নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু চিকিৎসা শিবিৰ

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট : মৰিগাঁও জিলাৰ বানপীড়িত ভূৰাগাঁৱত মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । আজি ভূৰাগাঁৱৰ ৰথখোলা আৰু লেঙেৰীত মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে এই স্বাস্থ্য শিবিৰ দুটা অনুষ্ঠিত কৰে। স্বাস্থ্য শিবিৰ দুটাত উপস্থিত থাকে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মা, ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়া, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক জ্যোতি দত্ত, মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° ৰিজুস্মিতা শৰ্মা ডেকাৰ লগতে কেইবাগৰাকীও সহকাৰী অধ্যাপক চিকিৎসক। আনহাতে, পশু স্বাস্থ্য শিবিৰ দুটাত এশগৰাকী পশুপালকৰ মাজত ঔষধ-পাতি আৰু কিছু খাদ্য বিনামূলীয়াকৈ বিতৰণ কৰা হয়। বানপানীৰ পাছত অঞ্চলটোত পোহনীয়া পশু-পক্ষীসমূহ সুৰক্ষিত কৰি ৰখাৰ সংকল্পৰে এই শিবিৰ অনুষ্ঠিত কৰা হয়। শিবিৰ দুটাত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

প্ৰেৰক আবুল কালাম

You might also like