নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ ইউপিপিএলৰ; লিখিত অভিযোগ প্ৰদান

নিয়মীয়া বাৰ্তা, ২৮ জুন: চিৰাং জিলাত মন্ত্ৰী চন্দন ব্ৰহ্মই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি ইউপিপিএল দলে ৰাজ্যপাল আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগক লিখিত অভিযোগ প্ৰদান কৰিছে ।

   আজি এই কথা এখন সংবাদ মেলৰ জৰিয়তে ইউপিপিএল দলৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে জানিবলৈ দিয়ে । নেতাদ্বয়ে অভিযোগ উত্থাপন কৰি কয় যে চিদলী সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই কোভিড-১৯ৰ তদাৰক হিচাপে  জিলা খনৰ দায়িত্বত থকাৰ গইনা লৈ সম্প্ৰতি জিলা খনত বৰষুণৰ পানীয়ে খহনীয়া সৃষ্টি কৰা অঞ্চল সমূহত পৰিস্থিতিৰ বুজ লোৱাৰ চলেৰে তেওঁৰ দল বিপিএফৰ দলীয় নেতা-কৰ্মী সকলক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। ডিজিটেল আৰু নন ডিজিটেলকৰণ বাহিৰে চৰকাৰী ভাৱে নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ কোনো নিৰ্দেশনা জাৰি নকৰাৰ পাছতো চিৰাঙত নতুনকৈ  ৰেচন কাৰ্ড প্ৰদানৰ নামত ৰাজনীতি কৰা, মন্ত্ৰী ব্ৰহ্মই বিপিএফ দলৰ ১৪ নং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী আৰু অন্য এজন প্ৰাৰ্থী লগত লৈ অঞ্চল সমূহত পৰিস্থিতি অধ্যয়ন কৰা আদি কাৰ্যক নিৰ্বাচনী বিধি উলংঘা বুলি দৃঢ়তাৰে অভিযোগ উত্থাপন কৰিছে।

    ইউপিপিএলৰ উপ সভাপতি নাৰ্জাৰীয়ে মন্ত্ৰী ব্ৰহ্মই লগত জিলা উপায়ুক্ত আৰু অন্যান্য চৰকাৰী বিষয়া বৰ্গকো একে সময়তে লগত লৈ গাঁৱে-ভুঁঞে পৰিস্থিতিৰ বুজ লোৱা কাৰ্যক বিটিআৰৰ শাসনৰ মুৰব্বী ৰাজ্যপালকো অবমাননা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। ৰাজ্যপালৰ শাসন ব্যৱস্থা অব্যাহত থকা সময়তে চিৰাং জিলাত মন্ত্ৰী চন্দন ব্ৰহ্মই নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰে । আজি বিয়লি জিলা খনৰ চিদলী থানাৰ অন্তৰ্গত কাশীকোত্ৰা বজাৰস্থিত ইউপিপিএল দলৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত সংবাদ মেলত এনেবোৰ একাধিক অভিযোগ উত্থাপন কৰি ইতিমধ্যে দলৰ কেন্দ্ৰীয় সমিতিয়ে মহামান্য ৰাজ্যপাল আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগক লিখিত অভিযোগ প্ৰদান কৰিছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে । যোৱা ২৭ এপ্ৰিলত বিটিচিৰ (বিটিআৰ) শাসনভাৰ গ্ৰহন কৰাৰ পাছতে ৰাজ্যপালে বিটিচিত দুৰ্ণিতিৰ ক্ষেত্ৰত শুন্য সহনশীলতা নীতিত অটল থকাৰ বিষয়ে ঘোষণা কৰে।

