নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত অগপ-কংগ্ৰেছৰ ভেটিত কঁপনি তুলি অজাপৰ উৎপল বণিয়াৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ সমাগত অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ৮২ নং ৰহা বিধানসভা সমষ্টিতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি হৈছে। অহা ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে কংগ্ৰেছ, অগপৰ দৰে অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ প্ৰাৰ্থী উৎপল বণিয়ায়ো নিৰ্বাচনী প্ৰচাৰ চলাইছে।

মন কৰিবলগীয়া যে বিজেপি, কংগ্ৰেছৰ বিপৰীত স্থিতিত থকা অজাপই ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰত নিচেই সৰু যদিও বিৰোধী কংগ্ৰেছ, বিজেপি, অগপক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। শেহতীয়াকৈ জানিব পৰা মতে অজাপৰ ৰহা সমষ্টিৰ প্ৰাৰ্থী উৎপল বণিয়াই সমষ্টিটোৰ চুকে-কোণে সোমাই নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে।

উল্লেখ্য যে সমষ্টিটোত থকা প্ৰায় ৮৪৫৬০ জন সংখ্যালঘু ভোটাৰে এইবাৰৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব । কিন্তু মহাজোঁট বন্ধনৰ কংগ্ৰেছ-এআইইউডিএফে ৰহা সমষ্টিৰ সংখ্যালঘু ভোটাৰৰ মাজত বিশেষ প্ৰভাৱ বিস্তাৰ কৰা সম্ভাৱনা থকাৰ সময়তে অসম জাতীয় পৰিষদৰ প্ৰতিও বহু সংখ্যক সংখ্যালঘু ভোটাৰে সমৰ্থন প্ৰদান কৰা বুলি জানিব দিছে প্ৰাৰ্থী উৎপল বণিয়াই।

কালি ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত সাংবাদিকৰে হোৱা বাৰ্তালাপত অজাপৰ প্ৰাৰ্থী তথা অসমৰ কেঁচাসোণৰ গহনা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্তৰলৈ নি সমগ্ৰ ভাৰততে অসমৰ নাম উজলাই তোলা  যুৱকৰ্মী তথা দুগদুগী অসমৰ স্বত্বাধিকাৰী উৎপল বণিয়াই কয় যে নেতা হৈ নিৰ্বাচন খেলা আৰু সাধাৰণ জনতাৰ সেৱক হৈ নিৰ্বাচন খেলা লোকৰ মাজত পাৰ্থক্য আছে।

অ:জা:প যদিও নকৈ ভূমিষ্ঠ হোৱা ৰাজনৈতিক দল, এই দলটোৰ প্ৰতি সাধাৰণ ৰাইজৰ যি মৰম-চেনেহ সঁচাই উল্লেখনীয়। হিন্দু ,মুছলিম, শিখ, জৈন সকলো ধৰ্মীয় লোকৰ ঐক্য-সংহতিৰে গঠিত অজাপক অতি কম সময়ৰ ভিতৰতে অসমৰ জনগণে আঁকোৱালি লোৱাটো অসমৰ আঞ্চলিকতাবাদী শিবিৰৰ বাবে অতি শুভ বাৰ্তা বুলিও কয় ।

লগতে প্ৰাৰ্থীগৰাকীয়ে ৰহা সমষ্টিত অজাপই বহুসংখ্যক ভোট লাভ কৰিব বুলিও দাবী কৰে। জানিব পৰা মতে, সমষ্টিৰ ভিতৰুৱা তথা সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত প্ৰাৰ্থীগৰাকীয়ে দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰৰ সভাত অংশগ্ৰহণ কৰিছে।

তদুপৰি সমষ্টিৰ প্ৰতিটো পঞ্চায়ততে নিৰ্বাচনী কাৰ্যালয় আদিও মুকলি কৰিছে বুলি জানিব দিছে। যিয়ে নহওক, নকৈ ভূমিষ্ঠ হোৱা অসম জাতীয় পৰিষদৰ এনে নিৰ্বাচনী প্ৰচাৰে কংগ্ৰেছ আৰু অগপক বৃহত শ’লঠেকত পেলোৱাৰ সম্ভাৱনা আছে।

You might also like