নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্টেট বেংক এইচ ইউ এলৰ বুজাবুজি

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ ষ্টেট বেংক আৰু হিন্দুস্তান ইউনিলিভাৰ লিমিটেড (এইচ ইউ এল)ৰ মাজত সম্পন্ন হৈছে এক গুৰুত্বপূর্ণ বুজাবুজি৷ সেই অনুসৰি হিন্দুস্তান ইউনিলিভাৰৰ খুচুৰা বিক্রেতা আৰু বিতৰকসকলক ডিজিটেল লেনদেনৰ ক্ষেত্রত সহযোগ কৰিব ষ্টেট বেংকে৷ এই বুজাবুজিৰ জৰিয়তে খুচুৰা বিক্রেতাসকলে বিলিঙৰ সময়ত ৫০ হাজাৰ টকাপর্যন্ত তাৎক্ষণিকভাৱে নথিবিহীন অভাৰড্রাফ্টৰ সুবিধা লাভ কৰিব৷

ইয়াৰ বাবে সৰু চহৰসমূহতো ষ্টেট বেংকে বিশেষ সুবিধাৰ ব্যৱস্থা কৰিব৷ এই উপলক্ষে হিন্দুস্তান ইউনিলিভাৰৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সঞ্জীৱ মেহতাই কয় যে এই সম্পর্কই ডিজিটেল সমাধান প্রদান কৰাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷

You might also like