নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীবাসীয়ে পদূলিত পাব জৈৱিক পাচলি

নিয়মীয়া বাৰ্তা, ৫ মেঃ দৰঙৰ স্বেচ্ছাসেৱী অনুষ্ঠান ছত্রই লকডাউনক আধাৰ হিচাপে লৈ আৰম্ভ কৰিছে এক অর্থনৈতিক বিপ্লৱ৷ জৈৱিক পাচলিৰ খেতিক সম্ভাৱনা হিচাপে লৈ ছত্রই এইবাৰ আৰম্ভ কৰিব গুৱাহাটী মহানগৰীত অনলাইন পাচলি যোগান৷ উল্লেখ্য যে মহানগৰীৰ বজাৰত যিবোৰ পাচলি বিক্রী হয়, সেয়া ৰাসায়নিক সাৰ প্রয়োগ কৰি উৎপাদন কৰা বাবে স্বাস্থ্যৰ বাবেও হয় হানিকাৰক৷ বিশেষকৈ গুৱাহাটীবাসীৰ বাবে হাত মেলিলেই জৈৱিক শাক–পাচলি পোৱাটো পর্বতত কাছৰ কণী বিচৰাৰ লেখীয়া৷ কিন্তু মহানগৰবাসীৰ বাবে সুখবৰ আনিছে ছত্রই৷ মহানগৰবাসীয়ে নিজৰ দুৱাৰমুখত পাব গাঁও অঞ্চলত সম্পূর্ণ জৈৱিক পদ্ধতিত সম্পন্ন কৰা বিভিন্ন শাক–পাচলি৷ ছিপাঝাৰৰ ছত্র নামৰ আর্থ–সামাজিক সংস্থাটিয়ে গ্রহণ কৰিছে এই অভিলাষী পদক্ষেপ৷

ইয়াৰ বাবে লকডাউনৰ সময়ছোৱাত ছিপাঝাৰৰ বানেইকুছি, বিহুভাঙা আৰু বৰলাখাইতীত স্থানীয় কৃষকৰ জৰিয়তে নীৰৱে আৰম্ভ কৰিছে আন এক অর্থনৈতিক বিপ্লৱ৷ উক্ত তিনিটা গ্রাম্য অঞ্চলৰ লোকক নিজৰ ঘৰতে বিভিন্ন পাচলিৰ ক্ষুদ্র ক্ষুদ্র পাম গঢ়িবৰ বাবে গ্রহণ কৰা হৈছে এক কার্যসূচী৷ নিজে খোৱাৰ পৰা দৈনিক যিখিনি ৰাহি হ’ব, সেইবোৰ দৈনিক সংগ্রহ হ’ব আৰু অর্ডাৰ অনুসৰি পেকেটিং কৰি গুৱাহাটীৰ ঘৰে ঘৰে গৈ বিতৰণ কৰিব৷ বিভিন্ন অর্থনৈতিক কার্যসূচীৰে দৰং আৰু ওদালগুৰিত অর্থনৈতিক বিপ্লৱৰ পাতনি মেলা ‘ছত্র’ৰ কার্যবাহী সঞ্চালক ননী কুমাৰ শইকীয়াই প্রকাশ কৰা মতে, পাচলিসমূহ সম্পূর্ণ জৈৱিক আৰু সতেজ হোৱাটো একমাত্র চর্ত৷ ইয়াৰ বাবে আনকি গুৱাহাটী মহানগৰীত এক বিশেষ নেটৱর্ক কৰা হৈছে৷

অনলাইন হ’লেও সকলোৰে সুবিধা হোৱাকৈ ম’বাইল নম্বৰৰ জৰিয়তে গ্রাহকে প্রয়োজনীয় পাচলিৰ অর্ডাৰ দিব পাৰিব৷ উল্লেখ্য যে গ্রামাঞ্চলত প্রত্যেক লোকৰে ক্ষুদ্র পাচলিৰ বাগান থাকে যদিও সংঘবদ্ধ নোহোৱাৰ বাবে ব্যৱসায়িক ভিত্তিত নহয়গৈ, এইক্ষেত্রত ছত্রৰ পদক্ষেপে এক নতুন বার্তা কঢ়িয়াই অনাৰ সম্ভাৱনা আছে৷ তদুপৰি পাচলি খেতিৰ সম্ভাৱনীয়তা খিলঞ্জীয়া লোকৰ চকুৰ আঁতৰতেই থকাৰ বাবে জৈৱিক কৃষিৰ প্রতিও আকর্ষিত কৰাটো অন্যতম লক্ষ্য৷

ইফালে, ছত্রই লকডাউনৰ সময়ছোৱাত সংকটৰ সন্মুখীন হোৱা ছিপাঝাৰৰ নগৰ এলেকাৰ ৬০গৰাকী একেবাৰে ক্ষুদ্র ব্যৱসায়ীক পাঁচ হাজাৰ টকাকৈ প্রদানৰ আন এক আঁচনি লৈছে৷ অৱশ্যে এই আঁচনিত মহিলা, দিব্যাংগসকলক প্রাধান্য দিছে৷ দেশৰ আগশাৰীৰ এটা বিত্তীয় সংগঠনৰ সহযোগত ৰূপায়ণ কৰিছে এই কার্যসূচী৷ আনহাতে, স্বেচ্ছাসেৱী অনুষ্ঠান ছত্রই লকডাউনৰ পৰিপ্রেক্ষিতত অসহায় হৈ পৰা মুঠ ৩,৫০০টা পৰিয়াললৈ আগবঢ়াইছে পোন্ধৰ দিনৰ খাদ্য সামগ্রী৷ দৰঙৰ ৭০খন, ওদালগুৰিৰ ১৭ আৰু বাগ্সাৰ ১খন গাঁৱক সামৰি নির্বাচন কৰা পৰিয়ালসমূহৰ প্রথম পর্যায়ত ছিপাঝাৰৰ পুখুৰীয়াত আৰম্ভ কৰাৰ পিছত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পর্যায়৷ আজি সাতঘৰীয়াত সম্পন্ন হোৱা আনুষ্ঠানিক কার্যসূচীত স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ শলাগ লয়৷

You might also like