আমাৰ বাল্যকালত আৰু ছাত্রকালত অসমত এটাই সশস্ত্র সংগঠনৰ নাম শুনিছিলোঁ আৰু এজন সেই সংগঠনৰ নেতাৰ নাম শুনিছিলোঁ৷ সেয়া আছিল নগা বিদ্রোহী আৰু নেতা ফিজো৷ তাৰ পিছত শিক্ষা সাং কৰি চৰকাৰী বিষয়াৰ চাকৰিত যেতিয়া যোগদান কৰিলোঁ তাৰ আগৰ দুবছৰ/তিনি বছৰমানৰ পৰা শুনিছিলোঁ চাৰু মজুমদাৰৰ সেই বিখ্যাত সশস্ত্র সংগঠন নক্সালাইট৷ নক্সালাইটৰ প্রতি আমিও আকর্ষিত হৈছিলোঁ, আনকি চৰকাৰী বিষয়াৰ চাকৰি কৰি থকা অৱস্থাত তলে তলে আমি সশস্ত্র কর্মী নাছিলোঁ যদিও সাধ্যানুসাৰে ধনে–জনে, সভাই–সমিতিয়ে ‘আণ্ডাৰগ্রাউণ্ড’ পদ্ধতিৰে লাগি গৈছিলোঁ আৰু দিনৰ ভাগত কিন্তু নিজৰ চাকৰিৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিলোঁ, য’ত চি আই ডি লাগিও আমাক ধৰিব পৰা নাছিল৷ কিন্তু নিজৰ কথা নকওঁ, সেই সময়ত খুব এটা সন্মানীয় ৰেডি’ৰ চাকৰি নাপালোঁ কেৱল জয়সাগৰৰ আৰক্ষীৰ গোপন ৰিপ’টৰ বাবে৷
তাৰ পিছত অসমত মেদা বুদ্ধিৰ ছাত্রনেতা কিছুমানে উচটাই দিয়া সাহিত্যিক, বুদ্ধিজীৱী, আৰক্ষীৰ ডাঙৰ বিষয়া, ৰাজনীতিত বাৰে বাৰে ব্যর্থ হোৱা এজন চোকা মগজুৰ নেতা, অধ্যাপক, শিক্ষক, চৰকাৰী কামত ফাঁকি দিয়া অথচ দর্মহা বঢ়োৱাৰ আন্দোলনত লাগি যোৱা কিছুমান এলেহুৱা নেতাৰ উচটনিত ১৯৭৯ চনত আৰম্ভ হ’ল ছবছৰীয়া সর্বনাশী অসম আন্দোলন ‘বহিৰাগত’ খেদাৰ নামত৷ আকৌ কৈছোঁ বহিৰাগত খেদাৰ নামত অথচ সেই মেদা বুদ্ধিৰ ছাত্রনেতাবোৰে নাজানেতো নাজানেই বাঘা বাঘা সাহিত্যিক, বুদ্ধিজীৱী, অধ্যাপক, ৰাজনীতিক, আৰক্ষীৰ ওপৰ খাপৰ বিষয়া–নেতাসকলেও নাজানেনে যে বহিৰাগত মানে কি? ভাৰতৰ সংবিধানত এই অধিকাৰ নাগৰিকক দিয়া হৈছে যে ভাৰতবর্ষৰ য’তে ত’তে ভাৰতীয় নাগৰিকে চাকৰি, বাকৰি, বেপাৰ–বাণিজ্য কৰিব পাৰিব আৰু কাম কৰিব পাৰিব৷ চলিল এবছৰমান৷ সেই সময়ত আন্দোলনকাৰীৰ মতে দেশদ্রোহী হীৰেন গোহাঁই, হোমেন বৰগোহাঞি, পৱিত্র ডেকা, মই ইত্যাদিয়ে বহিৰাগতৰ ওপৰত মৰণত শৰণ দি লিখালিখি কৰিলত বহিৰাগত শব্দটো বাদ দি অবৈধ বিদেশী নাগৰিক মানে বাংলাদেশী অবৈধ নাগৰিকৰ নামত জোৰদাৰ আন্দোলনত লাগি গ’ল৷ মুঠ কথাত সেই মেদা বুদ্ধিৰ ছাত্রনেতাকেইটাই অসমৰ সকলোবোৰ বুলিব পাৰি মুষ্টিমেয় কিছুক বাদ দি অধ্যাপক, সাংবাদিক, সম্পাদক, বুদ্ধিজীৱী, সাহিত্যিকক পুতলা নচুৱাদি নচুৱাবলৈ ধৰিলে ৬ বছৰ দিন ধৰি অফিচ, বিদ্যালয় (ইংৰাজী মাধ্যমৰ ব্যক্তিগত মালিকানাৰবোৰ নহয়) বন্ধ কৰি, হাজিৰা কৰি খোৱা মানুহৰ ভোকাতুৰ পেট ককালত লগাই দি৷
এতিয়া আহোঁ মূল বিষয়লৈ৷ ঠিক ছবছৰীয়া আন্দোলন কৰাৰ আগে আগেই এই ছাত্র সংস্থাই মনে মনে তলে তলে ৰংঘৰৰ বাকৰিত নে তলাতল ঘৰৰ বাকৰিত ৭ এপ্রিলত এটা পূৰা সশস্ত্র বিদ্রোহী সংগঠন গঠন কৰিলে, যাৰ নাম ‘আলফা’৷ দেখা গ’ল ওপৰত আছু, কর্মচাৰী পৰিষদ, শিক্ষক, সাহিত্যিক, বুদ্ধিজীৱী ইত্যাদিবোৰে তথাকথিত গণতান্ত্রিক আন্দোলন কৰিলে, মাৰপিট, দোকান, পোহাৰ ভাঙি, বন্ধ কৰি ইত্যাদি আৰু হাতত অস্ত্র লোৱাবোৰে তলে তলে ধন গোটাই মানুহ মাৰি শংকিত কৰিলে৷ আলফাৰ হাতত কিমান হাজাৰ নির্দোষী লোকৰ অকাল মৃত্যু হ’ল, কিমান বস্তা ধন গোট খালে, কিমান ‘দেশ বুলিলে আদেশ নালাগে’ অস্ত্রধাৰীৰ হত্যাকাৰী আৰু নিৰীহ সঁচাকৈয়ে অসমক স্বাধীন ৰাষ্ট্র কৰাৰ সদিচ্ছা লোৱা আলফা কর্মী পুলিচ, চি আৰ পি এফ, মিলিটেৰীৰ হাতত অকালতে মৃত্যু হ’ল– তাৰ হিচাপ দিব পাৰিবনে এতিয়া গামোচা লৈ ফুৰা চৰকাৰৰ ভৰিত শৰণ লোৱা চেয়াৰমেন অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, জিতেন দত্তসকলে? লেখ দিব পাৰিবনে আপোনালোকৰ সেৱক কিমান হাজাৰ তাতে ৮০ শতাংশ নির্দোষী আৰু সঁচাকৈয়ে দেশক ভালপোৱা কেডাৰৰ মৃত্যু হ’ল, হিচাপ দিব পাৰিবনে? নোৱাৰে৷ তাৰ পিছত কূটনীতিবিদ ৰাজনীতিক হিতেশ্বৰ শইকীয়াৰ দিনত এজাক অসম স্বাধীন কৰিবলৈ যোৱা সশস্ত্র সংগ্রামীয়ে, যাৰ বিৰুদ্ধে হাতত অস্ত্র লৈ মানুহ মাৰিছিল, ধন লুটিছিল সিহঁত সেই চৰকাৰৰ চৰণত ধৰি ‘ছালফা’ নামেৰে এটা নতুন সংগঠনৰ জন্ম দিলে৷ আগতে যেনিবা সিহঁতক পুলিচে খেদি ফুৰিছিল এতিয়া যেনিবা পুলিচে গাত মাখি এটাও পৰিব নিদিয়াকৈ ৰখি ফুৰে৷ আগতে যেনিবা সিহঁতে লুকাই লুকাই অস্ত্র লৈছিল এতিয়া মুকলিকৈ ল’ব পৰা হ’ল৷ ঠিকা–ঠুকুলি, বৰ বৰ বিল্ডিং, ডাঙৰ ডাঙৰ হোটেল, ৰেস্তোৰাঁ ইত্যাদি আগতে লুটি থোৱা ধনেৰে নির্মাণ কৰিলে৷ বাতৰিকাকতৰ প্রথম পৃষ্ঠাবোৰ চাবই নোৱৰা হ’ল, কাৰণ সিহঁতৰ কার্যকলাপৰ বাতৰিৰ বাবে৷ তাৰ পিছত লাহে লাহে আহি, জাকে জাকে আহি সেই পন্থাকে গ্রহণ কৰিলে আৰু চৰকাৰী সা–সুবিধা, ৰাজহুৱা সন্মান লৈ বুকু ফিন্দাই ঘূৰি ফুৰিব পৰা হ’ল– বিপ্লৱ কৰি থাকোঁতে হোৱা বৈবাহিক জীৱনৰ ফল ল’ৰা–ছোৱালীবোৰক বিদেশত নামী–দামী স্কুলত পঢ়ুৱাই৷ যদিও মতান্তৰ আছে, অথচ পৰেশ বৰুৱাৰ লগত মোৰ কোনো মনান্তৰ নাই আৰু সেইবাবেই এই পর্যন্ত ভুল হওক শুদ্ধ হওক তেওঁ কিন্তু নিজৰ নীতিত অচল আছে৷ পন্থা ভুল হ’ব পাৰে, কিন্তু তেওঁৰ মতে শুদ্ধ যেতিয়া তেওঁ এৰা নাই জাকে জাকে দৌৰি ওলাই অহাবোৰৰ দৰে৷
মন কৰিব, এই হত্যাকাৰীবোৰক নিয়ম মতে, সংবিধান মতে, আইন মতে ৰাখিব লাগিছিল কাৰাগাৰত আৰু ন্যায়ালয়ত সিহঁতৰ বিচাৰ হ’ব লাগিছিল৷ মই মোৰ পাঠক ৰাইজক সুধিছোঁ ইমান বছৰে ধন লুটা আৰু শিশু–বৃদ্ধকে ধৰি (ধেমাজি আৰু শিৱসাগৰৰ সেই গাঁৱৰ পৰিয়ালটোলৈ মনত পেলাওক) হত্যা কৰা হত্যাকাৰীবোৰক নিৰাপদে আমাৰ কষ্টৰ টকাৰে চৰকাৰে খুৱাই থাকিব লাগেনে নাই সিহঁতৰ আইনী বিচাৰ হ’ব লাগে? কওক ৰাইজ, ভয় নকৰিব, আচৰিত কথা, যিবোৰে মানুহ মাৰিছিল, ধন লুটিছিল, জনতাৰ আতংক আছিল– সেইবোৰৰ কেইবাটাও এতিয়া সাংসদ–বিধায়ক কি আচৰিত কথা চাওক৷ আইন চূড়ান্তভাৱে ভংগ কৰাবোৰেই আকৌ আইন প্রণয়ন কৰিব৷ হত্যা কৰা, লুণ্ঠন কৰাৰ বিচাৰতো নায়েই তাৰ পৰিৱর্তে সন্মানহে দিয়া হৈছে৷ তেনেহ’লে কওক ৰাইজ, আজি মানুহ মাৰি কাইলৈ চৰকাৰৰ চৰণত ধৰি কিবা এটা কাল্পনিক মূলসুঁতিলৈ আহিলোঁ বুলি সকলো সুবিধা পোৱা দেখিলে এই নিবনুৱা যুৱক–যুৱতীবোৰে সেই সুবিধাকে ল’বৰ বাবে হাতত অস্ত্র লৈ ওলাই নাযাবনে?
