মাৰ্ঘেৰিটাত ১৫ দিন পিছত ঘৰলৈ আহি এঘৰ পৰিয়ালে দেখিলে অচিনাক্ত মৃতদেহ, চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ মাৰ্ঘেৰিটা বৰগোলাইত আজি এটা মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইৰ মহেশ্বৰ বৰুৱা নামৰ ব্যক্তিজনৰ গৃহৰ বাৰাণ্ডাত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় এই চাঞ্চল্য।
উক্ত ঘৰৰ গৃহস্থ আজি প্ৰায় ১৫ দিনে নাছিল ঘৰত। কালি নিশা আহি প্ৰত্যক্ষ কৰে মৃতদেহটো। চিপ লৈ থকা অৱস্থাত মৃতদেহটোৰ মুখাংশ উৱলি যোৱাত মৃতদেহটো কাৰ বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।
হত্যা নে আত্মাহত্যা এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও আজি পুৱাৰ ভাগত ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।