লিডু আৰক্ষী চকীত জব্দ দুৰ্ধৰ্ষ কাঠমাফিয়া মোহন সোণোৱালৰ দুই কাঠভৰ্তি ট্ৰাক; ৮ জনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ যোৱা নিশা প্ৰায় ১.০০ বজাত এক গোপন সূত্ৰৰ পম খেদি লিডু আৰক্ষীয়ে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘনিষ্ঠ জনৈক চন্দন, সঞ্জীৱ, নন্দন আৰু জানসহ ৮ ব্যক্তিৰ লগতে দুখন অবৈধ কাঠভৰ্তি ট্ৰাক আৰু এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা এ এছ ২৩ বি চি ৪১১৯ আৰু পি বি ১৩ এ এল ৫৬৭৯ কাঠভৰ্তি ট্ৰাক দুখনৰ গৰাকী ক্ৰমে তিনিচুকীয়া জিলাৰ তালাপৰ মোহন সোণোৱাল আৰু পাঞ্জাৱৰ নায়ৱ সিঙৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ১২ চকীয়া উক্ত চোৰাং কাঠভৰ্তি গাড়ী দুখন জয়ৰামপুৰ অঞ্চলৰ পৰা অৰুণাচল প্ৰদেশৰ সীমা অতিক্ৰমি জাগুনেদি অসমত প্ৰৱেশ কৰিছিল।
এ এছ ২৩ এল ৭৬৬৬ নম্বৰৰ এখন বগা বৰণৰ জাইল’ গাড়ীৰে কাঠমাফিয়াই ট্ৰাক দুখন আগবঢ়াই আনিছিল। এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ উপ-সভাপতি লক্ষ্যজ্যোতি গগৈয়ে লিডু আৰক্ষীক দিয়া এজাহাৰ অনুসৰি উক্ত অবৈধ কাঠভৰ্তি গাড়ী দুখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বিজেপি নেতা তথা কুখ্যাত কাঠ মাফিয়া তালাপ নিৱাসী মোহন সোনোৱালৰ। অবৈধ ট্ৰাক দুখন জব্দ কৰাৰ বাবে লিডু আৰক্ষীক ধন্যবাদ জনাই এজাহাৰত কোৱা হৈছে যে অৰুণাচল প্ৰদেশৰ ভুৱা টি পি দেখুৱাবলৈ যত্ন কৰিলে টি পি কেইখন তন্ন তন্নকৈ পৰীক্ষা কৰা উচিৎ। গাড়ীকেইখনত থকা কাঠৰ পৰিমাণ, শ্ৰেণী আদি বন বিভাগৰ জৰিয়তে জোখ-মাপ কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। কাঠসমূহ জোখাৰ সময়ত ভিডিঅ’ ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰিব লাগে বুলিও কোৱা হৈছে। গাড়ীকেইখনে কঢ়িয়াই অনা কাঠখিনিৰ বাবত জি এছ টি প্ৰদান কৰিছে নে নাই সেয়া তদন্তৰ আওতালৈ আনিব লাগে আৰু জি এছ টি এক্টৰ অধীনত গোচৰ ৰুজু কৰিব লাগে।
গাড়ীকেইখনে অতিৰিক্ত বোজা কঢ়িয়াই আনিছে নেকি সেইয়া পৰিবহণ বিভাগৰ জৰিয়তে পৰীক্ষা কৰিব লাগে আৰু যদি অতিৰিক্ত বোজা কঢ়িওৱাৰ প্ৰমাণ পোৱা যায় তেনেহলে প্ৰিভেণ্টচন অব্ ডেমেজ টু পাবলিক প্ৰ’পাৰ্টী(ৰ’ডছ) এক্ট, ১৯৮৪ আৰু এম ভি এক্টৰ অধীনত গোচৰ ৰুজু কৰিব লাগে। তদুপৰি গাড়ীকেইখন আগবঢ়াই নিবলৈ যোৱা যুৱক দুজনৰ উপৰিও কাঠখিনিৰ প্ৰকৃত মালিক বিজেপি নেতা মোহন সোণোৱালৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিব লাগে বুলি কৈ উপৰোক্ত বিষয়কেইটা তদন্তৰ আওতালৈ আনি ভাৰতীয় দণ্ডবিধি আইন, বন সংৰক্ষণ আইন, পণ্য আৰু সেৱাকৰ আইন, পি ডি পি পি (ৰ’ডছ) আইন, যান বাহন আইনৰ যথাযোগ্য ধাৰা লগাই চোৰাং কাঠ মাফিয়া সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। উল্লেখ্য যে বিজেপি নেতা তথা কাঠ মাফিয়া মোহন সোণোৱালে কেৱল জাগুন- মাৰ্ঘেৰিটা পথেদিয়েই নহয়, অৰুণাচল প্ৰদেশৰ ডিৰাক গেট, বৰডুমচা গেট আৰু মহং- আলুবাৰী পথেদি নিতৌ পাৰ কৰাই নিয়ে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ অবৈধ কাঠ। অভিযোগ মতে কিছুদিনৰ পূৰ্বে এগৰাকী বিধায়কৰ ঘনিষ্ঠ কাঠ মাফিয়া ৰাজু মেধিক অবৈধ কাঠৰ গাড়ী, পিষ্টল আৰু নগদ আঢ়ৈলাখ টকাসহ অৰুণাচলত গ্ৰেপ্তাৰ কৰোৱা ঘটনাটোত মোহন সোণোৱালৰে হাত আছিল।