দুলীয়াজানত যুৱ কংগ্ৰেছৰ সদ্ভাৱনা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : দুলীয়াজান সমষ্টিৰ যুৱ কংগ্ৰেছ আৰু NSUI-ৰ উদ্যোগত প্ৰয়াত প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ ৭৬ সংখ্যক জন্ম জয়ন্তী উপলক্ষে “সদ্ভাৱনা দিৱস” উদযাপন কৰা হয় । এই দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ নিৰ্দিষ্ট কাৰ্য্যসম্পাদন কৰে যুৱ কংগ্ৰেছীসকলে ।
চহৰখনৰ মাজমজিয়াত থকা ডিভাইডাৰ সমূহ আৰু বিভিন্ন স্থানত প্ৰদূষণমুক্ত আৰু শুভাবৰ্ধনৰ হকে বৃক্ষৰোপণৰ লগতে গছ পুলি বিতৰণ কৰা হয় । সমান্তৰালভাৱে দুলীয়াজানৰ ক’ভিড-১৯ কন্টেইনমেন্ট জ’ন সমূহত চেনিটাইজ কৰা হয়। উক্ত কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্য ধ্ৰুৱজ্যোতি গগৈ।
আনহাতে দুলীয়াজান সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি মনোজ কুমাৰ ভৰালী, উপ সভাপতি লালিত্য মোহন হাজাৰী, সাধাৰণ সম্পাদক বিজয় বৰগোহাঁই, দেৱজিৎ বৰগোহাঁই, বিকি দুম, দলীয়াজান মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি ৰিচাৰ্ড ফাৰ্ণাণ্ডেজ, মুখপাত্ৰ ত্ৰিদীপ গগৈ, সম্পাদক হৃদয় বৰগোহাঁই, টিপলিং মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি নয়নজ্যোতি বৰঠাকুৰ, দুলীয়াজান NSUI’ ৰ সভাপতি দিব্য ৰঞ্জন বৰুৱা, সম্পাদক ইম্পল শইকীয়াৰ লগতে অৰ্ধ শতাধিক যুৱ কৰ্মী উপস্হিত হৈ EIA খচৰাখনৰ বিৰোধিতা জনাই ।