নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধিঙৰ পাশৱিক ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠন নীৰৱ কিয়?

🔴 পাটাছাৰকুছি সমষ্টিত চাৰিটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ নগাঁও জিলাৰ ধিঙত সংঘটিত বলাৎকাৰৰ ঘটনা সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ আজি পাটাছাৰকুছি সমষ্টিৰ কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত নগাঁৱৰ ধিঙত কিশোৰীক ধৰ্ষণৰ ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি মন্ত্ৰী দাসে কয় যে দুৰ্ভাগ্যজনক ঘটনাটো সন্দৰ্ভত জাতীয় সংগঠনসমূহ যি ধৰণে সৰৱ হব লাগিছিল সেয়া আমি দেখা নাই। তেওঁ কয়, “কাৰোবাৰ মূৰ ফালি দিয়াৰ পৰিপ্ৰেক্ষিতত যি প্ৰতিবাদ হৈছে সেয়া আমি ভাল পাইছো৷ কিন্তু ধৰ্ষণ হ’লে একেধৰণৰ প্ৰতিবাদ দেখা নাপাওঁ কিয়? এনে ধৰণে চলি থাকিলে অসমৰ পৰিবেশ অন্যফালে গতি কৰিব।” মন্ত্ৰী দাসে উষ্মা প্ৰকাশ কৰি কয় যে বিজেপিয়ে প্ৰতিবাদ কৰিলে বহুতেই সাম্প্ৰদায়িক বুলি কয়৷ কিছুমান সৰু ঘটনাত যি ধৰণৰ প্ৰতিবাদ হয় ধৰ্ষণ হ’লে তেনে প্ৰতিবাদ দেখা নাপাওঁ বুলি মন্তব্য কৰি তেওঁ যথেষ্ট উদ্বিগ্নতাৰে কয় যে শিৱসাগৰৰ দৰে ধিঙটো প্ৰতিবাদ হব লাগে, তেতিয়াহে সংগঠনসমূহৰ শ্ৰীবৃদ্ধি হব৷ আনহাতে ৰাজ্যত শেহতীয়াকৈ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা জঘন্য ঘটনাৰ আঁৰত ৰহস্য লুকাই আছে বুলি সন্দেহ প্ৰকাশ কৰি মন্ত্ৰী দাসে কয় যে মানৱতাক সম্পুৰ্ণৰূপে ভূলুণ্ঠিত কৰা এনেকুৱা ঘটনাই প্ৰতিজন সভ্য মানুহক আঘাত কৰিছে। ধিঙৰ এই অমানৱীয় ঘটনাৰ লগতে আন ধৰ্ষণকাণ্ডসমূহৰো গৰিহণা দি এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি ক্ষোভ ব্যক্ত কৰি দোষীয়ে নিশ্চিত ৰূপত উচিত শাস্তি লাভ কৰিব বুলি আশা ব্যক্ত কৰে৷ উল্লেখ্য যে আজি পাটাছাৰকুছি সমষ্টিত কেবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰাৰ পিছতে মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে৷ আজি মন্ত্ৰীগৰাকীয়ে ১ কোটি টকা ব্যয় সাপেক্ষে পাটাছাৰকুছি সমষ্টিত নিৰ্মাণ কৰা চাৰিটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ ক্ৰমে জলখানা এচ চি চুবা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, ১৭৮নং হেলনা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ, ৮৬নং বিছানকুছি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু ২১নং টুপলাই পানবাৰী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰি কেন্দ্ৰকেইটা ৰাইজৰ নামত উৎসৰ্গা কৰা বুলি মন্তব্য কৰি স্থানীয় গঞা ৰাইজে উক্ত কেন্দ্ৰসমূহ নিজৰ সম্পত্তি হিচাপে গ্ৰহণ কৰি সুন্দৰকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াই যাব বুলি আশা ব্যক্ত কৰে৷ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সতে বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, জিলা সমাজ কল্যাণ বিষয়া জ্যোতি দাস, বজালী খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱা, জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত শালৈ, অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like