নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদ যুৱ-ছাত্ৰৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ যুৱ-ছাত্ৰৰ । মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ সংগঠনটোৰ ।

নিয়মীয়া বাৰ্তা, আমগুৰি, ১১ নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যাগত সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰা হয় । যুৱ ছাত্ৰৰ বহু সংখ্যক কৰ্মীৰ উপস্থিতিত চামগুৰি তিনিআলিত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ নিয়ন্ত্ৰণৰ বাবে সংগঠনটোৱে চৰকাৰক দাবী জনায় ।