ৰঙাপৰাত জাক জাক বন্যহস্তীৰ তাণ্ডৱঃ চাহ বাগিছা ক্ষতিগ্ৰস্ত
নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ শোণিতপুৰৰ ৰঙাপৰা অঞ্চলত ধাৰাৱাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে বন্যহস্তী-মানৱৰ সংঘাত। প্ৰায় প্ৰতিদিনেই বন্যহস্তীৰ উপদ্ৰৱত অঞ্চলবাসী ৰাইজ অতীষ্ঠ হোৱা পৰিলক্ষিত হৈছে। অবাধ বনাঞ্চল ধ্বংস, বেদখল, গৰাখহনীয়াৰ ফলত বনাঞ্চলৰ সীমা সংখ্যাৰ সংকোচনৰ ফলত খাদ্য, বাসস্থানৰ অভাৱত ভোগা জাক-জাক বন্যহস্তীয়ে বনাঞ্চলৰপৰা ওলাই আহি ৰঙাপৰা বিভিন্ন ঠাইত ধাননি পথাৰ, ঘৰ-দুৱাৰ, চাহ বাগিছাৰ অনিষ্ট সাধন কৰাতো এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। ৰাইজৰ লগতে উপায়হীন হৈ পৰিছে বনবিভাগৰ লোক। বনাঞ্চলৰপৰা ওলাই আহে হাতীৰ জাকবোৰে ৰঙাপৰা বিভিন্ন চাহ বাগিছাৰ ভিতৰত অৱস্থিত ঘন গোৱাটীমালা, ডাঠ বাঁহনি, দলনী আদিত আশ্ৰয় লৈ সন্ধ্যা নামিলেই প্ৰৱেশ কৰেহি জনবসতিপূৰ্ণ অঞ্চলসমূহত।
বৰ্তমান সময়ত হাতীৰ জাকবোৰে ৰঙাপৰাৰ ঘইৰালি, তাৰাজুলি, নাহৰণী, বৰজুলি, সোণাজুলি, হাঁহচূড়া, আদাবাৰী, ফুলবাৰী, হাতীবাৰী ইত্যাদিত প্ৰৱেশ কৰি ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছে । আজি সোণাই-ৰূপাই অভয়াৰণ্যৰপৰা ওলাই অহা বন্যহস্তীৰ এটা ১২-১৫ জনীয়া বৃহৎ জাক এটাই চেঁচা চাহ বাগিছাৰ দিশৰপৰা আহি নাহৰণী চাহ বাগিছাত প্ৰৱেশ কৰি সন্ত্ৰাস চলায়। হাতীৰ বৃহৎ জাকটো হঠাতে চাহ বাগিছাৰ মাজত প্ৰৱেশ কৰাত চাহ বাগিছাৰ শ্ৰমিকসকল আতংকিত হৈ পৰে।
আনহাতে হাতীৰ জাকটোৱে চাহ বাগিছাখনৰ চাহ গছ ভাঙি অনিষ্ট সাধন কৰাত লোকচানৰ সন্মুখীন হৈ বাগিছাৰ মালিকপক্ষ। পিছত ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আমাৰীবাৰী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এটা দল উপস্থিত হৈ ফটকা ফুটাই বহু সময়ৰ পিছত হাতীৰ জাকটোক নিৰাপদ স্থানলৈ খেদি পঠিয়াবলৈ সক্ষম হয়। ভুক্তভোগী ৰাইজে মত পোষণ কৰা অনুসৰি, পূৰ্বতে বনাঞ্চলৰপৰা যিকোনো সময়তে ওলাই অহা হাতীৰ জাকবোৰে ঘোঁৰামাৰীত বৰ্তমান সময়ত পতঞ্জলি আয়ুৰ্ৱেদৰ প্লাণ্টৰ স্থানৰ আশ্ৰয় গ্ৰহণ কৰাৰ লগতে বংশবৃদ্ধি কাৰ্যও নিৰাপদে সমাপন কৰিছিল । কিন্তু, হস্তীৰ আৱাসস্থল ধ্বংস কৰি উক্ত স্থানত উদ্যোগ স্থান হোৱাত হাতীৰ জাকবোৰে অঞ্চলটোত পূৰ্বতকৈ অধিক উপদ্ৰৱ চলাবলৈ আৰম্ভ কৰিছে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অঞ্চলটোৰ ৰাইজক বন্যহস্তীৰ পৰা পৰ্যাপ্ত সুৰক্ষা প্ৰদান কৰিবলৈ স্থানীয় বনবিভাগত নাই পৰ্যাপ্ত বনকৰ্মী । সমান্তৰালভাৱে ক’ব পাৰি যে বনবিভাগত বৰ্তমান সময়ত উপলদ্ধ বনকৰ্মীৰ অধিকাংশই হয়তো অসুখীয়া অথবা বয়স্ক । ফলত ৰাইজক যিধৰণে সুৰক্ষা প্ৰদান কৰিব লাগিছিল তেনেধৰণে বনবিভাগ এইক্ষেত্ৰত অসমৰ্থ ।
input: প্ৰাঞ্জল, বালিপৰা