নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত অসমীয়া বানান-ব্যৱহাৰিক ব্যাকৰণ শিকন শীৰ্ষক কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ : শোণিতপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত বালিপৰা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু পাটগাঁৱৰ শ্ৰীশ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি পাটগাঁৱত অসমীয়া বানান আৰু ব্যৱহাৰিক ব্যাকৰণ শিকন শীৰ্ষক এখন মনোজ্ঞ কৰ্মশালা অনুষ্ঠিত কৰা হয়। শাখা সাহিত্য সভাৰ সভাপতি হেমেন শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে কবি, লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক নৰহৰি চুতীয়া আৰু ললিত চুতীয়াই। সমল ব্যক্তিৰ ভাষণত সমল ব্যক্তিদ্বয়ে অসমীয়া ভাষাত বানানৰ নিৰ্ভুল শিকন আৰু তাৰ শুদ্ধ ব্যৱহাৰ, অসমীয়া ব্যৱহাৰিক ব্যাকৰণৰ শিকন, প্ৰয়োগ বিষয়ত গুৰুত্ব প্ৰদান কৰি শুদ্ধকৈ অসমীয়া ভাষা চৰ্চা কৰিবলৈ সকলোকে আহ্বান জনায়। একেদৰে, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাত অসমীয়াৰ সচেতনতা বৃদ্ধি, বিদ্যালয়,মহাবিদ্যালয় পৰ্যায়ত অসমীয়া ভাষাৰ বানানৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা, সন্তানক শুদ্ধ অসমীয়া ভাষাৰ কথন, প্ৰয়োগৰ শিকোৱাত অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য, শিক্ষাৰ্থীক শুদ্ধ অসমীয়া বানান শিকোৱাত শিক্ষকৰ ভূমিকা, অসমীয়া ব্যৱহাৰিক ব্যাকৰৰ সঠিক জ্ঞান অৰ্জন কৰা, অসমীয়া ব্যৱহাৰিক ব্যাকৰণৰ সঠিক ব্যৱহাৰ, ভাষাৰ শুদ্ধ ব্যৱহাৰ সৱল কৰিবলৈ অসমীয়া অভিধানৰ সৎ প্ৰয়োগ ইত্যাদি বিভিন্ন বিষয়তো কৰ্মশালাখনিত সমল ব্যক্তিসকলে প্ৰায়োগিক উদাহৰণেৰে ব্যাখ্যা কৰে। শাখাৰ সম্পাদিকা নিৰলা ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা কৰ্মশালাখনিত শাখা সাহিত্য সভাৰ অন্যান্য বিষয়ববীয়াসকল, শ্ৰী শ্ৰী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মিন্টু শইকীয়া, শিক্ষক নৃপেন ওৰাং, শিক্ষাগুৰু, শিক্ষাৰ্থীসকল উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like