নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্রেছ ত্যাগ জুৰি শর্মা বৰদলৈৰো
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ নেতৃত্বৰ বিৰুদ্ধে প্রচণ্ড ক্ষোভ উজাৰি শুকুৰবাৰে কংগ্রেছ ত্যাগ কৰিলে জুৰি শর্মা বৰদলৈয়ে৷ ডেৰশতাধিক সমর্থকক লগত লৈ কংগ্রেছ ত্যাগ কৰা কামৰূপ মহানগৰ জিলাৰ কংগ্রেছ কমিটীৰ সভানেত্রী বৰদলৈয়ে বিগত সময়ছোৱাত কংগ্রেছৰ শীর্ষ নেতৃত্বই তৃণমূল কর্মীৰ মতামতক কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷
কংগ্রেছ দলত বর্তমান আভ্যন্তৰীণ গণতন্ত্র নাই বুলি উল্লেখ কৰি নেত্রীগৰাকীয়ে কয়– ১৯৯২ চনৰ পৰা সুদীর্ঘ ২৯ বছৰ ধৰি কংগ্রেছৰ সেৱা কৰি আহিছিলোঁ৷ কিন্তু আজি কংগ্রেছ দল একপ্রকাৰ বিধ্বস্ত হৈ পৰিছে৷ কংগ্রেছ দলত আজি গৰাখহনীয়াৰ সৃষ্টি হৈছে৷ দলীয় নেতা–কর্মীয়ে দল এৰি যাবলৈ বাধ্য হৈছে৷ এজন এজনকৈ কংগ্রেছৰ দক্ষ নেতাসকল আঁতৰি গৈছে৷ বেয়া দিনত দলক নেতৃত্ব দিয়া নেতাসকল অন্য দলত যোগদান কৰিলে৷ ভুবনেশ্বৰ কলিতা, ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে দক্ষ নেতা আঁতৰি গ’ল৷ তেওঁলোকে দল ত্যাগ কৰাৰ পাছতো কোনোধৰণৰ পর্যালোচনা কৰাৰ প্রয়োজনীয়তা বোধ নকৰিলে প্রদেশ কংগ্রেছে৷ অসমৰ ৰাইজ কংগ্রেছ দলৰ পৰা আঁতৰি গৈছে৷ একে সময়তে সম্প্রতি কংগ্রেছ দল অদর্শহীন হৈ পৰিছে বুলি মন্তব্য কৰি বৰদলৈয়ে এইবুলিও কয় যে কংগ্রেছৰ ধর্মনিৰপেক্ষ আদর্শৰ প্রতি আকৃষ্ট হৈ তেওঁ দলটোত যোগদান কৰিছিল৷ মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি লোকপ্রিয় গোপীনাথ বৰদলৈলৈকে নেতাসকলৰ আদর্শই তেওঁলোকক আকৃষ্ট কৰছিল৷ কিন্তু আজি এআইইউডিএফ দলৰ দৰে সাম্প্রদায়িক দলৰ সৈতে মিত্রতা স্থাপন কৰি গোপীনাথ বৰদলৈৰ আদর্শ কংগ্রেছে মষিমূৰ কৰি পেলালে৷
বিধানসভা নির্বাচনৰ পূর্বে এআইইউডিএফৰে মিত্রতাৰ তুমূল বিৰোধিতা কৰিছিল যদিও সেয়া হাইকমাণ্ডে মানি নল’লে বুলি মন্তব্য কৰি নেত্রীগৰাকীয়ে কয়– দলটোৰে বহু নেতাই এতিয়াও ৰাহুল গান্ধীৰ নেতৃত্বক মানি ল’ব পৰা নাই৷ তাৰ পাছতো বাৰে বাৰে ৰাহুল গান্ধীক আগবঢ়াই দিয়া হৈছে৷ ৰাহুল গান্ধীয়ে কোনো দায়িত্ব ল’বলৈ আগবাঢ়ি নাহে৷ প্রতিটো সিদ্ধান্ত তেওঁৰ ওচৰলৈ লৈ যোৱা হয় যদিও তেওঁ কোনো পদক্ষেপ গ্রহণ নকৰে৷ এআইইউডিএফৰ সৈতে মিত্রতাৰ চূড়ান্ত বিৰোধিতা কৰিছিল তৃণমূল