নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনো দলক ভয় কৰি আমি ৰাজনীতি কৰিবলৈ অহা নাইঃ প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ আমাৰ বাবে কোনো দল লক্ষ্য নহয়৷ আমাৰ বাবে লক্ষ্য সমস্যাহে৷ বিটিআৰ বা বিটিচিৰ সম–বিকাশ আৰু সম–উন্নয়ন হ’ব আমাৰ মূল লক্ষ্য৷ এই ভাষ্য ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ৷

   তামুলপুৰৰ ইউ পি পি এলৰ কার্যালয়ত বুধবাৰে অনুষ্ঠিত এখন যোগদান অনুষ্ঠানৰ পিছত সাংবাদিকৰ আগতে দলৰ সভাপতি প্রমোদ বডোৱে এই মন্তব্য আগবঢ়ায়৷ তেওঁ পুনৰ  কয়– ইউ পি পি এলত একো সমস্যা নাই৷ আমি কোনো দলক ভয় কৰি ৰাজনীতি কৰিবলৈ অহা নাই৷ আমাৰ দৃষ্টিত কোনো দল–সংগঠনৰ কথা নাই৷ আমাৰ দৃষ্টিত এটাই কথা যে বিটিআৰৰ ৩২ লাখ জনসাধাৰণৰ সম–বিকাশ, সম–উন্নয়ন হ’ব লাগিব৷ আমাৰ লক্ষ্য সমস্যাহে, কোনো দল–সংগঠন আমাৰ লক্ষ্য নহয়৷ তামুলপুৰত জনসম্পর্ক ৰক্ষাৰ বাবে অহা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৱে আদৰণি জনাই কয়– মই ড০ হিমন্ত বিশ্ব শর্মাক আদৰণি জনাইছো৷ 

  অকল ইউ পি পি এল দল হিচাপে নহয়, মই তামুলপুৰবাসীও হয়৷ লগতে এই সমষ্টিৰ পৰাই মই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছেছা৷ অসমৰ এজন নেতা, বর্তমান ভাৰতৰে নেতা হিমন্ত বিশ্ব শর্মা দলীয় কামলৈ তামুলপুৰলৈ আহিছে যদিও তামুলপুৰলৈ অহাটোত আমি ভাল পাইছেছা৷ তামুলপুৰত বহুত সমস্যা আছে৷ তেওঁক বিশেষভাৱে ধন্যবাদ জনাব লাগিব, কিয়নো ক’ৰোনা ৰোধৰ বাবে দিনে–নিশাই কাম কৰি আছে৷ তেওঁৰ তৎপৰতাতেই অসমত ক’ৰোনাত মৃত্যুৰ হাৰ বহুত কম৷ গতিকে মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীগৰাকীক্ বিশেষ ধন্যবাদ জনালোঁ৷

 উল্লেখ্য যে বুধবাৰে আনুষ্ঠানিকভাৱে ইউ পি পি এলত যোগদান কৰে সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক হিৰণ্য চৌধুৰীয়ে৷

You might also like