নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীয়ে উৎপাদন কৰা শাক-পাচলিৰে মধ্যাহ্ন ভোজন কৰা বিদ্যালয়খন

নগৰীয়া জীৱনৰ যান্ত্ৰিকতাৰ পৰা বহু নিলগত অৱস্থিত এখন গাঁও । গাঁওখনৰ চৌদিশে কেৱল সেউজীয়া । নাগালেণ্ডৰ পূর্বাঞ্চল হিমালয় অঞ্চলৰ ভিচৱেমা নামৰ প্রায় সাত হাজাৰ পাঁচশ লোকে বসবাস কৰা এই গাঁওখন মৃৎশিল্প আৰু মনোৰম সৌন্দর্যৰ বাবে সমগ্ৰ উত্তৰ-পূর্বাঞ্চলতে প্ৰসিদ্ধ। ইয়াৰ লগতে গাঁওখনত থকা এখন বিদ্যালয়ে শেহতীয়াকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

এই বিশেষ অঞ্চলটোত পাহাৰৰ টিলাৰ এঢলীয়া মাটিত সকলোধৰণৰ কৃষিকৰ্ম ঝুম খেতিৰ মাধ্যমেৰে কৰা হয় । বিগত কিছুবৰ্ষৰ পৰা এই অঞ্চলটোৰ ‘কে খেল গৱমেণ্ট মিডল স্কুলে’ জৈৱিক কৃষিৰ ক্ষেত্ৰত মনোনিবেশ কৰিছে । এই বিদ্যালয়খনৰ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জৈৱিক কৃষিক নিজৰ পাঠ্যক্ৰমৰ অভিন্ন অংগ ৰূপে মানি লৈছে ।

প্রধান শিক্ষয়ত্ৰী কেনেছেনু ভিটছু

প্রধান শিক্ষয়ত্ৰী কেনেছেনু ভিটছুৰ পৰিচালনাত, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষার্থীসকলে স্কুল প্রাংগণত শাক-পাচলি আৰু বিভিন্ন ঔষধি উদ্ভিদৰ খেতি কৰিছে । ইয়াৰ ভিতৰত বীন, বন্ধাকবি, কোমোৰা, স্কোৱাছ, ডালিম আৰু নেমু অন্যতম । ইয়াৰোপৰি গোম-ধান, নগা দালিৰ লগতে শিক্ষাৰ্থীসকলে এই কম ঠাইতে সৰিয়হৰ খেতিও কৰিছে । মন কৰিবলগীয়া কথাটো হ’ল যে স্কুলখনৰ এনে কম ঠাইতে উৎপাদিত হোৱা সামগ্ৰীখিনি ছাত্ৰ-ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ বাবে ব্যৱহাৰ কৰা হয় । লগতে অতিৰিক্ত উৎপাদিত শাক-পাচলিখিনি বিক্ৰী কৰি পোৱা টকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ লঘু আহাৰ কিনা হয় ।

ইপিনে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী কেনেছেনু ভিটছুৱে জনোৱা মতে বিদ্যালয়খনত জৈৱিক কৃষিৰ ওপৰত কৃষিকৰ্ম কৰাৰ কথা ২০১১ চনতে আৰম্ভ হৈছিল । লগতে কৃষিৰ ওপৰত প্ৰয়োগ হোৱা বিভিন্ন কৌশল আৰু ইয়াৰ ওপৰত ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাই জ্ঞান বৃদ্ধিৰ বাবে তেওঁলোকে বিদ্যালয়খনত জৈৱিক কৃষি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ শিক্ষকসকলৰ নিৰ্দেশ মৰ্মে প্ৰথমে এটুকুৰা মাটি বাচনি কৰি তাত চাফা কৰি লৈছিল । ইয়াৰ পাছত তেওঁলোকৰ ঘৰত পেলনীয়া জৈৱিক সামগ্ৰীসমূহ সংগ্ৰহ কৰি পচন সাৰ ৰূপে মাটিখিনিত প্ৰয়োগ কৰিছিল । লগতে এই বাচনিকৃত মাটিখিনি বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা কৰিবলৈ বাঁহেৰে বেৰি লৈছিল । আৰু ইয়াৰ পাছতে তাত জৈৱিক বীজ লগাই চোৱাচিতা কৰিছিল । স্মতব্য যে ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মীয়া ক্লাছৰ অন্তত তেওঁলোকে সেই বাগিছাখনলৈ গৈ শাক-পাচলিসমূহত পানী দিয়াৰ লগতে সম্পূৰ্ণভাৱে নিৰীক্ষণ কৰে ।

এই জৈৱিক কৃষিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে যে কেৱল খেতি কৰাৰ ওপৰত জ্ঞান লাভ কৰে তেনে নহয়, বৰঞ্চ আমাৰ পৰিবেশটো সংৰক্ষণৰ মহত্বক ভালদৰে বুজি উঠিছে বুলিও প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে জনায় ।

প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে লগতে জনায় যে ছাত্ৰ-ছাত্ৰীসকলে কৰা এই জৈৱিক কৃষিৰ বাৰ্ষিক উৎপাদন প্ৰায় ৩০০ কিলোগ্ৰামতকৈও অধিক হয় ।

ইফালে ছাত্ৰ-ছাত্ৰীসকলেও কৃষিকৰ্মৰ মাজেৰে পঢ়াশুনা কৰি আনন্দলাভ কৰা বুলি জানিবলৈ দিয়ে ।

You might also like