জোনাইত ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিলে বাঁহৰ দলং
নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ পাহাৰীয়া খৰস্ৰোতা দিখাৰী নদীৰ বাঢ়নী পানীয়ে জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰ জামুগুৰি পিএমজিএছৱাই পথৰ বাদুলা চেন্টাৰৰ কাষৰ অংশৰ বিধ্বস্ত কৰি পেলোৱাত আৰচিচি কালভাৰ্টটোৰ ওপৰত আজি অঞ্চলবাসী ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰি উলিয়াই এখন বাঁহৰ দলং।
ঠিকাদাৰী কোম্পানীয়ে অতি নিম্নমানেৰে নিৰ্মাণ সম্পূৰ্ণ কৰা আৰচিচি কালভাৰ্টটো
যোৱা জুন, জুলাই মাহত কেইবাবাৰো দিখাৰী নদীৰ বাঢ়নী পানীয়ে ছিন্ন-ভিন্ন কৰি পেলোৱাৰ ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ অধিকাংশ বানপীড়িত গাওঁ যাতায়াতত ভীষণ সমস্যাৰ সৃষ্টি হৈ আহিছিল।
১ নং, ২ নং, ৩ নং জামুগুৰি, ১ নং, ২নং উলুৱনি, লংকা, মলান, মঠাম, উলুৱনি জয়পুৰ, উলুৱনি মাজগাওঁ, বিঞ্চুপুৰ, নলাপাৰা আদি বানপীড়িত গাঁওসমূহৰ বহিঃজগতৰ সৈতে যোগাযোগ কৰা একমাত্ৰ পথটোয়েই হৈছে লক্ষীপথাৰ জামুগুৰি সংযোগী পিএমজিএছৱাই পথটো। এবছু আৰু সংযুক্ত বড়ো গণ মঞ্চৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু কেবাগৰাকী পঞ্চায়তৰ প্ৰতিনিধিও উপস্থিত থাকে শ্ৰমদান কাৰ্যসূচীত। উল্লেখ্য যে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাতিৰাম বসুমতাৰীয়ে ব্যক্তিগতভাৱে বাঁহৰ দলং নিৰ্মাণত প্ৰয়োজনীয় ধন আগবঢ়ায়।