জ্যোতিদাসৰ ৰন্ধন কলা
- হোমেন বৰগোহাঞি
Without hesitation I can tell you this book is unique : the best of its kind and one that will be difficult to match for years to come. – ভিক্টৰ বেনার্জী
কেইবাবছৰৰ আগৰ কথা৷ কিবা এখন সভাত যোগ দিবলৈ নগাঁৱলৈ যাওঁতে অৰিন্দম বৰকটকীয়ে কথা প্রসংগত মোক ক’লে– ‘ছাৰ, অসমীয়া ভাষাত ৰন্ধন সাহিত্য আপুনিয়েই প্রথম আৰম্ভ কৰিলে৷’ অৰিন্দমৰ কথাটো শুনি মোৰ খুব ভাল লাগিল৷ অসমীয়া ভাষাত ৰন্ধন প্রণালীৰ কিতাপ কেইবাখনো আছে যদিও সেইবোৰ কেৱল ৰন্ধন প্রণালীৰ কিতাপ হৈয়ে আছে৷ সি সাহিত্যৰ পর্যায়লৈ উন্নত হোৱা নাই৷ অৰিন্দমৰ স্বীকৃতিয়ে এই কথাকেই প্রমাণ কৰিলে৷ অৱশ্যে মই নিজে ৰন্ধন সাহিত্য লিখি অসমীয়া ভাষাত সাহিত্যৰ এই নতুন শাখাটো আৰম্ভণি কৰা নাই৷ তাৰ সকলো কৃতিত্ব সেইসকল লেখকৰ প্রাপ্য, যিসকল লেখকে মোৰ উচটনিত ৰন্ধন প্রণালীবোৰো ৰস লগাই লিখি তাক সাহিত্য–পদ–বাচ্য কৰি তুলিছে৷ ৰন্ধন প্রণালীৰ এনেকুৱা প্রথমখন কিতাপ লিখিছিল অসমৰ এক নম্বৰ ভোজনবিলাসী ডাঃ মুক্তিপ্রসাদ গগৈয়ে ৷
১৯৯০ চনৰ কথা৷ তেতিয়া মই স্বর্গীয় হিতেশ্বৰ শইকীয়াই প্রকাশ কৰা ‘সূত্রধাৰ’ নামৰ এখন পষেকীয়া আলোচনীৰ সম্পাদক৷ এদিন আঘোণ মাহৰ এটা আগবেলাত ডাক্তৰ মুক্তি প্রসাদ গগৈ মোৰ ঘৰলৈ আহিছিল৷ সেই সময়ত আমি দুয়োজনে পৰস্পৰৰ ঘৰলৈ অহা–যোৱা কৰিছিলোঁ আৰু পান–ভোজনৰ আনন্দত মতলীয়া হৈছিলোঁ৷ ওপৰত যিটো দিনৰ কথা কৈছোঁ, সেই দিনা ডাক্তৰ গগৈয়ে তেওঁৰ ঘৰত কেইদিনমান আলহী হিচাপে থকা স্কটলেণ্ডৰ এজন মানুহৰ কথা উলিয়ালে৷ ডাক্তৰ গগৈয়ে স্কটলেণ্ডৰ এডিনবৰা মেডিকেল কলেজত উচ্চ শিক্ষাৰ কাৰণে অধ্যয়ন কৰিছিল৷ যিহেতু আমি দুজনৰ মাজত পান–ভোজনৰ কথাই বেছিকৈ ওলায়, সেই কাৰণে ডাক্তৰ গগৈয়ে তেওঁৰ বিদেশী অতিথিক কি কি অসমীয়া খাদ্যৰে আপ্যায়িত কৰিছে সেই কথা ৰস লগাই ক’বলৈ ধৰিলে৷ তেওঁ ৰন্ধা বিবিধ খাদ্যৰ বর্ণনা শুনি শুনি এসময়ত মোৰ জিভাৰ পানী ওলাবলৈ ধৰিলে৷ এবাৰ মোৰ মুখৰ পৰা স্বতঃস্ফূর্তভাৱে ওলাই আহিল– ‘স্বর্গ যদি আছে, তেন্তে এইখনেই সেই স্বর্গ৷’ মোৰ কথা শুনি ডাঃ গগৈয়ে চকু টেলেকা কৰি কেইমুহূর্তমান নীৰৱে মোৰ চকুলৈ চাই থাকিল৷ অৱশেষত নীৰৱতা ভংগ কৰি তেওঁ ক’লে– ‘কি আচৰিত কথা, মোৰ স্কটিছ বন্ধুজনে মই ৰন্ধা বিবিধ প্রকাৰৰ আহাৰ খাই কি কৈছিল জানে? তেওঁ কৈছিল, স্বর্গ যদি আছে তেন্তে এইখনেই সেই স্বর্গ ৷’
