হাগ্রামাক পুনৰ শাসনৰ বাঘজৰী দিলে ধ্বংস হ’ব বিটিআৰ
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ বিটিচি নির্বাচন চমু চাপি অহাৰ লগে লগে বি টি এ ডি অঞ্চলত ৰাজনৈতিক কুচকাৱাজে চূড়ান্ত ৰূপ ধাৰণ কৰিছে৷ আৰম্ভ হৈছে ৰাজনৈতিক আক্রমণ–প্রত্যাক্রম৷ ইয়াৰ মাজতে বিটিচিপ্রধান হাগ্রামা মহিলাৰীক পুনৰ আক্রমণৰ লক্ষ্য কৰি ল’লে প্রাক্তন ছাত্র নেতা তথা ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে৷
দিছপুৰ প্রেছ ক্লাবৰ মুখামুখি অনুষ্ঠানত উপস্থিত থাকি প্রমোদ বড়োৱে বিগত ১৭ বছৰীয়া হাগ্রামাৰ কার্যকালত সংঘটিত দুর্নীতি–নিয়মক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে পুনৰ হাগ্রামাক শাসনৰ বাঘজৰী দিলে ধ্বংস হ’ব বি টি আৰ৷ বি টি এ ডিৰ ৰাইজে হাগ্রামা মহিলাৰীৰ দাদাগিৰি–পশাসন আৰু অগণতান্ত্রিক ব্যৱস্থাৰ পৰা মুক্তি বিচাৰিছে বুলি উল্লেখ কৰি আগন্তুক নির্বাচনত ৩০তকৈও অধিক আসন লাভেৰে চৰকাৰ গঠন কৰিব বুলি দাবী উত্থাপন কৰিছে প্রমোদ বড়োৱে৷
হাগ্রামা মহিলাৰীক তেওঁ কিয় বেয়া পায় বুলি সোধা প্রশ্ণৰ উত্তৰত ইউ পি পি এলৰ সভাপতিজনে কয়– ‘ব্যক্তিগতভাৱে হাগ্রামা মহিলাৰীক মই বেয়া নাপাওঁ৷ কিন্তু তেওঁৰ চিন্তাধাৰা, অগণতান্ত্রিক চৰিত্র আৰু দাদাগিৰি মই বেয়া পাওঁ৷ তেওঁ গণতান্ত্রিক মনৰ অধিকাৰী হ’লে অঞ্চলটোৰ সকলো জাতি–জনগোষ্ঠীক লৈ আগবাঢ়িলহেঁতেন৷ কিন্তু তেওঁ তেনে নকৰিলে৷ ১৭ বছৰে এখন নতুন আঁচনি অঞ্চলটোত ৰূপায়ণ কৰা নহ’ল৷ দেশত ক’তো নোহোৱা এটা ব্যৱস্থা গঢ়ি তেওঁ ধন আত্মসাৎ কৰিলে৷ চি ডি ফাণ্ডৰ জৰিয়তে সকলো পুঁজিৰ ধন নিজৰ নামত আবণ্টন কৰি হজম কৰিলে৷ য়ুথ কেম্প স্থাপন কৰি একাংশ শিক্ষিত যুৱকক সামান্য ধনৰ বিনিময়ত মদ–মাংস খুৱাই ৰাখিছে৷ এই যুৱকসকলৰ হাই–কাজিয়া কৰাৰ বাহিৰে কোনো কাম নাই৷ হাগ্রামাৰ এনেধৰণৰ কাম–কাজ কেতিয়াও সমর্থন কৰিব নোৱাৰোঁ৷ তেওঁৰ সুবিধাবাদী নীতিক কোনো ৰাইজে সমর্থন কৰিব নোৱাৰে৷ হাগ্রামা মহিলাৰী ৰাষ্ট্রীয়তাবাদীও নহয়, অথবা লেফ্ট–ৰাইটো নহয়৷ তেওঁ এজন সুবিধাবাদী৷’ আনহাতে, ছাত্র নেতাৰ পৰা তেওঁ ৰাজনৈতিক জীৱন কিয় আৰম্ভ কৰিলে বুলি সোধা প্রশ্ণৰ উত্তৰত বড়োৱে কয় যে ৰাজনীতিৰ প্রতি তেওঁ কোনোদিনে আকর্ষিত নাছিল৷ নিখিল বড়ো ছাত্র সন্থাৰ জৰিয়তে জাতি–জনগোষ্ঠীটোৰ সমস্যাসমূহৰ বুজ লোৱাৰ সুযোগ লাভ কৰিব৷ অসমৰ বহু জাতি–জনগোষ্ঠীয়ে পাবলগীয়া অধিকাৰ আজিও পোৱা নাই৷ যোৱা ২৭ জানুৱাৰীত বি টি আৰ চুক্তি সম্পন্ন হ’ল৷ চাৰিটাকৈ উগ্রপন্থী গোটে এই চুক্তিৰ জৰিয়তে অস্ত্র সম্বৰণ কৰিলে৷ কিন্তু হাগ্রামাই এই চুক্তি