আৰু এটা উদাহৰণ লওক৷ লওক মানে ৰাইজে নিৰন্তৰে ধিক্কাৰ দিয়েই আছে, মই মাত্র মনতহে পেলাই দিব খুজিছোঁ৷ বড়ো সশস্ত্র বিদ্রোহীৰ ফালে চাওক৷ এসময়ত হাগ্রামা, প্রমীলাহঁতে সশস্ত্র আণ্ডাৰগ্রাউণ্ড যুদ্ধ কৰিছিল পৃথক বড়োলেণ্ডৰ বাবে৷ তেওঁলোকৰ কার্যকলাপতে পল্টন বজাৰৰ চৰকাৰী বাছ আৰু আস্থানত বোমা ফুটোৱা মনত আছেনে? কিমান মানুহ নিহত হ’ল তাৰ হিচাপ ৰাখিছেনে নাই ৰখা, মাত্র ভুক্তভোগীসকলে আজিও কান্দিয়েই আছে৷ কিন্তু ছালফাৰ দৰে (আলফা হ’ল অসমৰ প্রথম তথাকথিত সশস্ত্র বিপ্লৱী) তেওঁলোকৰ দলটোও চৰকাৰৰ শৰণাপন্ন হ’ল আৰু হত্যা লুণ্ঠনৰ সকলো দোষ পাপ নোহোৱা হৈ গ’ল, পৱিত্র হৈ গ’ল শালগ্রামৰ ওপৰত দিয়া চন্দনসনা তুলসী পাতটোৰ দৰে আৰু ৰজা–মন্ত্রী হ’ল৷ এইখিনিতে মনত পৰিছে অগপৰ প্রথম ৰাজত্বকালতে গুণ্ডা মন্ত্রী দুর্গা দাস বড়োৱে উৰাজাহজৰ ভিতৰত যাত্রীক দৈহিক অপমান কৰা নাছিলনে? সেইবোৰ গুণৰ বাবেই তেওঁক কংগ্রেছ দলে শৰাই–সঁফুৰা দি অগপ দলৰ পৰা কংগ্রেছলৈ আনি হুঁকৰিবৰ বাবে মুখপাত্র কৰিলে৷ গুণীৰ গুণ কংগ্রেছেই হওক, অগপই হওক, চিনি পায় বাবে আসন পাৰি দিয়ে৷
ৰঞ্জন দৈমাৰীহঁতে দেখিলে যে সশস্ত্র সংগ্রাম কৰি মানুহ–দুনুহ মাৰি, ধন, টকা–পইচা লুটি আকৌ চৰকাৰৰ চৰণত মূৰ খুন্দিয়ালে দেখোন বহুত ৰাজসুখ পায়৷ গতিকে লাগি গ’ল অস্ত্র লৈ মুখত আলফাৰ দৰে স্বাধীন বড়োলেণ্ডৰ নাম লৈ মানুহ মৰা আৰু ধন লুটাত৷ মৰিল৷ মন কৰিব যে আলফাৰে হওক বা অন্য সশস্ত্র সংগঠনবোৰৰে হওক, নেতাবোৰৰ নোম এডালো নসৰে, কিন্তু হেবাং কেডাৰবোৰ জাকে জাকে মৰে৷ ৰঞ্জন দৈমাৰীৰ সেই ৩০ অক্টোবৰৰ কথা মনত পৰিলে বুকুৰ ধপ্ধপনি নুঠেনে কেতিয়াও আমাৰ? তেনেহ’লে সি বাকীবোৰ দিনৰ কথা বাদ দিলোঁ সেই দিনটোত সাত ঠাইত যিমানবোৰ নিৰীহ মানুহক বোমা দি মাৰিলে সেই পৰিয়ালবোৰৰ বুকুত এতিয়াও জীয়া জুই জ্বলি থকা নাইনে দাওদাওকৈ? গণেশগুৰিত বাঁহী বজাই বুঢ়া–বুঢ়ী পিতৃ–মাতৃক পোহা সেই কণা ল’ৰাটোৰ বাঁহী খামুচি থকা হাতটো যেতিয়া এঠাইত ছিটিকি পৰি আছিল সেই দৃশ্য দেখি আমাৰ চকুক নিয়ন্ত্রণ কৰিব পৰা নাছিলোঁ৷ সেই বুঢ়া–বুঢ়ীহালৰ কি হ’ল কোনোবাই খবৰ ৰাখিছেনে? নিশ্চয় অনাহাৰে মৰিল৷ আৰু এটা অস্ত্রধাৰী কিবা বিদায়নে কি? ছালফা, হাগ্রামাহঁতৰ দৰে এদিন সকলো গোটাই, ল’ৰা–ছোৱালীক বিদেশত পঢ়ুৱাই লাহেকৈ চৰকাৰৰ হাতত কৌশলেৰে ধৰা দিলে, যেন তেখেতসকলক চৰকাৰী বাহিনীয়েহে ধৰিলে তাৰ পিছৰ অধ্যায় দেখিছেনে? তাৰ আইনমতে মৃত্যুদণ্ড হ’ব লাগিছিল, কিন্তু ইমানবোৰ নিৰপৰাধী মানুহ মৰাৰ পিছত, ধন গোটোৱাৰ পিছত মাত্র জেইলহে শাস্তি হৈছিল৷ নগ্ণ গান্ধীৰ ৰামৰাজ্য কোনে ভোগ কৰিছে চাওক, সৌ সিদিনা অসম চৰকাৰ আৰু পৃথিৱীৰ শ্রেষ্ঠ জনপ্রিয় নেতা প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ ক’বলৈ গ’লে ঘৃণাই লাগিছিল বুলি ক’ব পাৰি, যেতিয়া লাখ লাখ মানুহৰ সন্মুখত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ডিঙিত ৰঞ্জন দৈমাৰী হত্যাকাৰীয়ে গামোচা পিন্ধালে৷ আমাৰ বাবে সেই দৃশ্য দেখাৰ পিছত বসুমতীক ফাট দিবলৈ কোৱাৰ বাহিৰে নিজক লুকুৱাবলৈ আৰু ঠাই নাই, উপায় নাই৷
আকৌ চাওক, নিৰঞ্জন হোজাই বোলাটোৰ নেতৃত্বত কাছাৰৰ সশস্ত্র বিপ্লৱলৈ৷ নিৰঞ্জন হোজায়েও মানুহ–দুনুহ মাৰি ধন, টকা–পইচা লুটি চৰকাৰৰ চৰণত শৰণ ল’লে৷ চৰকাৰে তাক দিলে ৰাজ আতিথ্য৷ কাৰাগাৰত থাকিব লাগিব বুলি অতি সহজ উপায় এটা ল’লে বেমাৰৰ ভাও ধৰা৷ খতম৷ তেখেত মহাশয়ক ৰখা হ’ল অতি বিশেষ কেবিনত, য’ত সি বিচৰা মতে সকলো সা–সুবিধা প্রদান কৰিলে কর্তৃপক্ষই৷ ভদ্রলোকে থাইলেণ্ডত বাইকৰ পিছত গাভৰু তুলি টহল দিয়া ছবি যেতিয়া ভাৰতবর্ষৰ বাতৰিকাকতত, আনকি দুই–এখন অসমীয়া কাকততো প্রকাশ হোৱা দেখিহে ভালকৈ বুজিলোঁ যে তেখেতে মাও জে ডং বা হো চি মিনৰ দৰে বিপ্লৱ নকৰি নতুন এটা বিপ্লৱৰ পদ্ধতি আৱিষ্কাৰ কৰিলে৷ হোজাই ডাঙৰীয়াই বহুত দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ কোঠাত থাকি যেতিয়া গ’লগৈ, অটোনমাছ কাউঞ্চিলত লাগি গ’ল৷ আৰু কি আচৰিত, যিবোৰ মানুহে তেওঁক শাও দিছিল সেই মানুহবোৰৰ পৰাই কেনেকৈ কি উপায়েৰে ভোট গোটাই চীফ কাউঞ্চিলাৰ হ’ল সিও এক ৰহস্য হত্যাকাৰী, লুণ্ঠনকাৰী নিৰঞ্জন হোজাইৰ আৰু এটা স্বৰূপ ওলাল টকা খোৱা ধৰা পৰাৰ পিছত৷ কিন্তু সেইজনৰ এতিয়া কি হ’ল, কিবা গোচৰ হৈছেনে নাই, কিবা শাস্তি আইনমতে পাইছেনে নাই তাৰ খবৰ কোনো ছপা মাধ্যম বা বৈদ্যুতিন মাধ্যমে আমাক দিয়া নাই৷
সংবিধান নুবুজিলেও পঢ়ি পঢ়ি যি সামান্য বুজি পাইছোঁ সকলো অপৰাধী আৰু দেশদ্রোহীৰ হত্যাকাৰী, লুণ্ঠনকাৰী ইত্যাদিৰ বিচাৰ আইন মতে হ’ব লাগিব আৰু সেই মতে প্রাপ্য শাস্তি, জৰিমনা, জেল, ফাঁচি যি হয় হ’ব লাগিবই৷ তেতিয়াহ’লে সেইখন আইন এই মাৰাত্মক অপৰাধী তথা সমাজৰ শত্রুবোৰৰ ওপৰত নচলে নেকি৷ এইসকল সেই আইন মতে দোষী নহয় নেকি? আমি বুজা নাই৷ আইনজ্ঞ বা অসমৰ আইনমন্ত্রীয়ে বিস্তাৰিতভাৱে সৰল ভাষাত বুজাই দিলে বৰ উপকাৰ কৰা হ’ব৷
আকৌ আহক, ভাৰতবর্ষৰ ক’তো নথকা কেৱল অসমতে থকা চৰকাৰী কার্যসূচী মতে গুপ্তহত্যাৰ কথালৈ৷ মুখ্যমন্ত্রী মহন্তই এতিয়া দুটা কথা ইমান বছৰৰ মূৰত স্বীকাৰ কৰিলে যে ১৯৭১ চনটো কাৰোবাৰ হেঁচাতহে গ্রহণ কৰিছিল৷ গুপ্তহত্যাও তেনেদৰে কেন্দ্রৰ পৰামর্শমতেহে চলিছিল, তেওঁ কৰা নাছিল৷ ধন্যবাদ মহন্তদেউ৷ আৰু লুকাই থোৱা কথাবোৰ এটা এটাকৈ উলিয়াই দিয়ক৷ সেইকালত ডিজিপি আছিল সাহিত্য অকাডেমিৰ বঁটা বিজয়ী দক্ষ ভদ্রলোক হৰেকৃষ্ণ ডেকা৷ তেখেতেও কিবা ব্যৱস্থা ল’লে জানো? নল’লে৷ জনপ্রিয় আৰু জনহিতৈষী ডাক্তৰ ধৰণীধৰ বসুমতাৰীৰ সপৰিয়ালে, সগর্ভা পত্নীসহ মাজনিশা ঘৰৰ ভিতৰতে গুলীয়াই মাৰিলে তেতিয়াও কবি হূদয়ত জোকাৰণি নুঠিলনে? কোনোবা হত্যাকাৰী, গুপ্তহত্যাকাৰীয়ে আইনমতে কিবা দণ্ড পালেনে? ইত্যাদি ইত্যাদি৷
তেনেহ’লে অসমত সশস্ত্র তথাকথিত কৃত্রিম বিপ্লৱীৰ সংঘ বা গোট অথবা সংগঠন বাঢ়িবনে কমিব ভাবি চাওক৷ যদি অস্ত্র লৈ অবাবতে মানুহ মাৰি ধন গোটাব পাৰি, তাৰ পিছত চৰকাৰৰ চৰণত লুটি খাই পৰি সকলো স্বাধীনতা, সকলো ৰাজকীয় সুবিধা লাভ কৰিব পাৰি– মইনো বা আমিনো কিয় বহি থাকিম কওক৷ চাকৰি–বাকৰি নায়েই৷ অসমীয়া যুৱক–যুৱতীয়ে আন্দোলনৰ বাহিৰে কর্ম নকৰেই৷ গতিকে কিছুদিন অস্ত্র ল’লেই হ’ল৷ নে কি কয়? সেই বিদাইটো যে এন ডি এফ বিৰ নেতা, হত্যাকাৰী আছিল ১৮ বছৰীয়া গাভৰু নিৰপৰাধী ছোৱালীজনীক দিন দুপৰতে সি বা তাৰ মানুহে ঘৰৰ সন্মুখতে মিছা আখেজত হত্যা কৰাটো ক্ষমণীয়নে? উস্৷ গতিকে ৰাইজ, অসমত সশস্ত্র সংগঠন বাঢ়িবনে কমিব চাই থাকক৷