চিলাপথাৰত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান
নিয়মীয়া বাৰ্তা, ২০ জুন: কৰ’না ভাইৰাছৰ আতংকৰ মাজতে সক্ৰিয় হৈ পৰিছে অবৈধ বিদেশী সুৰৰ একাংশ বেপাৰী। কালি চিলাপথাৰৰ চিলাসূতিত বাহনসহ আবকাৰী বাহিনীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰা।
জানিব পৰা মতে, চিলাসূতিৰ ভবেন ভূঞা নামৰ লোকজনে এখন পঞ্জীয়নবিহীন অট’ৰে লিকাবালিৰ পৰা বিদেশী সুৰা কঢ়িয়াই নিয়া বুলি বিশেষ সূত্ৰে পোৱা তথ্যৰ ভিত্তিত আবকাৰী অধীক্ষক শুক্ৰলেশ্বৰ গোস্বামী, আবকাৰী বিষয়া দেবজ্যোতি দিহিঙীয়া,জনাৰ্দন গোস্বামীৰ নেতৃত্বত এটা বিভাগীয় দলে চিলাসূতিত খাপ পিটি ৰয়।
আশা কৰা মতেই বিয়লি প্ৰায় ৫ বজাত উক্ত পথেৰে দালি চাৰি আলিৰ সমীপৰে যুৱকজনে সুৰা কঢ়িয়াই নি থকা অৱস্থাত ৰখাবলৈ দি উদ্ধাৰ কৰে কিং ফিচাৰ-ৰেড ষ্টাৰ-নাইন ষ্টাৰ আদি বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচল ৰ মুঠ ২৫৬ বটল বিয়েৰ। সুৰা সৰবৰাহত ব্যৱহাৰ কৰা অ’টখনৰ সৈতে সৰবৰাহকাৰীক আটক কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে আবকাৰী প্ৰশাসনে।আনহাতে অবৈধ মদৰ সৰবৰাহত বৰমুৰীয়াৰ আন এজন লোকো জড়িত বুলি জানিব পৰা গৈছে।
ইপিনে যোৱা ১৬ জুনত চিলাপথাৰ পালপট্ৰীৰ মন্দিকা চাহু নামৰ লোকজনৰ ঘৰত অতৰ্কিতে অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ সৈতে জব্দ কৰে ১১৪ বটল অৰুণাচলী সুৰা আৰু বাহনৰ চালক দিলীপ প্ৰসাদক আটক কৰা হয়। কৰ’না ভাইৰাছৰ দৰে মহামাৰীয়ে সৰ্বত্ৰ আতংকৰ কাৰক হৈ পৰাৰ সময়তো বক্ৰ পথেৰে অবৈধ সুৰাৰ সৰবৰাহ আৰু প্ৰচলনৰ বেপাৰৰে মুনাফা লুটিবলৈ সমাজবিৰোধী কাৰ্য অব্যাহত ৰখাৰ ঘটনাকলৈ ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে। অবৈধ সুৰাৰ লগতে ভাং কানি খুটা আদি সকলো ৰাগীয়াল বস্তুৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ৰাইজে আবকাৰী-আৰক্ষী বিভাগৰ ওচৰত দাবী জনাইছে।