নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰসৰাজক বাদ দি অসমীয়া ভাষা–সংস্কৃতি জীয়াই নাথাকে’

নগাঁৱত সাহিত্যৰথীৰ পূর্ণাংগ মূর্তি উন্মোচন

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ ‘মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱ, বিষ্ণু ৰাভা, জ্যোতিপ্রসাদ আগৰৱালাক যেতিয়ালৈকে অসমীয়া মানুহে নাপাহৰে তেতিয়ালৈকে অসমীয়া ভাষা–সংস্কৃতি জীয়াই থাকিব৷’ –এই মন্তব্য বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীৰ৷ আজি নগাঁও জিলাৰ ইতিহাসপ্রসিদ্ধ বৰকলাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পূর্ণাংগ মূর্তি উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এনেদৰে মন্তব্য কৰে ড০ গোস্বামীয়ে৷ উল্লেখ্য যে বিশিষ্ট কবি, সাহিত্যিক, আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা, তেওঁৰ পত্নী কবিতা ৰাণী সিং আৰু যশৱন্তৰ সিঙৰ উদ্যোগত নির্মাণ হোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এই মূর্তিটো নির্মাণ কৰিছে ভাস্কর্য শিল্পী লক্ষ্যজিৎ বৰাই৷ আজি এই মূর্তিটো মুকলি কৰে বৰকলা আদর্শ লালুংগাঁৱৰ গাঁওবুঢ়া মনোৰাম ডেকাৰজাই৷ বৰকলা আদর্শ প্রাথমিক বিদ্যালয়ত এই উপলক্ষে অনুষ্ঠিত সভাত অংশগ্রহণ কৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ হিতেশ ডেকাই ভাষণ প্রসংগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক বাদ দি অসমীয়া ভাষা–সংস্কৃতি জীয়াই নাথাকে বুলি মন্তব্য কৰে৷ সভাখনত ভাষণ প্রদান কৰি শংকৰী সাহিত্যৰ গৱেষক ড০ নৰেন কলিতাই বৰকলা অঞ্চলটো বিভিন্ন জাতি–জনগোষ্ঠীৰ মিলনভূমি বুলি মন্তব্য কৰে৷ তেওঁ কয়– এই অঞ্চলৰ পৰাই উচ্চখাপৰ সংস্কৃতি বিকাশ সাধন হৈছে৷ অনুষ্ঠানটোৰ আঁত ধৰে বিশিষ্ট কবি তথা আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে তেওঁৰ পত্নী কবিতা ৰাণী সিঙে৷ অনুষ্ঠানটোত বিশিষ্ট ভাস্কর্য শিল্পী লক্ষ্যজিৎ বৰা, সমাজকর্মী ঘনকান্ত বৰা আৰু গ্রন্থ প্রকাশক বিপ্লৱ বৰুৱাক উদ্যোক্তাসকলে সম্বর্ধনা জনায়৷ অনুষ্ঠানটোত নন্দ সিং বৰকলা আৰু কবিতা ৰাণী সিং বৰকলা সম্পাদিত ‘অ’ মোৰ ওপজা ঠাই’ আৰু ‘পোহৰত তিতা মানুহ’ গ্রন্থ দুখন উন্মোচন হয়৷ তদুপৰি ড০ বসন্ত কুমাৰ গোস্বামীৰ ‘অসমীয়া ভাষাৰ সুৱাগমণি’ শীর্ষক গ্রন্থখনো উন্মোচন হয়৷

You might also like