নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক মাধ্যমত আলফাক মুকলি সমৰ্থন কৰি আটক মৰাণৰ যুৱতী

নিয়মীয়া বাৰ্তা, ১৮ জুন : সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) লৈ মুকলি সমৰ্থন কৰি আৰক্ষীৰ জালত মৰাণৰ এগৰাকী ২৩ বছৰীয়া যুৱতী বক্সিং খেলুৱৈ।
যুৱতীগৰাকী মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়াৰ কন্যা মাইনা চুতীয়া ওৰফে প্ৰণিতা। কালি চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা অহা আৰক্ষীয়ে মৰাণহাট আৰক্ষীৰ সহযোগত আতক কৰে মাইনাক।

উল্লেখ্য যে যোৱা কিছুদিনৰ পূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰিত সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকৰ কমেণ্টত মাইনা চুতীয়াই “আলফাৰ লিংক পালে মইও যাম, আই লভ আলফা ?” বুলি লিখিছিল। তাৰভিত্তিত যোৱাকালি চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে মৰাণহাট আৰক্ষীথানাত case no- 36/22, u/s- 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 গোচৰ ৰুজু কৰি আটক কৰে মাইনা চুতীয়াক। সম্প্ৰতি মাইনা চুতীয়াক সোধা – পোচা কৰি তদন্ত আৰম্ভ কৰিছে।

প্ৰতিবেদকঃ অজিত চুতীয়া/মৰাণ

You might also like