অসমীয়া উচ্চাৰণৰ কালিকা
অসমীয়া এটা সংস্কৃতমূলীয় ভাষা যদিও ইয়াৰ উচ্চাৰণ–পদ্ধতি আন যিকোনো সংস্কৃতমূলীয় আধুনিক ভাৰতীয় ভাষাৰ তুলনাত বহু পৰিমাণে পৃথক৷ ক’বলৈ গ’লে অসমীয়া শব্দসমূহৰ উচ্চাৰণ সেইবিলাক ভাষাতকৈ অনেকগুণে সৰল৷ কিয়নো অসমীয়া উচ্চাৰণ–পদ্ধতিত হ্রস্ব–দীর্ঘৰ প্রভেদ ৰখা নহয়৷ এই ভাষাৰ বর্ণমালাত দন্ত্য আৰু মূর্ধন্য বর্ণৰ দুটা পৃথক বর্গ থাকিলেও কেৱল লিখিত ৰূপতহে এই দুই বর্গৰ অন্তর্গত বর্ণসমূহৰ প্রভেদ ৰক্ষা কৰি চলা হয়৷ কথ্য ৰূপত, অর্থাৎ উচ্চাৰণৰ বেলিকা সেই প্রভেদ সামান্যভাৱেও ৰক্ষা নপৰে৷ একে কথাই প্রযোজ্য চ আৰু ছ তথা ‘স’ তিনিটাৰ ক্ষেত্রতো৷ আনহাতে ‘জ’ আৰু ‘য’ৰ উচ্চাৰণৰ মাজতো একো পার্থক্য নাই বুলিব পাৰি৷ এনেবিলাক বৈশিষ্ট্যৰ হেতু অসমীয়া উচ্চাৰণ–পদ্ধতি বহু পৰিমাণে সৰল হৈ উঠিছে৷ কিন্তু অসমীয়া উচ্চাৰণৰ সর্বপ্রধান বিশেষত্ব হৈছে ‘স’ ধ্বনিৰ উচ্চাৰণ৷ শ, ষ আৰু স বর্ণ তিনিটা অসমীয়া মানুহে যিদৰে উচ্চাৰণ কৰে, সদৃশ উচ্চাৰণ আমি জনাত আন কোনো ভাৰতীয় ভাষাত নাই৷ গোটেই পৃথিৱীতে অসমীয়াত বাদে একমাত্র জার্মান ভাষাতহে ‘স’ ধ্বনিৰ উচ্চাৰণ হয়৷ উল্লেখযোগ্য যে আন্তর্জাতিক ধ্বনিতাত্ত্বিক সংস্থাৰ (International Phonetic Association – চমুকৈIPA) তালিকাত অসমীয়া ‘স’ ধ্বনি নির্দেশ কৰিবলৈ ৰোমান লিপিৰ x’ আখৰটো ব্যৱহাৰ কৰা হয়৷ সেয়ে এই বিশেষ আখৰটোৱে অসমীয়া আৰু জার্মান উভয় ভাষাৰে ‘স’ ধ্বনিটোক প্রতিনিধিত্ব কৰে৷ কোৱা বাহুল্য, ইংৰাজী ভাষাত x’ আখৰৰ উচ্চাৰণ অসমীয়া ‘স’ যুক্তাক্ষৰৰ (যেনেbox) সদৃশ হ’লেওIPA সাৰণী অনুযায়ী অসমীয়া ‘স’ ধ্বনি নির্দেশ কৰিবলৈ’x’ আখৰটো ব্যৱহাৰ কৰাৰ বিকল্প আমাৰ সন্মুখত নাই৷ উদাহৰণস্বৰূপে ‘অসম’ শব্দটোIPA নির্দিষ্ট প্রতীকেৰে লিখিবলৈ হ’লেAxam ৰূপতে লিখিব লাগিব৷ এনেস্থলত’x’ আখৰটোক ইংৰাজী বর্ণমালাৰ এটা উপাদান হিচাপে গণ্য কৰাৰ পৰিৱর্তে ইয়াকIPA সাৰণীত ‘স’ ধ্বনিক প্রতিনিধিত্ব কৰা এটা ধ্বনিচিহ্ণ হিচাপে গ্রহণ কৰাহে বাঞ্ছনীয়৷ সেয়ে নহ’লে আন্তর্জাতিক পর্যায়ত অসমীয়া ‘স’ ধ্বনিৰ যথাযথ উপস্থাপন কেতিয়াও সম্ভৱ নহ’ব৷
