নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামধন দিখাৰীত টিএমপিকে, এমএমকে, টিএমএমকেৰ উদ্যোগত কৃষি কৰ্মৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ কৰ্মশালা সম্পন্ন

নিয়মীয়া বাৰ্তা ১৮ জুনঃ টিএমপিকে, এমএমকে আৰু টিএমএমকেৰ ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আজি ৰামধন মধ্য ইংৰাজী বিদ্যালয়ত কৃষি কৰ্মৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবলীকৰণ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক তথা মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে আওপুৰণি কৃষি পদ্ধতিৰ পৰিৱৰ্তে উন্নত কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰি অধিক কৃষি শস্য উৎপাদনৰ লক্ষ্যৰে উঠি অহা প্ৰজন্মক কৃষি কৰ্মত জড়িত হবলৈ আহ্বান জনায় ।

প্ৰাকৃতিক দুৰ্যোগ আৰু জনবিস্ফোৰণৰ ফলত কৃষিভূমি সংকোচন হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি একেডৰা মাটিতে সমন্বিত কৃষি কৰ্মৰ দ্বাৰা অধিক লাভান্বিত হৈ স্বাৱলম্বিতাৰ পথ বাছি লবলৈ সমল ব্যক্তিসকলে নিৱনুৱা যুৱক-যুৱতী সকলৰ উদ্দেশ্যি পৰামৰ্শ আগবঢ়ায় । ধান,শাক-পাচলি, মীন পালন, পশু পালনৰ লগতে উৎপাদিত শস্য আৰু মাছ,মাংসৰ উপৰিও কৃষি কৰ্মৰ সৈতে জড়িত উৎপাদিত খাদ্য বস্তুৰ ব্যৱসায়ৰ ক্ষেত্ৰখনতো আত্মনিয়োগ হৈ স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হব পাৰি বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়।

জোনাই জিলা টিএমপিকেৰ সম্পাদক বিধান মিলিয়ে আদৰণি ভাষন আগবঢ়োৱা অনুষ্ঠানটি সভাপতিত্ত্ব কৰে টিএমপিকে আৰু এমএমকেৰ ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ সভাপতি ক্ৰমে গুণকান্ত দলে আৰু উমাকান্ত দলেয়ে ।টিএমপিকেৰ ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ সম্পাদক শিৱশক্তি দলেয়ে উদ্দেশ্য ব্যাখ্যা বঢ়োৱা অনুষ্ঠানত জোনাই জিলা টিএমপিকেৰ সভাপতি কান্দা টায়েং, জোনাই জিলা টিএমএমকেৰ নেত্ৰী বেবী টায়ে প্ৰমুখ্যে সংগঠন কেইটাৰ কেবাজনো নেতা উপস্থিত থকা কৰ্মশালাখনত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ।

You might also like