ধুবুৰীত ৰেষ্টুৰেণ্টৰ পৰা মাৰণাস্ত্ৰ-মেগজিন-ড্ৰাগছসহ যুৱকক কৰায়ত্ত আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ দুৰ্গাপূজাৰ আগে আগে আজি মহালয়াৰ দিনা ধুবুৰী চহৰৰ মাজমজিয়াৰ এখন ৰেষ্টুৰেন্টৰ পৰা আৰক্ষীয়ে মাৰণাস্ত্ৰ, ড্ৰাগছসহ এজন যুৱকক কৰায়ত্ত কৰাৰ এক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত আজি দিনৰ ১১.৩০ মান বজাত ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জিৰাণী শৰ্মাৰ নেতৃত্বত চহৰখনৰ হৰিসভাৰ সমীপৰ ‘‘ব্ৰু বেকছ কফি শ্বপ’’ নামৰ ৰেষ্টুৰেন্ট এখনত অতৰ্কিতে এক অভিযান চলাইছিল। সেই অভিযানত ৰেষ্টুৰেন্টখনত গ্ৰাহকৰূপে অহা এজন যুৱকৰ পৰা এটা ২২ এমএম পিষ্টলৰ লগতে দুটা এমএম, ৫৫০টা আৰ চেভেন নামৰ নিচাযুক্ত টেবলেট আৰু হেৰোইন নাম মাৰাত্মক ড্ৰাগচ এবিধ থকা বুলি সন্দেহ কৰা ৫টাকৈ সৰু টেমা উদ্ধাৰ কৰে আৰক্ষীয়ে। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী মাজেৰচৰ নামৰ এটা চৰাঞ্চলৰ বাসিন্দা বছেৰউদ্দিন খান নামৰ যুৱকজন বৰ্তমানে ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহলে জেৰা চলাই থকা বুলি প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী