নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীশলাত বন বিভাগৰ অভিযান; অবৈধ কাঠ ফলা মিল, কাঠ, কাঠ কঢ়িওৱা গাড়ী, ঠেলাৰ লগতে সা-সজুলি জব্দ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত গৰৈমাৰীৰ হাতীশলাত আজি দিনৰ প্ৰায় ১ বজাত অভিযান চলাই বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন সংৰক্ষক বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্ব বন বিভাগৰ এটি অভিযানকাৰী দলে অভিযান চলাই শুকুৰ আলী নামৰ লোকজনে অবৈধ ভাবে চলাই থকা এটি কাঠ ফলা মিলৰ লগতে অবৈধ কাঠ কঢ়িওৱা এখন ছোটা হাতী গাড়ী, ফলা কাঠ, এখন ঠেলাৰ লগতে কাঠ ফলা মিলৰ সা-সজুলি জব্দ কৰিবলৈ সক্ষম হয় ।

বন বিভাগৰ সূত্ৰে জানিব পৰা মতে, দক্ষিণ কামৰূপৰ হাতীশলাৰ শুকুৰ আলী নামৰ লোকজনে আজি প্ৰায় ৩ বছৰ আগৰ পৰাই উক্ত ঠাইত অবৈধ কাঠ ফলা মিলটোৰে কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল । শুকুৰ আলীয়ে উক্ত স্থানত অবৈধ কাঠৰ ব্যৱসায় চলাই থকা খবৰ পাই আজি বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন সংৰক্ষক বিষয়া লক্ষেশ্বৰ দাসে অভিযান চলাই মিলৰ লগতে গাড়ীসহ ফলা কাঠ খিনি জব্দ কৰে । অবৈধ ব্যৱসায় চলাই থকা হাতীশলাৰ শুকুৰ আলী সম্প্ৰতি পলাতক হৈ আছে । জব্দ কৰা ফলা কাঠ খিনিৰ মূল্য প্ৰায় ৪০ হেজাৰ টকা লগতে জব্দকৃত গাড়ী খনৰ নম্বৰ হল এ এছ ১৭ বি ২৬৯৫ । উল্লেখ্য যে জব্দ কৰা কাঠ ফলা মিল, ফলা কাঠ, ঠেলা আৰু মিলৰ সা-সজুলি খিনি বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়লৈ অনা বুলি জানিব পৰা গৈছে ।

You might also like