নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ ৰাজাখানাত গাৰো সম্প্ৰদায়ৰ কৃষিভিত্তিক উৎসৱ ৱান-না ৱাংগালা উদযাপন

গাৰো জনগোষ্ঠীয় নৃত্যৰে মুখৰিত জোনাই ৰাজাখানা অঞ্চল

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ গাৰো সম্প্ৰদায়ৰ লোকসকলে প্ৰত্যেক বছৰে খেতিৰ ফচল চপোৱাৰ পিছত পৰম্পৰাগতভাৱে ৱান-না ৱাংগালা উৎসৱ পালন কৰে৷ গাৰোসকলৰ পৰম্পৰাগত বিভিন্ন খেল, নৃত্য, বাদ্য যন্ত্ৰ বজোৱা প্ৰতিযোগিতা আদি হৈছে এই উৎসৱৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ ধেমাজি জিলাৰ জোনাইৰ ২ নং ৰাজখানাত উলস মালহেৰে অনুষ্ঠিত হয় গাৰো সম্প্ৰদায়ৰ পৰম্পৰাগত ২১ তম কৃষিভিত্তিক উৎসৱ “ৱান-না ৱাংগালা’ (WAN-NA WANGALA)৷

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাইৰ ৰাজাখানা গাৰো ৰাজহুৱা ভৱনৰ প্ৰাংগনত অনুষ্ঠিত ৱান-না ৱাংগালা উৎসৱত প্ৰথম দিনা পূৱা গাৰো জনগোষ্ঠীৰ লোক সকলে জাতীয় সাজপোচাক পৰিধান কৰি পৰম্পৰাত নিয়ম অনুসৰি পতকা উত্তোলন কৰে ২ নং ৰাজাখানাৰ ৱান্না ৱাংগালাৰ উৎসৱৰ সভাপতি জোতিশ চাংমায়ে৷ ইয়াৰ পিছত বছৰৰ ধান চপোৱা, ন খোৱা নিয়মসমূহ পালন কৰে গাৰো লোকসকলে ৷ দ্বিতীয় দিনা কাৰ্যসূচীৰ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাখন সভাপতি জ্যোতিশ চাংমা আৰু ৰাজাখানাৰ গাৱৰ গাওঁ বুঢ়া গহীন মাৰাকৰ যুতীয়া সভাপতিত্বত গাৰো লোকসকলৰ পৰম্পৰাগত ৱান-না ৱাংগালা নৃত্য প্ৰদৰ্শনেৰে শুভাৰম্ভনী কৰে৷

উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে কাউন্সিলৰ সবিতা ইছলাৰীয়ে কয়, প্ৰত্যেক জনগোষ্ঠীয় লোকে নিজৰ নিজৰ জনগোষ্ঠীয় সাজ পোছাক পৰিধান কৰিব লাগে কিয়নো তেতিয়াহে গাৰো, বড়ো, মিচিং বুলি সিজনে সিজনক চিনি পোৱাত সুবিধা হোৱাৰ লগতে নিজৰ কৃষ্টি সংস্কৃতি জীয়াই থাকিব বুলি কয়৷ সদৌ অসম গাৰো ইউনিয়নৰ উপদেষ্টা স্বপন মাৰাক, ৰাজাখানা গাও পঞ্চায়তৰ সভাপতি বিৰেন পেগুও বহুমূলীয়া বক্তব্য আগবঢ়ায় ৷ আজিৰ সভাত ৱাৰ্ড সদস্য জয়া লাঙাছু ৰাজাখানা ৱান- না ৱাংগালাৰ সম্পাদক নিতিশ মাৰাক, ৰঞ্জন চাংমাৰ লগতে অঞ্চলটোৰ বহু গণ্য মান্য লোক উপস্থিত থাকে৷

You might also like