ৰূপায়ণ নহ’ব বুলি ঘোষণা কৰিলে৷ সেয়েহে এই চুক্তি ৰূপায়ণৰ বাবেই তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিলে বুলি উল্লেখ কৰি কয়– ‘বিগত ১৭ বছৰে বি টি আৰত গণতান্ত্রিক ব্যৱস্থাক সম্পূর্ণৰূপে পিষ্ট কৰা হৈছে৷ মদ–ভাং, দমন নীতিৰে চলি আহিছিল বি টি আৰ৷ সেয়েহে ৰাইজক এই শংকাৰ পৰা মুক্ত কৰিবলৈ ৰাজনীতিৰ পথ ল’বলৈ মই সিদ্ধান্ত গ্রহণ কৰিছিলোঁ৷ কিন্তু এতিয়াও মোৰ বুকু আৰু তেজত ৰাজনীতি সোমাবলৈ দিয়া নাই৷ ৰাজনীতি মোৰ বাবে এটা প্রজেক্ট৷ সকলো জাতি–জনগোষ্ঠীক সমবিকাশৰ এটা পথ উলিয়াই দিয়াৰ বাবে মই এই প্রজেক্ট লৈছোঁ৷’
আনহাতে, ছাত্র নেতা হৈ থকা কালত ডিভাইড আছাম ফিফ্টী ফিফ্টী আন্দোলনেৰে ৰাজ্যজুৰি এক বিপ্লৱৰ সূচনা কৰা বড়োৰ ইউ পি পি এলৰ অধ্যক্ষ হিচাপে পৃথক বড়োলেণ্ড সন্দর্ভত স্থিতি কি বুলি সোধা প্রশ্ণত তেওঁ প্রতিক্রিয়া প্রকাশ কৰে৷ এই প্রসংগত তেওঁ কয়– ‘সকলো জাতি–জনগোষ্ঠীয়ে আত্মনিয়ন্ত্রণৰ কথা কয়৷ নিজৰ ভাষা–সাহিত্য–সংস্কৃত্ জীয়াই ৰাখিবৰ বাবে জনগোষ্ঠীসমূহে আত্মনিয়ন্ত্রণৰ দাবী তুলি আহিছে৷ ভাৰতবর্ষৰ ভিতৰত আমাৰ পৰিচয় জীয়াই ৰাখিব বিচাৰিছোঁ৷ বড়ো জনগোষ্ঠীয়ে ভাৰতৰ পৰা বহু সুবিধা লাভ কৰিছে৷ শেহতীয়াকৈ বড়ো ভাষা অষ্টম অনুসূচীত অন্তর্ভুক্ত হৈছে৷ দেশ বা ৰাজ্যৰ ভিতৰত নিজৰ ভাষা–সাহিত্য–সংস্কৃত্ ৰক্ষাৰ সা–সুবিধা পালে বিভাজনৰ বিপ্লৱ নহ’ব৷ বি টি আৰত বহু জাতি–জনগোষ্ঠী আছে৷ এই জাতি–জনগোষ্ঠীসমূহে নিজৰ ভাষা–সাহিত্য–সংস্কৃত্ জীয়াই থাকিব নে নাই, তাক লৈ আতংকিত হৈছে৷ যাৰ বাবে আমি এটা বিশেষ নীতি গ্রহণ কৰিছোঁ৷ চৰকাৰ গঠন হ’লে বি টি আৰৰ ভিতৰত বাস কৰা সকলো জনগোষ্ঠীৰ বাবে উন্নয়ন পৰিষদ আমি গঠন কৰিম৷ সংবিধানপ্রদত্ত অধিকাৰ প্রতিটো জাতি–জনগোষ্ঠীকে চৰকাৰে প্রদান কৰা উচিত৷’
ইফালে, সংখ্যালঘুৰ সমস্যা সমাধানৰ বাবে সংখ্যালঘু উন্নয়ন বিভাগ লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ১৭ বছৰত হাগ্রামাই এইক্ষেত্রত কোনো ব্যৱস্থা নল’লে৷ ইউ পি পি এলৰ চৰকাৰ গঠন হ’লে নতুনকৈ স্থাপন কৰা হ’ব কমিউনিটী হেপীনেছ বিভাগ৷ যাৰ জৰিয়তে সকলো জাতি–জনগোষ্ঠীৰ সমস্যাসমূহ প্রকাশ কৰাৰ সুবিধা থাকিব৷ তেওঁলোকৰ সমস্যাসমূহ ৰাজ্য চৰকাৰ অথবা কেন্দ্রীয় চৰকাৰলৈ এই বিভাগৰ জৰিয়তে সমাধানৰ বাবে প্রেৰণ কৰা হ’ব৷ ইফালে, আগন্তুক নির্বাচনত হাগ্রামা তেওঁৰ বাবে ফেক্টৰ হ’ব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত বড়োৱে কয়– ‘মোৰ বাবে বিজেপি, বি পি এফ, কংগ্রেছ, এ আই ইউ ডি এফ, নির্দলীয় সকলো ফেক্টৰ৷ কিন্তু বর্তমানলৈ প্রচাৰৰ সময়ত ৰাইজৰ স্বতঃস্ফূর্ত সঁহাৰিৰ পৰা এইটো ক’ব পাৰোঁ যে ৩০খনতকৈও অধিক আসন লাভেৰে ইউ পি পি এলে চৰকাৰ গঠন কৰিব৷ বিভিন্ন সমষ্টিত বিভিন্ন দলৰ মাজত প্রতিদ্বন্দ্বিতা হ’ব৷ কিন্তু ৪০টা সমষ্টিতেই ইউ পি পি এলে আন দলক প্রত্যাহ্বান জনাবলৈ সক্ষম হ’ব৷ ধনবল, বাহুবল বি টি আৰত প্রয়োগ কৰি নির্বাচন সম্পন্ন কৰা হৈছিল৷ বি টি আৰত নিশা এটা আৰু দিনত এটা ৰাজনীতি চলে৷ নিশাৰ ভাগত ৰাইজক ভয়–ভাবুকিৰে সন্ত্রাস সৃষ্টি কৰা হৈছিল৷ পূর্বে বি টি আৰত কোনো ঢ়ৌৱেই নাছিল৷ এতিয়া আমি সকলোৱে মিলি এই সন্ত্রাসৰ ৰাজনীতিৰ বিৰুদ্ধে থিয় দিছোঁ, যাৰ বাবে প্রতিষ্ঠানবিৰোধী ঢ়ৌৰ সৃষ্টি হৈছে৷ দমন–দাদাগিৰিৰ বিপৰীতে এইবাৰ বি টি আৰত পৰিৱর্তন আহিব৷’ আনহাতে, তেওঁ বিজেপিৰ এজেণ্ট হৈ ৰাজনীতি আৰম্ভ কৰিছে নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত বড়োৱে কয় যে বিজেপি আৰু বি পি এফৰ মিত্রজোঁটৰ চৰকাৰ চলি আছে৷ ইয়াত এজেণ্টৰ কি প্রয়োজন৷ ৰাইজৰ এজেণ্ট হিচাপেহে কাম কৰি যাব বিচাৰে৷ ইউ পি পি এলৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী হৈছে৷ সম্প্রতি এই দলটোৰ সদস্য হৈছে ১৩.৫৬ লাখ৷
ইফালে, কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ বিৰোধিতা কৰি অহা প্রসংগত অতি কৌশলেৰে উত্তৰ প্রদান কৰি তেওঁ কয়– ‘সাংবিধানিক অধিকাৰ সকলো জাতি–জনগোষ্ঠীৰ প্রাপ্য৷ সংবিধানে প্রদান কৰা অধিকাৰ কোনেও বাধা দি ৰাখিব নোৱাৰে আৰু যোগ্যতা নাথাকিলে সেয়া কেতিয়াও লাভ নকৰে৷ সেয়েহে ভাৰত চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে জাতি–জনগোষ্ঠীসমূহ প্রাপ্য অধিকাৰ প্রদান কৰিব লাগিব৷ কোনো জাতি–জনগোষ্ঠীৰ অসুবিধা নোহোৱাকৈ সমস্যাসমূহ সমাধান কৰিব লাগে৷’ উল্লেখ্য যে বিগত সময়ছোৱাত বি টি এ ডিত মাটি ক্রয়–বিক্রয়ৰ ক্ষেত্রত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে৷ এইক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰিব বুলি বড়োৱে কয়– ‘যোৱা ১৭ বছৰে বিটিচিত ভূমি আইন প্রণয়ন কৰিব নোৱাৰিলে৷ ৰাজহ বিভাগ বিটিচিক হস্তান্তৰ কৰা হ’ল৷ কিন্তু জিলা উপায়ুক্ত–এছ ডি অ’ আৰু ৰাজহ চক্র নথকাত মাটিৰ কাম–কাজ কৰা মানুহ নোহোৱা হ’ল৷ মাটিৰ কিনা–বেচা সম্পূর্ণৰূপে বন্ধ হৈ পৰিল৷ নতুনকৈ মাটি ক্রয় অথবা বিক্রীৰ ক্ষেত্রত পঞ্জীয়নৰ সমস্যা সৃষ্টি হ’ল৷ ৰাইজৰ বাবে এয়া এক আতংকৰ কাৰণ হৈ পৰিল৷ কিন্তু বি টি আৰ চুক্তিৰ জৰিয়তে পুনৰ উপায়ুক্তৰ ব্যৱস্থা প্রৱর্তন কৰা হ’ব আৰু এই ধৰণৰ সমস্যাসমূহৰ সমাধান হ’ব৷ লগে লগে দুর্নীতিৰো কিছু নিৰীক্ষণ হ’ব৷’