কর্মীসকলে৷ কিন্তু দলীয় নেতৃত্বই নুশুনিলে৷ বৰঞ্চ হঠাৎ একাংশ নেতাই মিত্রতাৰ কথা ঘোষণা কৰিলে৷ কংগ্রেছে সদায়েই দুমুখীয়া ৰাজনীতি কৰি আহিছে৷ নাগৰিকত্ব সংশোধনী আইনৰ ব্রহ্মপুত্র উপত্যকাত বিৰোধিতা কৰা হৈছে, কিন্তু বৰাক উপত্যকাত মানি লোৱা হৈছে৷ কংগ্রেছে সংখ্যালঘু বুলিলে কেৱল বাংলাদেশী মুছলমানৰ কথা ভাবে৷ দলটোৰ আদর্শ সম্পূর্ণৰূপে শেষ হৈ গৈছে৷ একাংশ নেতাই নিজৰ স্বার্থ ৰক্ষাৰ বাবে কংগ্রেছ দলক বিক্রী কৰিছে৷ কংগ্রেছৰ পৰা ৰাইজে এতিয়া পাবলগীয়া একো নাই৷ কোন সভাপতি হ’ব, কোন মুখ্যমন্ত্রী হ’ব তাক লৈ চর্চা কৰাতহে সকলো ব্যস্ত৷ দলটোক কিদৰে শক্তিশালী কৰা হ’ব তাক লৈ কোনো চিন্তিত নহয়৷ বাংলাদেশী মুছলমানৰ ভোটেৰে বিধায়ক হৈ অসমীয়া জাতিক শাসন কৰিব বিচৰা কংগ্রেছ দলক অসমৰ ইতিহাসে কেতিয়াও ক্ষমা নকৰে৷
ইফালে, ৰিপুণ বৰা প্রদেশ কংগ্রেছৰ সভাপতি হিচাপে ব্যর্থ বুলি উল্লেখ কৰি নেত্রীগৰাকীয়ে কয় যে সভাপতি বৰাক অসমৰ ৰাইজে কেতিয়াও আঁকোৱালি লোৱা নাছিল৷ বৰঞ্চ তেওঁ প্রতিবাৰে ভুল কৌশল গ্রহণ কৰি আহিছে৷ যাৰ বাবে চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত খোপনি হেৰুৱাইছে কংগ্রেছে৷ চাহ বাগিচা অঞ্চলৰ ৩৮খন আসনৰ এখন আসনত জয়লাভ কৰিছিল ৰূপজ্যোতি কুর্মীয়ে৷ কিন্তু তেওঁকো দলটোত ৰাখিবলৈ ব্যর্থ হ’ল৷ প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনকে ধৰি বর্তমানৰ নেতৃত্বই দলটোক নেতৃত্ব প্রদান কৰাত ব্যর্থ হৈছে৷ কেৱল অসমৰেই নহয় কেন্দ্রীয় নেতৃত্বও এইক্ষেত্রত ব্যর্থ বুলি উল্লেখ কৰি জুৰি শর্মা বৰদলৈয়ে কয় যে আগন্তুক ৫ৰ পৰা ১০ বছৰলৈ কংগ্রেছ কেতিয়াও ৰাজ্যত শাসনলৈ উভতি আহিব নোৱাৰে৷ বিটিএডি অঞ্চলত কংগ্রেছ সম্পূর্ণৰূপে ধূলিসাৎ হৈ পৰিছে৷
উল্লেখ্য যে কংগ্রেছ নেত্রীগৰাকীৰ সৈতে কামৰূপ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক নেকিব আমৰ’জ, নৱকুমাৰ ডেকা, ৱাছিম আক্রামকে ধৰি ডেৰশতাধিকে ইতিমধ্যে পদত্যাগ কৰিছে কংগ্রেছৰ পৰা৷ অৱশ্যে কংগ্রেছ ত্যাগ কৰি তেওঁ বিজেপিত যোগদান কৰিব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত জুৰি শর্মা বৰদলৈয়ে কয় যে বর্তমানলৈ তেওঁ কোনো দলত যোগদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰা নাই৷ বৰঞ্চ আগন্তুক সময়ত সমাজসেৱা কৰি যাব বুলিহে তেওঁ প্রকাশ কৰে৷