নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-নাগালেণ্ড সীমান্তৰ খটখটিত মৰণাস্ত্ৰসহ আটক দুই যুৱক

নিয়মীয়াবাৰ্তা, ২২ জানুৱাৰীঃ বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই মৰণাস্ত্ৰসহ দুই যুৱক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, খটখটি আৰক্ষী থানা এলেকাত কেইবাগৰাকী সশস্ত্ৰ অচিনাক্ত লোকে বিচৰণ কৰি থকাৰ তথ্য আৰক্ষীয়ে গোপন সূত্ৰযোগে লাভ কৰে। উক্ত তথ্যৰ ভিত্তিত বুধবাৰে সন্ধিয়া বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰৰ চক্ৰ বিষয়া ভূপেন কলিতা আৰু খটখটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰক্ষ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সন্ধিয়া প্ৰায় ৮.৩০ বজাত খটখটি থানা এলেকাৰ অন্তৰ্গত লাহৰিজানত অভিযান চলায়।
উক্ত অভিযানত অভিযানকাৰী আৰক্ষীৰ দলটোৱে এটা ৭.৬৫ মিঃ মিঃৰ পিষ্টল, মেগজিনসহ দুই ৰাউণ্ড ৭.৬৫ মিঃ মিঃৰ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে দুজন যুৱককো আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা যুৱক দুজন ক্ৰমে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰ জিলাৰ চাব-আৰবান থানাৰ অন্তৰ্গত কিটজা কলনিৰ ৰোহন প্ৰধান আৰু লামথি গাঁৱৰ লাকী প্ৰধান বুলি চিনাক্ত কৰা হৈছে। 
You might also like