নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ বাতৰিৰ সত্যতা প্ৰমাণ; তিনিচুকীয়াৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুৰ্ধৰ্ষ কাঠ মাফিয়া মোহন সোণোৱালক

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ নিয়মীয়া বাৰ্তাৰ বাতৰিৰ সত্যতা প্ৰতিপন্ন কৰি বৃহস্পতিবাৰে তিনিচুকীয়া আৰক্ষীয়ে তালাপৰ কুখ্যাত চোৰাং কাঠৰ মাফিয়া মোহন সোনোৱালক গ্ৰেপ্তাৰ কৰিছে৷ যোৱা ২ তাৰিখে পুৱতি নিশা লিডুত চোৰাং কাঠ সহ দুখন ট্ৰাক আৰু এখন বিলাসী বাহন আৰক্ষীয়ে জব্দ কৰিছিল৷ উক্ত তিনিওখন বাহন মোহন সোনোৱালৰে আছিল৷ উল্লেখ্য যে যোৱা ২ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১.০০ বজাত এক গোপন সূত্ৰৰ পম খেদি লিডু আৰক্ষীয়ে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘনিষ্ঠ জনৈক চন্দন, সঞ্জীৱ, নন্দন আৰু জানসহ ৮ ব্যক্তিৰ লগতে দুখন অবৈধ কাঠভৰ্তি ট্ৰাক আৰু এখন বিলাসী বাহন জব্দ কৰিছিল।

উল্লেখ্য যে ১২ চকীয়া উক্ত চোৰাং কাঠভৰ্তি গাড়ী দুখন জয়ৰামপুৰ অঞ্চলৰ পৰা অৰুণাচল প্ৰদেশৰ সীমা অতিক্ৰমি জাগুনেদি অসমত প্ৰৱেশ কৰিছিল। এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ উপ-সভাপতি লক্ষ্যজ্যোতি গগৈয়ে লিডু আৰক্ষীক দিয়া এজাহাৰ অনুসৰি উক্ত অবৈধ কাঠভৰ্তি গাড়ী দুখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বিজেপি নেতা তথা কুখ্যাত কাঠ মাফিয়া তালাপ নিৱাসী মোহন সোনোৱালৰ। গাড়ীকেইখনত থকা কাঠৰ পৰিমাণ, শ্ৰেণী আদি বন বিভাগৰ জৰিয়তে জোখ-মাপ কৰোৱাৰ ব্যৱস্থা কৰিব লগতে কাঠসমূহ জোখাৰ সময়ত ভিডিঅ’ ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰিব লাগে বুলিও কোৱা হৈছিল। গাড়ীকেইখনে অতিৰিক্ত বোজা কঢ়িয়াই আনিছে নেকি সেইয়া পৰিবহণ বিভাগৰ জৰিয়তে পৰীক্ষা কৰিব লাগে আৰু যদি অতিৰিক্ত বোজা কঢ়িওৱাৰ প্ৰমাণ পোৱা যায় তেনেহলে প্ৰিভেণ্টচন অব্ ডেমেজ টু পাবলিক প্ৰ’পাৰ্টী(ৰ’ডছ) এক্ট, ১৯৮৪ আৰু এম ভি এক্টৰ অধীনত গোচৰ ৰুজু কৰিবলৈ দাবী জনোৱা হৈছিল।

তদুপৰি গাড়ীকেইখন আগবঢ়াই নিবলৈ যোৱা যুৱক দুজনৰ উপৰিও কাঠখিনিৰ প্ৰকৃত মালিক বিজেপি নেতা মোহন সোণোৱালৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিব লাগে বুলি কৈ উপৰোক্ত বিষয়কেইটা তদন্তৰ আওতালৈ আনি ভাৰতীয় দণ্ডবিধি আইন, বন সংৰক্ষণ আইন, পণ্য আৰু সেৱাকৰ আইন, পি ডি পি পি (ৰ’ডছ) আইন, যান বাহন আইনৰ যথাযোগ্য ধাৰা লগাই চোৰাং কাঠ মাফিয়া সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল। উল্লেখ্য যে বিজেপি নেতা তথা কাঠ মাফিয়া মোহন সোণোৱালে কেৱল জাগুন- মাৰ্ঘেৰিটা পথেদিয়েই নহয়, অৰুণাচল প্ৰদেশৰ ডিৰাক গেট, বৰডুমচা গেট আৰু মহং- আলুবাৰী পথেদি নিতৌ পাৰ কৰাই নিয়ে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ অবৈধ কাঠ। অভিযোগ মতে কিছুদিনৰ পূৰ্বে এগৰাকী বিধায়কৰ ঘনিষ্ঠ কাঠ মাফিয়া ৰাজু মেধিক অবৈধ কাঠৰ গাড়ী, পিষ্টল আৰু নগদ আঢ়ৈলাখ টকাসহ অৰুণাচলত গ্ৰেপ্তাৰ কৰোৱা ঘটনাটোত মোহন সোণোৱালৰে হাত আছিল। কালি পলমকৈ হ’লেও তিনিচুকীয়াৰ আৰক্ষীয়ে মোহন সোণোৱালক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

You might also like