কার্বি আংলঙত সতীর্থৰ গুলীত নিহত ইউপিআৰএফৰ মুখ্য সেনাধ্যক্ষ
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ কার্বি আংলঙৰ সিংহাসন পাহাৰত আত্মগোপন কৰি সশস্ত্র তৎপৰতা অব্যাহত ৰখা কুকি সশস্ত্র বিদ্রোহী সংগঠন ইউনাইটেড পিপলছ ৰিভলুচনেৰী ফ্রণ্ট চমুকৈ ইউ পি আৰ এফৰ মাজত সৃষ্টি হোৱা আভ্যন্তৰীণ সংঘাতে চূডান্ত ৰূপ ধাৰণ কৰিছে৷
সংগঠনটোৰ নিজৰ মাজতে সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত সংগঠনটোৰে শীর্ষতম নেতা তথা ইউ পি আৰ এফৰ স্বয়ম্ভু মুখ্য সৈনাধ্যক্ষ মানগীন খলহৌ ওৰফে বীৰাপ্পানে আজি সতীর্থৰ গুলীত প্রাণ দিবলগীয়া হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷
প্রাপ্ত তথ্য অনুসৰি, পাহাৰীয়া জিলাখনৰ বোকাজান থানাৰ অন্তর্গত টকৌলাংছ’ৰ সমীপৱর্তী খেমপিবুং নামৰ অতিকে দুর্গম পাহাৰীয়া অঞ্চলত আজি সংগঠনটোৰ কেডাৰসকলৰ মাজতে প্রচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়৷ পুৱতিনিশা সংঘটিত হোৱা এই তুমুল সংঘর্ষৰ ঘটনাত ইউ পি আৰ এফৰ স্বয়ম্ভু সৈনাধ্যক্ষগৰাকীৰ সংঘর্ষস্থলীতে নিহত হোৱাৰ বাতৰি পোৱা গৈছে৷
দেওবাৰে সংঘর্ষৰ বাতৰি লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উগ্রপন্থী নেতাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি বোকাজান সমূহীয়া চিকিৎসালয়ত ভর্তি কৰাই পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্রেৰণ কৰে৷
উল্লেখ্য যে জিলাখনৰ ডিলাই থানাৰ অন্তর্গত টিয়াংনম গাঁও নিৱাসী উগ্রপন্থী নেতাগৰাকী পূর্বে উগ্রপন্থী সংগঠন ইউ কে ডি এৰ সৈতেও জডিত থকা বুলি জানিব পৰা গৈছে৷ পৰৱর্তী পর্যায়ত ইউ পি আৰ এফত যোগদান কৰা বীৰাপ্পানে বিগত বর্ষত সংগঠনটোৰ শীর্ষ নেতা মার্টিন গুইটেৰ সংঘর্ষত নিহত হোৱাৰ পাছতে আন কেডাৰসকলৰ সৈতে অস্ত্র সম্বৰণ কৰে৷
ইফালে, অস্ত্র সম্বৰণৰ জৰিয়তে মূলসুঁতিলৈ উভতি অহাৰ পাছতে পুনৰ আন কেইবাজনো কেডাৰ লগত লৈ অস্ত্রসহ আত্মগোপন কৰে৷ তেতিয়াৰে পৰা পাহাৰীয়া এলেকাটোত সশস্ত্র তৎপৰতা অব্যাহত ৰখাৰ লগতে সাংগঠনিক কাম–কাজ চলাই থকা নেতাগৰাকী সংগঠনটোৰ শীর্ষতম নেতা আছিল বুলি জানিব পৰা গৈছে৷ কিছুদিন পূর্বে দাবী কৰা ধন নিবলৈ অহা অৱস্থাত আৰক্ষীৰে সংঘর্ষত ইউ পি আৰ এফৰ দুজন কেডাৰ নিহত হোৱাৰ লগতে সংঘর্ষস্থলীৰ পৰা আৰক্ষীয়ে দুটা এ কে–৫৬ ৰাইফলো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷
ইয়াৰ মাজতে সংগঠনটোৰ মাজত সৃষ্টি হোৱা আভ্যন্তৰীণ কন্দলৰ লগতে নিজৰ মাজতে হোৱা সংঘর্ষত সংগঠনটোৰ শীর্ষতম নেতাগৰাকী নিহত হোৱা ঘটনা বিশেষ তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ অৱশ্যে কি পৰিস্থিতিত এনে এক ঘটনাৰ সূত্রপাত হ’ল, সেই সম্পর্কে কোনো তথ্য জানিব পৰা হোৱা নাই৷