   লগতে বিগত সময়চোৱাত জবকাৰ্ডৰ নামত দুৰ্ণিতি সংঘটিত হোৱা আৰু বন বিভাগত দুৰ্ণিতি, বিশেষকৈ বন ধ্বংস হোৱা বিয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়েও ঘোষণা কৰিছিল। ৰাজ্যপালে বিষয়টো উত্থাপন কৰাত ইউপিপিএল দলে বিগত সময়চোৱাত উত্থাপন কৰি অহা  বিটিএডিত দুৰ্ণিতি সংঘটিত হোৱা বিয়টো সত্য প্ৰমাণিত হৈছে বুলি ইউপিপিএলৰ উপ সভাপতি তথা ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰো প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে সংবাদ মেলত মন্তব্য কৰে। বিগত দুমাহত ৰাজ্যপালে দৰবাৰৰ জৰিয়তে বিটিএডি বাসীক অভিযোগ প্ৰদানৰো ব্যৱস্থা কৰি দিয়াত বিটিএডি বাসীৰ লগতে ইউপিপিএল দলেও ৰাজ্যপালৰ  শলাগ লয় । দলটোৱে উত্থাপন কৰা অভিযোগ সমূহৰ ওপৰত ৰাজ্যপালৰ লগতে ৰাজ্যিক নিৰ্বাচনী আয়োগে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইউপিপিএল দলে আশা প্ৰকাশ কৰিছে । আনহাতে দলটোৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে আজিৰ একেখন সংবাদ মেলতে চিৰাঙত পিএমএৱাই আঁচনি, জবকাৰ্ড আদিৰ দুৰ্ণিতিৰ উপৰিও ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন এনডিএফবি নেতা অমৰ বসুমতাৰী ওৰফে ছাওৰাইগ্ৰাৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘা কৰাৰ কেতবোৰ অভিযোগ উত্থাপন কৰিছে। বিপিএফ দলৰ মনোনীত একাংশ  ভিচিডিচিৰ অধ্যক্ষই  ২০১৬-১৭ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মান কৰা কিছু দুখীয়া হিতাধিকাৰীৰ গৃহ অৰ্ধনিৰ্মিত অৱস্থাতে অধ্যক্ষ আৰু অন্য বিষয়ববীয়া সকলে মিলি সম্পূৰ্ণ হোৱা দেখুৱাই ধন আত্মস্যাৎ কৰা, মৃত ব্যক্তিক জীৱিত বুলি দেখুৱাই জবকাৰ্ডৰ ধন আত্মস্যাৎ কৰা, হিতাধিকাৰীৰ অজ্ঞাতে জবকাৰ্ডৰ ধন আত্মস্যাৎ কৰা,এজনৰ বিপৰীতে একাধিক কাৰ্ড আদি অভিযোগ তথ্য সহকাৰে সংবাদ মেলত দাঙি ধৰে। সুভাইঝাৰৰ মৃত ব্যক্তি ক্ৰমে- ৰণসিং বসুমতাৰী (জবকাৰ্ড নং-AS-25-006-109-002/53), ২০ মাৰ্চ ২০১৯ত মৃত্যু হোৱা  আগা দৈমাৰী (কাৰ্ড নং-AS-25-006-109-002/332) আৰু ২০১৫ বৰ্ষতে মৃত্যু হোৱা নিৰন বসুমতাৰীৰ(কাৰ্ড নং-AS-25-006–109-002/231) নামত বৰ্তমানলৈ ধন আত্মস্যাৎ কৰা বুলি তথ্য সংবাদ মেলত প্ৰকাশ কৰিছে। ১৩ নং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী জনে ভোটাৰৰ মন জয় কৰিবলৈ নিবনুৱা সকলক সেনা বাহিনী, অৰ্ধসামৰিক বাহিনীৰ লগতে অসম পুলিচৰ বিভিন্ন পদত নিযুক্তি লাভৰ সুবিধা প্ৰদান কৰিব বুলি প্ৰপত্ৰ বিতৰণ কৰাৰ দৰে কাৰ্যৰ জৰিয়তে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

  উল্লিখিত আটাইবোৰ দুৰ্ণিতিৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যপালক ইউপিপিএল দলে আহ্বান জনোৱাৰ উপৰি ৰাজ্যপাল আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগক পৰিষদীয় নিৰ্বাচন বিধি উলংঘা কৰা কাৰ্যৰো বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে । আজিৰ সংবাদ মেলত ইউপিপিএলৰ কোষাধ্যক্ষ তথা চিৰাং জিলা সমিতিৰ সভাপতি  নিৰ্মল কুমাৰ ব্ৰহ্মই দলটোৰ উপ সভাপতি আৰু সাধাৰণ সম্পাদকক সংগ দিয়ে।।

You might also like