নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ গোৱালপাৰাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত শিমলীতোলাত কৰ্তব্যৰত বিদ্যুৎ বিভাগৰ কেইবাজনকৈ কৰ্মচাৰীক এটা দলে বেয়াকৈ মাৰধৰ কৰাৰ লগতে তেওঁলোকৰ পৰা নগদ ধন আৰু দুটাকৈ মোবাইল কাঢ়ি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধূপধৰা বিদ্যুৎ উপ সংমণ্ডলৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনোৱা মতে নিশা ব্যাহত হৈ থকা বিদ্যুৎ যোগান পুনৰ সংযোগৰ বাবে বিভাগটোৰ কেইবাজনকৈ কৰ্মচাৰীয়ে নিশা কাম কৰি শিমলীতোলা অভিমুখে গৈ থকা অৱস্থাত একাংশ যুৱকে বিভাগীয় গাড়ীখন ৰখাই ক’ত ডকাইতি কৰিবলৈ গৈ আছা বুলি কৈ কৰ্মচাৰীকেইজনক বেয়াকৈ মাৰধৰ কৰে আৰু নগদ ধন লুটি লয়। মাৰপিটত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী লুৎফৰ ৰহমান, জাহেদুল ইছলাম, জাহানুৰ আলম আৰু ৰবিউল হুছেইন আহত হয়। আক্ৰমণকাৰী দলটিৱে তেওঁলোকৰ পৰা ৫১ হাজাৰ নগদ টকা আৰু দুটা মোবাইল ফোনো কাঢ়ি নিয়া বুলিও জানিব পৰা গৈছে। মাৰপিটৰ ঘটনাত জড়িত থকা ৰফিকুল খান, জয়দেৱ দাস, মৃদুল মেধি আৰু অমিতাভ মেধিক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে বিদ্যুৎ বিভাগে শিমলীতোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে ভূক্তভোগী সকলেও পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে। উক্ত ঘটনাত জড়িত সকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে বিদ্যুৎ বিভাগৰ বিষয়াই।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস