নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্রী, নৃত্য পটীয়সী লীমা দাসৰ সৈতে অন্তৰংগ আলাপ

-ড০ গীতালি শইকীয়া

আমিষ’ আপোনাৰ প্রথম চিনেমা, প্রথম চিনেমাখনেৰে আপুনি কলাৰসিক, চিত্র সমালোচকৰ যথেষ্ট প্রশংসা লাভ কৰিছে৷ ব্যতিক্রমী চিনেমাখনত অভিনয়ৰ সুযোগ কেনেকৈ পালে?

– এখন চিনেমাত অভিনয় কৰাৰ ইচ্ছা সৰুৰে পৰা মনত পুহি ৰাখিছিলোঁ৷ সৰুতে যথেষ্ট পৰিমাণে হিন্দী চিনেমা চাইছিলোঁ৷ শ্বাবানা আজমী, শর্মিলা ঠাকুৰ আদিৰ অভিনয়ে মোক সেই জগতখনৰ প্রতি অনুসন্ধিৎসু কৰি তুলিছিল৷ কিন্তু বিভিন্ন কাৰণত চিনেমাত অভিনয় কৰাটো হৈ উঠাগৈ নাছিল৷  ‘কথানদী’  চিনেমাখন চোৱাৰ পিছত মোৰ এনে লাগিছে যেন মই ‘কথানদী’ৰ দৰে চিনেমা এখনত অভিনয় কৰিব বিচাৰোঁ৷ তদুপৰি মই এগৰাকী সত্রীয়া নৃত্যৰ শিল্পী৷ সেয়েহে এদিন ‘আমিষ’ৰ পৰিচালক ভাস্কৰ হাজৰিকাক মই ক’লোঁ যে সত্রীয়া নৃত্যৰ ওপৰত আধাৰিত তথ্যচিত্র বা তেনে কোনো কাম কৰিবলৈ মই ইচ্ছুক৷ ভাস্কৰ হাজৰিকা আমাৰ পৰিয়ালৰ বন্ধু৷ তেওঁ মোক ক’লে যে কেতিয়াবা মোৰ লগত মিলা কোনো চৰিত্র থাকিলে তেওঁ মোক জনাব৷ মোৰ মন আছিল এখন আর্ট ফিল্মত কাম কৰাৰ৷ ঘৰুৱা মুহূর্তত কোৱা কথাষাৰ যে তেওঁ মনত ৰাখি থৈছে সেই কথা মই ভবাই নাছিলোঁ৷ এদিন তেওঁ মোক এখন স্ক্রিপ্ঢ পঢ়িবলৈ দিলে, স্ক্রিপ্ঢখন পঢ়ি মই খুব ভাল পালোঁ আৰু তেওঁ যদি সেই চিনেমাখন কৰে, তেন্তে মই অভিনয় কৰিম বুলি জনালোঁ৷ সেই স্ক্রিপ্ঢখন আছিল ‘আমিষ’ৰ৷ তেনেদৰেই মই ‘আমিষ’ৰ অভিনয়ত জড়িত হৈ পৰিলোঁ৷

‘আমিষ’ৰ ডাঃ নির্মালিৰ চৰিত্রটোত অভিনয় কৰি আপুনি সুখীনে? চৰিত্রটো ৰূপায়ণ কৰিবলৈ যাওঁতে প্রত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি?

– ‘আমিষ’ত অভিনয় কৰি মই অতি সুখী৷ চৰিত্রটো যে ব্যতিক্রম সেই কথাটোৱেই মোক সুখী কৰিছে৷ মই অতদিনে কৰিবলৈ বিচাৰি থকা চৰিত্রটো যেন নির্মালিয়েই৷ স্ক্রিপ্ঢটো পঢ়ঁোতেই মই বুজিছিলোঁ যে মানুহৰ মাজলৈ নির্মালিক লৈ যাবলৈ মই কষ্ট কৰিব লাগিব৷ যিহেতু মই এগৰাকী সত্রীয়া নৃত্যৰ শিল্পী, সেয়েহে মোৰ মাজত ক’ৰবাত হয়তো এগৰাকী অভিনেত্রী আছিলেই৷ তদুপৰি চিনেমাখনৰ শুবটিং আৰম্ভ হোৱাৰ পূর্বে আমাক প্রখ্যাত অভিনেত্রী সীমা বিশ্বাসে এটা কর্মশালা দিছিল৷ তেওঁ আমাক কেমেৰাৰ সন্মুখত কেনেদৰে কাম কৰিব লাগে সেই বিষয়ে খুব সুন্দৰকৈ বুজাই দিছিল৷ গতিকে খুব বেছি সমস্যাৰ সন্মুখীন হোৱা নাছিলোঁ৷

“সকলো সময়তে আত্মবিশ্লেষণ আৰু আত্মসমালোচনা কৰোঁ”

অভিনেত্রী হিচাপে নিজৰ ইতিবাচক দিশ কোনটো বুলি ভাবে?

– মই সকলো সময়তে আত্মবিশ্লেষণ আৰু আত্ম–সমালোচনা কৰোঁ৷ গতিকে মোৰ বিবেকে যিটো কাম মোক সঠিক বুলি কয় মই সেইটোহে কৰোঁ৷ মই যিকোনো কাম কৰিম বুলি এবাৰ সিদ্ধান্ত লোৱাৰ পিছত সেই কামটোত মোৰ ১০০ শতাংশ দিবলৈ চেষ্টা কৰোঁ৷ কঠোৰ পৰিশ্রম কৰিব পৰা ক্ষমতাও মোৰ আছে৷ মই ভাবোঁ এই সকলোবোৰ মোৰ ইতিবাচক দিশ৷

আপুনি এগৰাকী চিকিৎসক৷ সেয়েহে নিজৰ পেছাত আপুনি যথেষ্ট সময় দিব লগা হয়৷ ইয়াৰ ফলত অভিনয় আৰু নৃত্যত প্রভাৱ পৰিছে নেকি?

– আচলতে সময় ব্যৱস্থাপনা বা টাইম মেনেজমেণ্ট আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূর্ণ৷ মই ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈকে কার্যালয়ত থাকোঁ৷ সেই সময়ত মই মাত্র এগৰাকী চিকিৎসক হৈ থাকোঁ৷ তাৰ পিছৰ সময়খিনি মই নৃত্য অনুশীলনত দিওঁ৷ চিনেমাত অভিনয়ৰ লগে লগে মই মোৰ সময়বোৰ অভিনয়ৰ বাবেও ভাগ কৰি ল’ব লগা হৈছে৷ আচলতে আমি একে সময়তে সকলো বস্তু বিচাৰিলে নাপাওঁ৷ সেই সত্যটো মই অন্তৰেৰে অনুভৱ কৰোঁ৷ আগতে মই চিকিৎসালয়ৰ পৰা অহাৰ পিছত মোৰ ক্লিনিকত বহিছিলোঁ৷ কিন্তু এতিয়া মই সেই সময়খিনি নৃত্যৰ বাবে দিওঁ৷ আচলতে আমি জীৱনটোৰ পৰা কি বিচাৰো সেই কথা ভালদৰে জানিব লাগিব৷ তেতিয়া সকলো কথা আমাৰ বাবে সহজ হৈ পৰিব৷ গতিকে মোৰ পেছাই মোৰ নিচাত কোনো ধৰণৰ নেতিবাচক প্রভাৱ পেলাব পৰা নাই৷

আপোনাৰ প্রিয় অভিনেত্রী কোন? যাৰ দৰে হোৱাৰ গোপন হাবিয়াস আপোনাৰ আছে?

– প্রিয় অভিনেত্রী বুলি ক’লে এগৰাকীৰ নাম লোৱাটো সহজ নহয়৷ এই তালিকাখন দীঘল৷ শ্বাবানা আজমী, শর্মিলা ঠাকুৰ, স্মিতা পাটিল, তনুজা আদি মোৰ প্রিয় অভিনেত্রী৷ কেতিয়াবা কেতিয়াবা শর্মিলা ঠাকুৰৰ দৰে হ’বলৈ মন যায় ৷

চিনেমাত আপুনি নৰমাংস পর্যন্ত ভক্ষণ কৰিছে৷ বাস্তৱত আপোনাৰ প্রিয় মাংস কি?

-মোৰ প্রিয় মাংস চিকেন৷

সুযোগ পালে পুনৰ চিনেমা কৰিবনে?

-নিশ্চয় কৰিম৷ কিন্তু আর্ট ফিল্মত মোৰ বয়সৰ সৈতে মিলা কোনো চৰিত্র পালেহে মই অভিনয় কৰিম৷

You might also like