনহাতে, ইয়াৰ প্রায় ২ ঘণ্টাৰ পাছত আন এজন শ্রমিকৰ মৃতদেহ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হয়৷ মৃত শ্রমিকজন কিৰাকাৰাৰ ছাইফুল আলী (২৫) বুলি চিনাক্ত কৰা হৈছে৷

ঘটনাস্থলীত উপস্থিত থকা শ্রমিকৰ পৰা জানিব পৰা মতে, সুৰংগটো নির্মাণৰ কামত প্রায় ৪০জন শ্রমিকক নিয়োগ কৰা হৈছিল৷ পিছে বিয়াগোম ৰে’ল বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰী প্রতিষ্ঠান এন কে কনষ্ট্রাকচন কোম্পানীৰ হেমাহিৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে৷ কিয়নো সুৰংগটো নির্মাণৰ সময়ত এজনো শ্রমিকে সুৰক্ষা কৱচ পৰিধান কৰা নাছিল৷ শ্রমিকসকলক সুৰক্ষা কৱচ পৰিধান নকৰা কথাটো তাত থকা অভিযন্তা আৰু ঠিকাদাৰে প্রত্যক্ষ কৰিছিল যদিও এইক্ষেত্রত ব্যৱস্থা নলৈ শ্রমিকসকলক তেনেকৈয়ে কাম কৰিবলৈ দিছিল৷ ফলত ভয়ংকৰ দুর্ঘটনাটো সংঘটিত হ’ল৷ এতিয়া প্রশ্ণ হৈছে– অবিবেচকী অভিযন্তা আৰু ঠিকাদাৰী প্রতিষ্ঠান এন কে কনষ্ট্রাকচনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰিব ৰে’লৱে কর্তৃপক্ষই? মৃতকৰ পৰিয়ালে পাবনে উচিত ক্ষতিপূৰণ? অৱশ্যে উত্তৰ–পূব সীমান্ত ৰে’লৱে মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দাই কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত আহত শ্রমিকসকলক প্রয়োজনীয় সকলো সহায় ৰে’লৱে কর্তৃপক্ষই আগবঢ়াব বুলি সদৰী কৰিছে৷

You might also like