নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিৰ চিমেন চাপৰিত বিকেডব্লিউএচিৰ উদ্যোগত ধেমাজি জিলা আবৌফৰ সহযোগত শিপিনী সমাৰোহ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু ধেমাজি জিলা আবৌফৰ সহযোগত আজি বিকেডব্লিউএচিৰ সচিবালয় প্ৰাঙ্গণত শিপিনীসকলৰ প্ৰত্যাহ্বান, সম্ভাৱনা আৰু স্বাৱলম্বিতা বিষয়ক এখন শিপিনী সমাৰোহ অনুষ্ঠিত কৰা হয়। বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত কৰা অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিকেডব্লিউএচিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰীয়ে।

জোনাই জিলা বড়ো সাহিত্য সভাৰ সভাপতি দিলীপ বসুমতাৰীয়ে উদ্বোধন কৰা শিপিনী সমাৰোহত আদৰণী ভাষণ আগবঢ়াই বিকেডব্লিউএচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিঅ নাৰ্জাৰীয়ে কয় – হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ যিসমূহ প্ৰত্যাহ্বান আৰু সম্ভাৱনা আছে সেইবোৰ চিনাক্ত কৰি প্ৰণালীৱদ্ধ আৰু সমন্বিত পদ্ধতিৰে থলুৱা সাজপাৰ উৎপাদনৰ ক্ষেত্ৰত শিপিনীসকলক উৎসাহিত কৰোৱাই উদ্যোগীমুখী কৰি তুলিবলৈ এনে প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি বক্তব্য আগবঢ়ায়।

শিপিনী সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় হস্ততাঁত আৰু বস্ত্ৰশিল্প জীয়াই থাকিলেহে অসমৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা পৰিব বুলি উল্লেখ কৰি এই শিল্পলৈ নতুনত্ব আনি ব্যৱসায়ভিত্তিত মনোনিৱেশ কৰিলে শিপিনীসকলে স্বাৱলম্বিতাৰ পথ বিচাৰি পাব বুলি বক্তব্য দাঙি ধৰি হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ জৰিয়তে উৎপাদিত থলুৱা কাপোৰৰ এখন নিৰ্ভৰযোগ্য বজাৰ সৃষ্টিৰ আঁৰত নতুন নতুন ডিজাইন, নতুন নতুন কোৱালিটীৰ কাপোৰ উৎপাদন কৰি ভিন্ন ৰুচিসম্পন্ন গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলৈ পৰিকল্পনা হাতত ল’ব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষণ ৰাখি সম্প্ৰতি মিচিং সম্প্ৰদায়ৰ থলুৱা বস্ত্ৰই ৰাজ্যৰ লগতে দেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বুলি কৈ এই দিশত কাৰ্বিসকলৰ ভিন্ন প্ৰকাৰৰ কাপোৰেও যথেষ্ট বজাৰ দখল কৰিছে বুলি উনুকিয়াই বড়োসকলৰ দখনা অথবা অন্যান্য থলুৱা বস্ত্ৰই ব্যৱসায়িক দিশত পিছপৰি থকাৰ কথা মন্তব্য কৰি এইক্ষেত্ৰত উদ্যোগী মানুহৰ অভাৱ হোৱা বুলি কৈ কিন্তু বড়োসকলৰ আৰনাইয়ে চাহিদা পূৰ কৰিছে যদিও সৰহভাগ আৰনাইয়ে আন আন জনগোষ্ঠীয়ে উৎপাদন কৰি আহিছে বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়।

এমএচি আৰু বিকেডব্লিউএচিয়ে যৌথ পৰিকল্পনাৰে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে বহুমুখী প্ৰকল্প প্ৰস্তুত কৰি চৰকাৰক আহ্বান জনালে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি ভাষণত ৰাইজক উদ্দেশ্যি কয়। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে পুনৰ কয় অসম চৰকাৰে শিপিনীসকলে উৎপাদিত কৰা থলুৱা বস্ত্ৰসমূহ সংগ্ৰহ কৰি ৰাখিবলৈ বস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লৈছে বুলি উল্লেখ কৰি ধেমাজি জিলাত এটা সূতাঘৰ থকা কথা কৈ সূতাঘৰ থাকিলে শিপিনীসকলে পঞ্চাশ শতাংশ ৰেহাই মূল্যত উন্নতমানৰ সূতা লাভ কৰাৰ সুবিধা আছে বুলি কয়।

অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ধেমাজিৰ কাংকান এম্পৰিয়ামৰ স্বত্বাধিকাৰী জেচিন কুম্বাং পাৱে কয়- জনজাতি মহিলাসকল সকলো ক্ষেত্ৰতে পাৰ্গত আৰু হস্ততাঁতত নিপুণতা আছে বুলি উল্লেখ কৰি বড়ো মহিলাই বজাৰত শাক-পাচলি বিক্ৰী কৰিব পাৰে যদি হস্ততাঁত আৰু বস্ত্ৰশিল্পত জড়িত হৈ স্বাৱলম্বী হ’ব নোৱাৰা কাৰণ নাই বুলি কৈ মহিলাসকলে ম’বাইলত আনৰ ফেচবুক, হোৱাটচএপ চাই ব্যস্ত থকাতকৈ ম’বাইলত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিভিন্ন ডিজাইন চাই নিজেই কৰ্মত আত্মনিয়োগ হ’বলৈ শিপিনীসকলৰ প্ৰতি আহ্বান জনাই পুৰণিকলীয়া পদ্ধতি আৰু ষ্টাইলৰ সলনি নতুনত্ব সৃষ্টিৰে গ্ৰাহকৰ ৰুচি অনুসৰি থলুৱা কাপোৰ উৎপাদনত মনোনিৱেশ কৰিবলৈ উল্লেখ কৰি তেওঁ নিজে প্ৰথমতে টকা সুদত লৈ হস্ততাঁত কিনি কাপোৰ উৎপাদনেৰে ব্যৱসায় আৰম্ভ কৰি আজিৰ তাৰিখত মাহত চল্লিশ লাখ টকালৈ অনলাইন ব্যৱসায় কৰিবলৈ সক্ষম হোৱা কথা উনুকিয়াই চৰকাৰৰ সুবিধালৈ বাট নেচাই নিজেই নিজৰ ভৰিত থিয় হ’বলৈও শিপিনীসকলৰ প্ৰতি আহ্বান জনায়। বৰ্তমান ধেমাজি কাংকান এম্পৰিয়ামত আঠাইশগৰাকী নিৱনুৱা শিপিনী আৰু ষোল্লগৰাকী যুৱতীক চিলাই মেচিনৰ কামত নিয়োজিত কৰি সংস্থাপন দিবলৈ সক্ষম হৈছে বুলি উপস্থিত ৰাইজক অৱগত কৰে জেচিন কুম্বাং পাৱে।

সমল ব্যক্তিৰ ভাষণত নৰ্থ ইষ্ট য়ুথ ফাউণ্ডেচনৰ সভাপতি ৰঞ্জন কুমাৰ বৰুৱাই কয়- সংকল্প আৰু আত্মবিশ্বাস অবিহনে কোনেও কোনো লক্ষ্যত উপনীত হ’ব নোৱাৰে বুলি উল্লেখ কৰি শিপিনীসকলে নতুন চিন্তাধাৰাৰে হস্ততাঁতত মনোনিৱেশ কৰি উন্নতমানৰ থলুৱা কাপোৰ উৎপাদন বৃদ্ধি কৰি ব্যৱসায়িক ভিত্তিত কৰ্মজীৱন আৰম্ভ কৰিলে স্বাৱলম্বীতা হোৱাৰ লগতে ৰাজ্যখনলৈ অৰ্থনৈতিক বিকাশ ঘটোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰিব বুলি ভাষনত কয় ।

অনুষ্ঠানত বিকেডব্লিউএচিৰ ইএম বিনোদ বসুমতাৰী, এমএচিৰ মলেন্দ্ৰ নাৰ্জাৰী,এবছুৰ জনসম্পৰ্কৰক্ষী সম্পাদক বডোছা ব্ৰহ্ম,ইউবিপিঅৰ উপদেষ্টা বিপিন গয়াৰী, বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নীনা কাডু, ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, সহকাৰী আয়ুক্ত ত্ৰিলীনা টাইদ,জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ ত্ৰিবেদী,ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰী প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইউবিপিঅৰ উপদেষ্টা শুক্লেশ্বৰ গয়াৰীয়ে আঁত ধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় বিকেডব্লিউএচিৰ ইএম প্ৰদীপ স্বৰ্গীয়াৰীয়ে। শিপিনী সমাৰোহত হিড়িম্বা শিল্পী সমবায় সমিতিয়ে উৎপাদন কৰি উলিওৱা বিভিন্ন ধৰণৰ থলুৱা কাপোৰ প্ৰদৰ্শন কৰে আৰু বড়ো নৃত্য আৰু বাৰেৰহণীয়া কৃষ্টি দলৰ নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
প্ৰেৰক কৰবী দলে

You might also like