ঘৰৰ মজিয়া পানী পানী ; কি হৈছে যোৰহাটত ?
নিয়মীয়া বাৰ্তা,২০ মে: ক’ভিডৰ সমান্তৰালভাৱে প্ৰকৃতিযেও দেখুৱাইছে ৰুদ্ৰ ৰূপ। ইফালে যোৰহাটত কেইদিনমানৰ পৰা হৈ আছিল নেৰানেপেৰা বৰষুণ । কিন্তু আজি পুৱাৰে পৰা এক অবাঞ্চিত দৃশ্যই যোৰহাটবাসী ৰাইজক কৰি তুলিছে আচম্বিত। পুৱা শুৱাৰ পৰা উঠি মজিয়াত ভৰি দিয়েই সকলোৱে অনুভৱ কৰে যে মজিয়াচোন পানী পানী । পানী পৰি আছে বুলি কেইবাবাৰো মজিয়া তথা টাইলচ টুকি মচাৰ পাছতো মজিয়া জেকা হৈ থকাত হঠচকিত হৈ পৰে যোৰহাটৰ লগতেই উজনিৰ জনসাধাৰণ ।
চ’চিয়েল মিডিয়াৰ পৰা সবত্ৰে আজিৰ দিনটোৰ চৰ্চাৰ বিষয় এয়া। নেৰানেপেৰা বৰষুণজাকৰ ফলত বায়ুমণ্ডলৰ আদ্ৰতা অস্বাভাৱিক ভাবে বৃদ্ধি পোৱাই হৈছে ইয়াৰ কাৰণ বুলি ব্যক্ত কৰিছে অভিজ্ঞই।তাৰোপৰি বতৰ বিজ্ঞানৰ ৰিপৰ্টৰ মতেও বৰ্তমান সময়ত থাকিব লগা আদ্ৰতাৰ পৰিমান কম হ’ব লাগে যদিও ৯০-৯৫ শতাংশলৈ বৃদ্ধি পাইছে আৰু এয়াও মুখ্য কাৰক হ’ব পাৰে ।