নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলট বাকচত বন্দী ১২৪ প্রার্থীৰ ভাগ্য, কাইলৈ ভোটগণনা

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ দুই–এক উত্তেজনাপূর্ণ ঘটনাক বাদ দি সামগ্রিকভাৱে শান্তিপূর্ণ পৰিৱেশৰ মাজত বৃহস্পতিবাৰে সম্পন্ন হ’ল তিলা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন৷ পূর্বনির্ধাৰিত সময় পুৱা ৭.৩০ বজাৰ পৰা কামৰূপ (মহানগৰ)ৰ ৬টা, মৰিগাঁৱৰ ১৮টা, নগাঁৱৰ ১০ আৰু হোজাই জিলাৰ ১টা পৰিষদীয় সমষ্টিত ভোটগ্রহণ প্রক্রিয়া আৰম্ভ হয়৷ বিয়লি ৪.৩০ বজাৰ এই ৩৫টা পৰিষদীয় সমষ্টিত ভোটগ্রহণ প্রক্রিয়াৰ অন্ত পৰে৷ ইয়াৰ লগে লগে তিৱা স্বায়ত্তশাসিত পৰিষদৰ এইবাৰৰ নির্বাচনত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা মুঠ ১২৪জন প্রার্থীৰ ভাগ্য বন্দী হ’ল বেলট বাকচত৷

উল্লেখ্য যে তিৱা স্বায়ত্তশাসিত পৰিষদত মুঠ সমষ্টিৰ সংখ্যা হৈছে ৩৬টা৷ ইয়াৰে মৰিগাঁও জিলাৰ অন্তর্গত ১৪নং গোভা পৰিষদীয় সমষ্টিত কংগ্রেছ প্রার্থীজনৰ মনোনয়ন–পত্র নাকচ হোৱাত বিজেপিৰ মণিৰাম পাটৰ বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে৷ সেয়েহে কালি ৩৫টা পৰিষদীয় সমষ্টিতহে অনুষ্ঠিত হৈছে ভোটগ্রহণ৷ কামৰূপ (মহানগৰ) জিলাৰ অন্তর্গত ৬টা পৰিষদীয় সমষ্টি ক্রমে ২৬নং ডিমৰীয়া, ৩২নং ডিগাৰু, ৩৩নং ক্ষেত্রী, ৩৪নং সোণাপুৰ, ৩৫নং আমপ্রী আৰু ৩৬নং ফংআৰিত নির্বাচন অনুষ্ঠিত কৰাৰ আৰম্ভণিৰে পৰা বিৰোধিতা কৰি আহিছিল আমৰি কার্বিৰ ছয় জাতীয় সংগঠনে৷

আনকি কালি ভোটবর্জনৰো আহ্বান জনোৱা হৈছিল৷ যাৰ পৰিপ্রেক্ষিতত মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ তুলনাত কামৰূপ (মহানগৰ) জিলাত ভোটদান কিছু কম হৈছে৷ কামৰূপ (মহানগৰ) জিলা প্রশাসনৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ৬ পৰিষদীয় সমষ্টিত বিয়লি ৪.৩০ বজা পর্যন্ত ভোটদানৰ সামগ্রিক হাৰ আছিল ৪৭.১৮ শতাংশ৷ ইয়াৰ বিপৰীতে বাতৰি লিখা পৰলৈকে মৰিগাঁৱত ১৮ পৰিষদীয় সমষ্টিত প্রায় ৭৮.৭৫ শতাংশ, নগাঁৱৰ ১০ পৰিষদীয় সমষ্টিত ৭১.৯৯ শতাংশ আৰু হোজাই জিলাত ১টা পৰিষদীয় সমষ্টিত ৭৪ শতাংশ ভোটাৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে৷

তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত সামগ্রিকভাৱে ভোটদানৰ হাৰ হৈছে প্রায় ৭১ শতাংশ৷ অৱশ্যে অন্তিম সময়ত ভোটদানৰ এই হাৰ বৃদ্ধিৰ সম্ভাৱনা আছে৷ তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব অহা ১৯ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা৷ সেই দিনা ভোটগণনাৰ অন্তত স্পষ্ট হ’ব তিৱা স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা দখলেৰে কোনে মাৰিব বিজয়ৰ হাঁহি৷

You might also like