সোণাপুৰত জব্দ ১৫ কোটি টকাৰ য়াবা টেবলেট : যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত অভিযান
বিশেষ বাৰ্তা, ৫ নৱেম্বৰঃ ড্রাগছ তথা নিচাযুক্ত সামগ্রীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই থকা অভিযানত এটাৰ পিছত এটাকৈ লাভ কৰিছে সফলতা৷ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত যোৱা সময়ছোৱাত চলা কেইবাটাও অভিযানত ইতিমধ্যে ধৰা পৰিছে কেইবা কোটি টকা মূল্যৰ ড্রাগছ তথা ড্রাগছ সৰবৰাহকাৰী৷ আজি পুনৰ আৰক্ষী বিষয়াজনৰ নেতৃত্বতে জব্দ হয় প্রায় ১৫ কোটি টকা মূল্যৰ য়াবা টেবলেট৷ সোণাপুৰ আৰক্ষীৰ সহযোগত এই বৃহৎ পৰিমাণৰ টেবলেট জব্দ কৰাৰ লগতে এজন লোককো গ্রেপ্তাৰ কৰা হৈছে৷ উল্লেখ্য যে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী ডি এল ৭ চি কে ৮৭৭৮ নম্বৰৰ এখন আই ২০ গাড়ী সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেটত তালাচী চলাওতেই এই টেবলেটখিনি উদ্ধাৰ হয়৷ এক গোপন সূত্রৰ পম খেদি যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত সোণাপুৰ আৰক্ষীয়ে আজি পুৱা ৮ বজাত টোলগেটত অৱস্থান কৰে৷ কিছু সময়ৰ পিছতে উক্ত টোলগেটেৰে পাৰ হৈ যাবলৈ খোজা আই ২০ গাড়ীখনক জব্দ কৰি তালাচী চলাওতেই ৬০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ হয়৷ গাড়ীখনৰ বিভিন্ন স্থানত লুকাই অনা য়াবা টেবলেটসমূহৰ বজাৰ মূল্য প্রায় ১৫ কোটি টকা হ’ব বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিছে৷ এই টেবলেটখিনি কঢ়িয়াই অনা মণিপুৰ থাওৱাল জিলাৰ আজমল খান (৩৭)ক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ এই টেবলেটখিনি গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্রান্তলৈ সৰবৰাহ কৰাৰ বাবে অনা হৈছিল বুলি আৰক্ষীৰ প্রাথমিক জেৰাতে উল্লেখ কৰিছে সৰবৰাহকাৰীজনে৷ ইফালে, গুৱাহাটীৰ গড়চুকতো যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত চলা আন এক অভিযানত জব্দ হৈছে ২০ হাজাৰ য়াবা টেবলেট৷ এখন জাইলো গাড়ীত যাত্রী হিচাপে উঠি অহা দুজন লোকক এই সন্দর্ভত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ৰাজীৱ মিঞা আৰু ৰেকিব আহমেদ নামৰ আটকাধীন লোক দুজনে এই টেবলেটসমূহ মানকাচৰলৈ নিয়াৰ চেষ্টা চলাইছিল৷ উল্লেখ্য যে গুৱাহাটীৰ মাজেৰে প্রায় প্রতিদিনে সৰবৰাহ হ’বলৈ লৈছে ড্রাগছ তথা নিচাযুক্ত সামগ্রী৷ এইক্ষেত্রত আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থসাৰথি মহন্তই চলোৱা অভিযানত জব্দ হৈছে বহু পৰিমাণৰ ড্রাগছ৷