নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত খাদ্যৰ সন্ধানত নামি আহিছে শতাধিক বন্যহস্তীঃআতংকিত অঞ্চলবাসী

নিয়মীয়া বাৰ্তা  ২৬ আগষ্টঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বন্যহস্তী আৰু মানুহৰ সংঘাট । বিগত কেইমামাহ মান ধৰি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছে বন্যহস্তীয়ে ।বন্যহস্তী আৰু মানুহৰ সংঘাট ৰোধ‌ কৰাত ব্যৰ্থ হৈ পৰিছে বন বিভাগ।খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বৃহৎ বন্যহস্তীৰ জাকে ওদালগুৰি জিলাৰ ডিমাকুছি বৰঙাজুলি,  ৰজাগড়, নালাপাৰা , ধৰমজুলি, টেংকিবস্তী , ভুটিয়াচাং, ভোলাটাৰ , হাতীগড় , উলুবাৰী , ঘাগ্ৰা , বগৰীতল আদি বিভিন্ন অঞ্চল সমূহত খেতি-বাতি ধ্বংস কৰাৰ লগতে ,ঘৰ- দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি আহিছে।প্ৰত্যেক দিনে নিশাই এই অঞ্চল সমূহত এতিয়া দেখা যায় কেৱল মাত্ৰ বন্যহস্তীৰ উপদ্ৰৱ।

ইতিমধ্যে চুবুৰীয়া ভূটান পাহাৰ তথা বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত দিনৰ পোহৰতে নামি আহিছে শতাধিক বন্যহস্তীৰ বৃহত জাক।আশ্ৰয় গ্ৰহণ কৰিছে চাহ বাগানৰ মাজত।যাৰ বাবে আতংকিত হৈ পৰিছে সীমান্তৱৰ্তী অঞ্চলবাসী।এই ক্ষেত্ৰত অসম চৰকাৰ তথা বিটিআৰ পৰিষদীয় চৰকাৰৰ বন বিভাগক শীঘ্ৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ অঞ্চলবাসী ৰাইজৰে আহ্বান জনায়।অঞ্চলবাসী গঞা ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে নিশা প্ৰত্যেক নিশাই বন্যহস্তীৰ বৃহত জাক সমুহে গাঁও সমুহত প্ৰৱেশ কৰি বিভিন্ন সময়ত ঘৰ-দুৱাৰ ভাগি চুৰ্ণ-বিচুৰ্ণ কৰি পেলায়।

যাৰ বাবে বহু লোক গৃহহীন হৈ পৰিবলগীয়া হৈছে।আনকি বন্যহস্তীৰ আক্ৰমণত সীমান্তৱৰ্তী অঞ্চলটোৰ কেবা গৰাকীলোক ইতিমধ্যে নিহতও হৈছে।এই বিষয়ে বন বিভাগক অৱগত কৰিলেও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।আনকি নিশা বন বিভাগৰ লোকে বন্যহস্তী খেদি পঠিয়াবলৈ অহাতো দুৰতে আনকি গঞা ৰাইজক টৰ্চ লাইট,ফটকা,কেৰাচিন তেল আদি পৰ্যন্তও যোগান নধৰে।ফলত গাঠিৰ ধন ভাঙি ফটকা,টৰ্চ লাইট,কেৰাচিন তেল পৰ্যন্ত কিনি আনি নিশা বন্যহস্তী গাঁও সমুহত প্ৰৱেশ কৰাত বাধা দিয়ে যদিত সেয়াও ব্যৰ্থ হৈ পৰা বুলি ক্ষোভ ব্যক্ত কৰে অঞ্চলবাসী ৰাইজে।

You might also like