নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত কামৰূপী লোকগীতৰ কৰ্মশালাৰ শুভাৰম্ভ

🔹 ‘কামৰূপী লোকগীত চৰ্চাৰ আগ্ৰহ পূৰ্বতকৈ অধিক ত্বৰান্বিত হৈছে’

নিয়মীয়া বাৰ্তা, ২২ জুলাই : “সম্প্ৰতি অসমত কামৰূপী লোকগীত চৰ্চাৰ আগ্ৰহ তথা প্ৰয়াস পূৰ্বতকৈ অধিক ত্বৰান্বিত হৈছে। এয়া খুবেই ভাল কথা। কিন্তু, তাৰ লগে লগে বাঢ়িব লাগিব গৱেষণাত্মক দৃষ্টিভংগী। ন ন গৱেষক আগবাঢ়ি আহিলেহে বা স্বতন্ত্ৰ ৰূপত সামগ্ৰিক বিচাৰ কৰিব পাৰিলেহে কামৰূপী লোকগীতৰ স্বকীয় বৈশিষ্ট্য আৰু মৰ্যাদা অক্ষুণ্ণ থাকিব।”- এই মন্তব্য কামৰূপী লোকগীতৰ গৱেষক তথা কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ (কালোচ), অসমৰ সমন্বয়ক টুটুল মানৱৰ। আজি পাঠশালাৰ হৰমোহন সংগীত বিদ্যালয়ত অনুষ্ঠিত তিনিদিনীয়া গ্ৰীষ্মকালীন কামৰূপী লোকগীতৰ কৰ্মশালাৰ শুভাৰম্ভণি কৰি কামৰূপী লোকগীতৰ গৱেষকগৰাকীয়ে উক্ত মন্তব্যৰ লগতে লোকগীত সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰে। বিদ্যালয়ৰ অধ্যক্ষ তথা কৰ্মশালাৰ মূল উদ্যোক্তা তপন তালুকদাৰে প্ৰয়াত হৰমোহন তালুকদাৰৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পাছত টুটুল মানৱে কৰ্মশালাৰ শুভাৰম্ভণি কৰি উদ্যোক্তাৰ আগ্ৰহ তথা প্ৰয়াসক ধন্যবাদ আৰু প্ৰশিক্ষাৰ্থীসকলক স্বাগতম তথা শুভেচ্ছা জনায়। মানৱে লগতে কয় যে এনেকুৱা আগ্ৰহ তথা প্ৰয়াসৰ ভেটিতে কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ (কালোচ), অসমে প্ৰতি বছৰে অসমৰ ভিন্ন প্ৰান্তত কামৰূপী লোকগীতৰ দিন উদযাপন, আলোচনা-চক্ৰ, প্ৰতিযোগিতা, কৰ্মশালা, বৈঠকী অনুষ্ঠানৰ আয়োজন কৰি আহিছে। সময়ে সময়ে বিতৰ্ক আৰু বিকৃতিয়ে গা কৰি উঠিলেও তথ্য-প্ৰমাণ আৰু যুক্তি-বিচাৰৰ আধাৰত সমাধান সূত্ৰ উলিওৱাত তৎপৰ হৈ আহিছে। এতিয়া এই যাত্ৰা ফলপ্ৰসূ কৰিবলৈ ন ন লোকশিল্পীৰ লগতে ন ন গৱেষক ছাত্ৰ ওলাই আহিব লাগিব। উদ্বোধকৰ কথাত সহমত প্ৰকাশ কৰে প্ৰশিক্ষক কামৰূপী লোকগীতৰ এ গ্ৰেড শিল্পী তথা কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ (কালোচ), অসমৰ সভাপতি ডম্বৰুধৰ পাঠকে। উক্ত অনুষ্ঠানত বিশিষ্ট শিল্পী তথা কলা-কুশলী কুশল দাস, কুমাৰ তপন দাস, হাৰুণ আলী, ৰূপেন দাস, নিৰঞ্জন ডেকা, মৃণাল শৰ্মা, হৰগোৱিন্দ ৰয়, দীপক ৰয়, বিৰাজ মেধি, দীপাংকৰ দত্ত প্ৰমুখ্যে বজালীৰ কেইবাজনো ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক কল্যাণ কলিতা

You might also like