নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা চিভিল হাস্পতালত বিশ্ব কিডনি দিৱস

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিশ্ব কিডনি দিৱস আজি মাৰ্ঘেৰিটা চিভিল হাস্পতালত এপল ডায়েলাইচিছ ক্লিনিকৰ সহযোগত অনুষ্ঠিত হয়। এই উপলক্ষে আজি পুৱা ১০ বজাত মাৰ্ঘেৰিটা চিভিল হাস্পতাল এপল ডায়েলাইচিছ ক্লিনিকৰ উদ্যোগত বিশ্ব কিডিন দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। এপল ডায়েলাইচিছ ক্লিনিক কেন্দ্ৰটোৰ টেকনিচিয়ান বিপুল ভূমিজে আঁ‌ত ধৰা এই অনুষ্ঠানত মাৰ্ঘেৰিটা চিভিল হাস্পতালৰ অধ্যক্ষ ডাক্তৰ কে চি দাসে মুখ্য অতিথিৰ ভাষণ দিয়াৰ লগতে জ্যেষ্ঠ আয়ুৰ্বেদক চিকিৎসক ডাঃ এছ বৰ্মন, ডাক্তৰ চিন্ময়ী ফুকন, ডাঃ এছ আলমে ভাষণ প্ৰদান কৰি শৰীৰৰ গুৰুতপূৰ্ণ অংগ কিডিনক কি দৰে সুস্থ সবল কৰি ৰাখিব পাৰি লগতে কিডিনৰ ল’ব লগা সাৱধানতাৰ সম্পৰ্কে অৱগত কৰে। উল্লেখ যে ২০২১ বৰ্ষত মাৰ্ঘেৰিটা চিভিল হাস্পতালত এপল ডায়েলাইচিছ ক্লিনিকৰ সহযোগত অসম চৰকাৰে স্থাপন কৰা এই কেন্দ্ৰত এই পৰ্য্যন্ত ১৭শৰো অধিক ৰোগীক ডাইলাইছ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে ।

প্ৰেৰকঃ মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like