নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাচীৰ প্ৰত্ৰিকা “অংকুৰণ” উন্মোচন

নিয়মীয়া বাৰ্তা, ১জুন: লখিমপুৰ জিলাৰ নাওবৈচাৰ অগ্ৰণী চৰকাৰী শিক্ষানুষ্ঠান নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক প্ৰাচীৰ প্ৰত্ৰিকা অংকুৰন শুভ উন্মোচন কৰা হয়। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলক সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে সাহিত্য ৰচনা কৰাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ লক্ষ্যৰে প্ৰতি বছৰে প্ৰকাশ কৰি উলিওৱা প্ৰাচীৰ প্ৰত্ৰিকা অংকুৰন- ২০২২ বৰ্ষৰ সংখ্যাটি উন্মোচন কৰা হয়। প্ৰাচীৰ প্ৰত্ৰিকাখনি শুভ উন্মোচনৰ প্ৰাক মুহূৰ্ত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ বৰাই। নাওবৈচা প্ৰাথমিক শিক্ষা খণ্ডৰ বিদ্যালয়সমূহৰ সহ পৰিদৰ্শক পদ্মেশ্বৰ বৰাই প্ৰাচীৰ প্ৰত্ৰিকাখন শুভ উন্মোচন কৰি দিয়া ভাষণত প্ৰাচীৰ প্ৰত্ৰিকাই ছাত্ৰ-ছাত্ৰীৰ সাহিত্য চৰ্চা, সাহিত্য ৰচনা , মানসিক,বৌদ্ধিক বিকাশৰ লগতে সৃজনশীলতা সৃষ্টিৰ ক্ষেত্ৰত বহু সহায় কৰে। সাহিত্য সৃষ্টিৰ মূল কঠিয়াতলী এনেবোৰ প্ৰাচীৰ প্ৰত্ৰিকাই প্ৰতিভা বিকাশৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে বুলি তেওঁ মন্তব্য কৰে।

বিদ্যালয়খনৰ সহ শিক্ষয়িত্ৰী ৰশ্মিৰেখা শইকীয়াৰ তত্বাৱধানত সৰ্বাংসুন্দৰ কৈ প্ৰকাশ কৰা প্ৰাচীৰ প্ৰত্ৰিকাখনত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিভিন্ন প্ৰবন্ধ ,গল্প আৰু কবিতাৰে সমৃদ্ধ। প্ৰাচীৰ প্ৰত্ৰিকা উন্মোচনৰ অনুষ্ঠানটিত নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আধ্যক্ষা মাধুৰীমা ভূঞা উপস্থিত থাকি ছাত্ৰ -ছাত্ৰী সকলক শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে। প্ৰাচীৰ প্ৰত্ৰিকা উন্মোচনৰ সমৰণিত বিদ্যালয়খনৰ প্ৰধান শিক্ষক টিকেন্দ্ৰজিৎ বৰুৱাই নিমন্ত্ৰণ অতিথিৰ লগতে বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

You might also like