মই ডাক্তৰ গগৈক অনুৰোধ কৰিলোঁ যে তেওঁ তেওঁৰ বিদেশী বন্ধুক খুওৱা সুখাদ্যৰ বর্ণনা কৰি আৰু লগতে তেওঁ নিজে ৰন্ধা বা আনৰ ঘৰত খাই পোৱা সুখাদ্যৰ বর্ণনা কৰি সূত্রধাৰত এলানি প্রবন্ধ লিখিব লাগে৷ প্রবন্ধমালাৰ নামটো ময়েই দিলোঁ– ‘ভোজন বিলাস’৷ ‘সূত্রধাৰ’ত ধাৰাবাহিকভাৱে প্রকাশ হোৱাৰ পিছত সেই প্রবন্ধমালা কিতাপৰ আকাৰতো প্রকাশ পালে– ‘পান–ভোজন’ ৷ মোৰ মতে অসমীয়া ভাষাত সেইখনেই প্রথম সাহিত্য–পদ–বাচ্য ৰন্ধন কলাৰ কিতাপ ৷
১৯৮১ চনৰ পৰা ১৯৯১ চনলৈকে মই কলকাতাৰ পৰা প্রকাশিত ‘আজকাল’ নামৰ দৈনিক বাংলা বাতৰি কাকতত জ্যেষ্ঠ সাংবাদিক হিচাপে কাম কৰিছিলোঁ৷ কাকতখনৰ সম্পাদক আছিল মেগাছেছে বঁটা বিজয়ী বাঙালী সাংবাদিক আৰু সাহিত্যিক গৌৰ কিশোৰ ঘোষ৷ তেওঁ মোক নিযুক্ত কৰিছিল সমগ্র উত্তৰ–পূর্বাঞ্চলত ‘আজকাল’ৰ বিশেষ প্রতিনিধি হিচাপে৷ সেই সময়ত উত্তৰ–পূর্বাঞ্চলৰ প্রায় আটাইকেইখন ৰাজ্যত কম–বেছি পৰিমাণে বিচ্ছিন্নতাবাদী বিদ্রোহৰ জুই জ্বলি আছিল৷ সংবাদ–সংগ্রহৰ তাড়নাত মই বছৰত বাৰম্বাৰ আটাইকেইখন পাহাৰী ৰাজ্যত ভ্রমণ কৰিব লগা হৈছিল৷ তাৰ ফলতেই মই উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ থলুৱা খাদ্য আৰু পানীয়ৰ জুতি ল’বলৈ সুযোগ পাইছিলোঁ৷ মই দাবী কৰিব খোজোঁ যে মই উত্তৰ–পূর্বাঞ্চলৰ যিমানবোৰ বিচিত্র জনজাতীয় খাদ্য আৰু পানীয়ৰ জুতি ল’বলৈ সুযোগ পাইছোঁ, সিমানবোৰ সুযোগ আন কোনো অসমীয়াই পোৱা নাই৷ মোৰ ভোজনৰ অভিজ্ঞতাৰ পৰা আনকি নগাসকলৰ প্রিয় কুকুৰৰ মাংসও বাদ পৰা নাই৷ মই য’ত যি জনজাতীয় খাদ্য আৰু পানীয় খাইছিলোঁ সেই গোটেইবোৰৰ বর্ণনা মই মোৰ দ্বাৰা সম্পাদিত বাতৰি কাকত আৰু আলোচনীত লিখিছিলোঁ৷ ব্রহ্মপুত্রৰ প্রথমখন ওপঙা ৰেষ্টুৰেণ্ট ‘আলফ্রেস্ক’ৰ মালিক আৰু মোৰ বন্ধুপুত্র হেমন্ত দলেই এবাৰ মোক কৈছিল যে উত্তৰ–পূর্বাঞ্চলৰ জনজাতীয় খাদ্য ময়েই প্রথম জনপ্রিয় কৰি তুলিছিলোঁ ৷
ইমান পৰে মই নিজৰ ঢ়োল নিজেই কোবালোঁ৷ ওপৰত লিখা গোটেইবোৰ কথা মোৰ মনলৈ আহিছে অসমীয়া ৰন্ধন–পটিয়সী জ্যোতি দাসে লিখা Essence of North East’ òামৰ কিতাপখন পঢ়ি৷ মই নিজৰ ঢ়োল কোবাই মোৰ ৰন্ধন সাহিত্যৰ বিষয়ে যিখিনি কথা লিখিলোঁ, সেইখিনিক অভিহিত কৰিব পাৰি এটা সাধাৰণ পদ্য বা প্রবন্ধ হিচাপে৷ তাৰ তুলনাত জ্যোতি দাসৰ কিতাপখন এখন মনুমেণ্টেল খণ্ড কাব্য৷ ৰন্ধন কলাৰ অসমীয়া লেখকসকলৰ ভিতৰত জ্যোতি দাসক এক নম্বৰত স্থান দিব পাৰি৷ তেওঁৰ ৰন্ধন কলাৰ কিতাপবোৰৰ লগত মই খুব ভালকৈয়ে পৰিচিত৷ আনকি মই তেওঁৰ এখন কিতাপৰ পাতনিও লিখিছোঁ আৰু তেওঁক এবাৰ মোৰ টিভি অনুষ্ঠান ‘কথা–বার্তা’লৈকো আনিছোঁ৷ যিটো মৌলিক বৈশিষ্ট্যই জ্যোতি দাসৰ ৰন্ধন কলাৰ কিতাপবোৰক এনেধৰণৰ আনবোৰ কিতাপৰ পৰা স্বতন্ত্র ৰূপত চিহ্ণিত কৰিছে সেইটো হ’ল তেওঁৰ বিষয়বস্তুৰ উপস্থাপনৰ বিশেষ ষ্টাইল৷ তেওঁৰ ৰন্ধন প্রণালীবোৰ শুকান তথ্যৰ সমষ্টি নহয়৷ উত্তৰ–পূর্বাঞ্চলৰ যিবোৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ পৰা তেওঁ এই বিচিত্র ৰন্ধন প্রণালী আৰু ৰন্ধনৰ উপকৰণ সংগ্রহ কৰিছে সেইবোৰ মানুহৰ পৰিচয় দি আৰু তেওঁলোকৰ লগত হোৱা কথা–বার্তাৰ উল্লেখ কৰি তেওঁ ৰন্ধন কলাৰ কিতাপখনক প্রতিজন পাঠকৰে এটা জীৱন্ত অভিজ্ঞতাত পৰিণত কৰিছে৷ জীৱৰ প্রাণ ৰক্ষা হ’ল খাদ্যৰ মৌলিক প্রয়োজন৷ কিন্তু যুগ যুগ ধৰি হৈ থকা সভ্যতা আৰু সংস্কৃতিৰ বিৱর্তনৰ লগে লগে ৰন্ধন প্রণালীৰো বিৱর্তন হৈ হৈ আজি সি পৰিণত হৈছে এটা অতি উচ্চ শিল্প কলাত৷ বিশ্বৰ বিভিন্ন জনগোষ্ঠীৰ বিচিত্র ৰন্ধন প্রণালীৰ মাজত বিধৃত হৈ আছে সেইবোৰ জনগোষ্ঠীৰ সংস্কৃতিৰ একোটা গুৰুত্বপূর্ণ দিশ৷ একোটা জনগোষ্ঠীৰ সংস্কৃতিয়ে সেই জনগোষ্ঠীৰ ৰন্ধন কলাকো সামৰি লয়৷ সৌ সিদিনালৈকে যিবোৰ ৰন্ধন প্রণালী সেইবোৰ জনগোষ্ঠীৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত আবদ্ধ হৈ আছিল, বিশ্বায়নৰ কল্যাণত সেই গোটেইবোৰ ৰন্ধন কলা সমগ্র বিশ্বতে বিয়পি পৰিছে৷ জ্যোতি দাসে ইংৰাজী ভাষাত লিখা আৰু ational Book Trust-Û প্রকাশ কৰা এই কিতাপখনে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ অনুপম ৰন্ধন কলা আৰু ৰন্ধনৰ বিচিত্র থলুৱা উপকৰণবোৰৰ লগত বিশ্ববাসীক পৰিচয় কৰাই দিব৷ কিতাপখনৰ পাতনি লিখা বিখ্যাত অভিনেতা ভিক্টৰ বেনার্জীয়ে কোৱা এটা কথা একেবাৰে সঁচা যে his book, I guarantee, will become every gastronome’s ready-recknoner Bible of North East India’s ethnic cuisins.