নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰা বৰষামুখত দুই কন্যাসহ নিৰুদেশ মহিলা

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰষামুখৰ গৰখীয়া চুকত দুই কন্যাসহ এগৰাকী মহিলা নিৰুদেশ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

ঘটনা বিৱৰণ অনুসৰি চাৰি দিনে ঘৰৰ পৰা নিৰুদেশ হোৱা শুকুৰাম পায়েঙৰ পত্নী মিনাক্ষী পায়েঙে যোৱা মঙলবাৰে দুই কন্যা লগত লৈ বেংকলৈ গৈছিল। কিন্তু সন্ধিয়া সময়লৈকে ঘৰলৈ ঘূৰি নহাত অ’ত ত’ত বিচাৰ কৰি খবৰ লয় যদিও এতিয়ালৈকে সন্ধান নোপোৱাত স্বামী শুকুৰাম পায়েঙে হতাশাত ভুগিছে।

-ঘিলামৰাৰ পৰা উত্তম কুমাৰ হাজৰিকা

You might also like