নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্মহীন হাজাৰ হাজাৰ শ্রমিকৰ খোজকাঢ়ি ঘৰমুখী যাত্রা

নিয়মীয়া বাৰ্তা, ৬ মে’ :  বিশ্বজুৰি মাৰাত্মক ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্রেক্ষিতত প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰা হৈছে ভাৰতত৷ এই ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ লক্ষ্যৰে দেশজুৰি ঘোষণা কৰা হৈছে লকডাউন৷ যোৱা ২৪ মার্চৰ মাজনিশাৰ পৰা কার্যকৰী হোৱাকৈ ঘোষণা কৰা লকডাউনত স্ব্ধ হৈ পৰিছে দেশৰ জনজীৱন৷ ইয়াৰ ব্যাপক প্রভাৱ পৰিলক্ষিত হৈছে অর্থনৈতিক–সামাজিক ক্ষেত্রৰ ওপৰত৷ দীর্ঘদিনে কাম–কাজ বন্ধ হৈ থকাৰ ফলত বন্ধ হৈ পৰিছে সৰু–বৰ বিভিন্ন উদ্যোগৰ লগতে নির্মাণ খণ্ডৰ কাম–কাজ৷ ইয়াৰ ভয়াৱহ পৰিণতি পৰিলক্ষিত হৈছে সাধাৰণ শ্রমিকৰ জীৱনত৷

লকডাউনৰ বাবে উদ্যোগ তথা নির্মাণৰ কাম বন্ধ হৈ পৰাৰ ফলত কর্মহীন হৈ পৰিছে হাজাৰ হাজাৰ শ্রমিক৷ ৰাজ্যৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যত কর্মহীন হৈ পৰিছে অসমৰ শ্রমিকসকল৷ কেৱল অসমৰেই নহয়, উত্তৰ–পূর্বাঞ্চলত দীর্ঘদিনে কাম কৰি থকা বহিঃৰাজ্যৰ বিশেষকৈ বিহাৰ, পশ্চিমবংগ আদিৰ বৃহৎসংখ্যক শ্রমিকেও হেৰুৱাইছে কর্মসংস্থাপন৷ যোৱা ৪ মে’ৰ পৰা আৰম্ভ হোৱা তৃতীয় পর্যায়ৰ লকডাউনত গ্রীন জ’ন হিচাপে চিহ্ণিত অঞ্চলসমূহত কিছু নীতি–নিয়ম শিথিল কৰা হৈছে৷ কিন্তু এই শিথিলতাৰ সময়তো উদ্যোগ তথা নির্মাণ কামত ৫০ শতাংশ বা তাতকৈ কম শ্রমিকেৰেহে কাম কৰাৰ অনুমতি প্রদান কৰিছে সংশ্লিষ্ট প্রশাসনে৷ ইয়াৰ পৰিপ্রেক্ষিততো কর্মহীন হৈছে আন একাংশ শ্রমিক৷ দীর্ঘদিনে কর্মহীন হৈ থকাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে এই শ্রমিকসকলৰ মাজত৷ তৃতীয় পর্যায়ৰ লকডাউন কিছু পৰিমাণে শিথিল কৰাৰ লগে লগে এতিয়া বিভিন্ন ৰাজ্যত আবদ্ধ হৈ পৰা শ্রমিকসকল খোজকাঢ়ি ৰাওনা হৈছে স্বগৃহলৈ৷

লকডাউন শিথিল কৰিলেও কেন্দ্রীয় চৰকাৰে ৰে’ল চলাচল আৰু আন্তঃৰাজ্যিক যাতায়াত ব্যৱস্থা সম্পূর্ণৰূপে নিষিদ্ধ কৰি ৰাখিছে৷ ফলত ঘৰলৈ উভতিব বিচৰা শ্রমিকসকলৰ বাবে খোজকঢ়াৰ বাহিৰে কোনো বিকল্প উপায় নোহোৱা হৈছে৷ ব্যক্তিগত বাহনেৰে যাতায়াতৰ কিছু পৰিমাণে অনুমতি প্রদান কৰা হৈছে যদিও দীর্ঘদিনে কর্মহীন হৈ থকা শ্রমিকসকলে নিজাববীয়াকৈ গাড়ী ভাৰা কৰি স্বগৃহলৈ ওভতাৰ বাবেও হাতত নাই ধন৷ শ্রমিকসকলৰ এই দুৰৱস্থাৰ ছবিখন শেহতীয়াকৈ স্পষ্ট হৈ পৰিছে ৰাজ্য চৰকাৰে উত্তৰ–পূর্বাঞ্চলত আবদ্ধ হৈ থকা লোকসকলৰ বাবে অসমৰ সীমান্ত মুকলি কৰি দিয়াৰ লগে লগে৷ অসম–ৰুণাচল সীমান্তৱর্তী ভালুকপুং, ৰুকছিন গেট, অসম–নাগালেণ্ড সীমান্তৰ খটখটি আৰু দিলাইগেট, অসম–মেঘালয় সীমান্তৰ যোৰাবাটত ভিৰ কৰিছে শ শ শ্রমিকে৷ মেঘালয়–নাগালেণ্ড– আদি ৰাজ্যসমূহত কয়লা খনিকে ধৰি বিভিন্ন ক্ষেত্রত কাম কৰি থকা এইসকল শ্রমিকে খোজকাঢ়িয়েই উভতিছে অসমলৈ৷ কিয়নো ৰাজ্য চৰকাৰে অসমৰ সীমা মুকলি কৰি দিলেও সংশ্লিষ্ট উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ চৰকাৰে শ্রমিকসকলক ওভতাই পঠিওৱাৰ কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

কেৱল উত্তৰ–পূর্বাঞ্চলৰ পৰা অসমলৈ ওভতাই নহয়, আন একাংশ শ্রমিক আকৌ অসমৰ পৰা উভতিছে বিহাৰ, পশ্চিমবংগ আদি স্বগৃহলৈ৷ ৰাজ্যৰ ভিন্ন প্রান্তত কর্মৰত এই শ্রমিকসকলে খোজকাঢ়িয়েই ৰাওনা হৈছে স্বগৃহলৈ৷ চাংসাৰিত নির্মীয়মাণ এইমছৰ কর্মচাৰীৰ সংখ্যা ৫০ শতাংশলৈ হ্রাস কৰাৰ ফলত পশ্চিমবংগৰ শতাধিক শ্রমিক খোজকাঢ়ি স্বগৃহ অভিমুখে ৰাওনা হৈছে৷ ৰঙিয়াত এই শ্রমিকসকলক আৰক্ষীয়ে আবদ্ধ কৰি পুনৰ সংশ্লিষ্ট ঠিকাদাৰক চমজাই দিছে৷ উত্তৰ গুৱাহাটীৰ পৰা আন একাংশ শ্রমিক ৰে’লপথেৰে পশ্চিমবংগ অভিমুখে খোজকাঢ়িয়েই ৰাওনা হৈছে বুলি জানিব পৰা গৈছে৷ সমান্তৰালভাৱে দেশৰ ভিন্ন প্রান্তত আবদ্ধ হৈ পৰা অসমৰ বহুসংখ্যক লোকেও খোজকাঢ়িয়েই স্বগৃহলৈ ৰাওনা হৈছে৷ মুঠৰ ওপৰত লকডাউনৰ প্রভাৱত শ্রমিকসকলৰ জীৱন একপ্রকাৰ দুর্বিষহ হৈ পৰিছে৷

You might also like