এতিয়া কথা হ’ল, অসমীয়া উচ্চাৰণৰ পূর্বোক্ত বৈশিষ্ট্যসমূহৰ বিষয়ে আমাৰ সুধী সমাজৰ অন্তর্গত প্রতিজন ব্যক্তিয়েই কম–বেছি পৰিমাণে অৱগত৷ কিন্তু এই পদ্ধতিটোৰ এনে কিছুমান সূক্ষ্ম বৈশিষ্ট্য আছে, যিবিলাকৰ সম্বন্ধে কোনো লিখিত নীতি–নিদেশনা সামগ্রিকভাৱে এই পর্যন্ত গ্রন্থিত হোৱা নাই৷ এই সন্দর্ভত অসমীয়া অভিধানসমূহো প্রায় নীৰৱ৷ একমাত্র ‘হেমকোষ’তহে একাংশ শব্দৰ স্বৰান্ত/ব্যঞ্জনান্ত উচ্চাৰণ নির্দেশ কৰিবলৈ হসন্ত বা ব্যঞ্জন চিন প্রয়োগ কৰা দেখা যায়৷ পিছে ভাষাটোৰ আন অভিধানবিলাকত উচ্চাৰণ–নিদেশনাৰ এইকণ প্রয়াসো দৃষ্টিগোচৰ নহয়৷ অৱশ্যে ‘হেমকোষ’ত এই পদ্ধতিৰ অনুসৰণ সর্বাত্মক নহয়৷ আমাৰ ভাষাত সততে ব্যৱহাৰ হৈ থকা অনেক নামবাচক শব্দৰ উচ্চাৰণৰ বেলিকা এইখন অগ্রণী অভিধানেও বিশেষ সহায় কৰিব নোৱাৰে৷ আন কথাত ক’বলৈ হ’লে উচ্চাৰণসহিত অভিধান Pronouncing Dictionary) অসমীয়া ভাষাত এই পর্যন্ত এখনো প্রণয়ন হোৱা নাই৷ ইয়াৰ বিপৰীতে ইংৰাজী ভাষাৰ প্রায় প্রতিখন অভিধানতে উচ্চাৰণৰ সামগ্রিক নির্দেশনা পোৱা যায়৷ ইবিলাকৰ একাংশই ইংৰাজী বর্ণমালাৰ সহায়তে এই প্রক্রিয়া সম্পন্ন কৰিলেও অধিকাংশ ইংৰাজী অভিধানে এই উদ্দেশ্যতIPA চিহ্ণাৱলী অনুসৰণ কৰাটো বিশেষভাৱে লক্ষণীয়৷ এনে প্রতিখন ইংৰাজী অভিধানৰে উচ্চাৰণ–পদ্ধতি নির্ভৰযোগ্য হ’লেও ইংৰাজী মান্য ৰূপৰ উচ্চাৰণৰ receipt pronunciation) ক্ষেত্রত আর্হি হিচাপে মানি অহা হৈছে ১৯১৭ চনত প্রথমবাৰলৈ প্রকাশিতDanial Jones নামৰ ইংৰাজী অভিধানখন৷
ওপৰৰ আলোচনাৰ পৰা এটা কথা ফুটি উঠিছে যে কোনো এটা ভাষাৰ শব্দসমূহৰ উচ্চাৰণ সেই ভাষাৰ বর্ণমালাৰে নির্দেশ কৰাতকৈ এই উদ্দেশ্যতIPA চিহ্ণাৱলী ব্যৱহাৰ কৰাটোহে অধিক সুবিধাজনক তথা বিজ্ঞানসন্মত বুলি সর্বত্র বিবেচিত হৈ আহিছে৷ এই কথা সম্ভৱতঃ অসমীয়া ভাষাৰ ক্ষেত্রতো প্রযোজ্য হ’ব৷ সি যি নহওক, অসমীয়া ভাষাৰ এখন উচ্চাৰণসহিত অভিধানৰ অভাৱ বিভিন্ন সময়ত বহুজন বিজ্ঞ লোকে ব্যক্ত কৰি আহিছে৷ ১৯৯৯ খ্রীষ্টাব্দৰ নৱেম্বৰ মাহত অসম সাহিত্য সভাৰ উদ্যোগত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অসমীয়া ভাষাৰ প্রয়োগৰ ব্যৱহাৰিক দিশ সন্দর্ভত এক দুদিনীয়া আলোচনা চক্র অনুষ্ঠিত হৈছিল৷ সেই আলোচনা চক্রত এজন আলোচক হিচাপে ময়ো যোগদান কৰিছিলোঁ৷ তাত অংশগ্রহণ কৰা আকাশবাণী কিম্বা দূৰদর্শনৰ এজন প্রতিনিধিয়ে আক্ষেপেৰে এষাৰ কথা ব্যক্ত কৰিছিল৷ তেওঁ কৈছিল– আপোনালোকে সদায় আমাৰ উচ্চাৰণৰ ওজৰ উলিয়াই থাকে৷ কিন্তু আমাক কোনেও এনে এখন কিতাপ দেখুৱাই দিব নোৱাৰে, যিখন চাই আমি সবেই ভাষাটোৰ শুদ্ধ উচ্চাৰণ–পদ্ধতি আয়ত্ত কৰিব পাৰোঁহক৷ উল্লেখযোগ্য যে সেই দুদিনৰ আলোচনাত পৰলোকগত সাহিত্যচার্য তথা ভাষাচার্য ড০ গোলোকচন্দ্র গোস্বামীদেৱো উপস্থিত আছিল৷ পাছত মোৰ গুৰুতুল্য বিশিষ্ট ধ্বনিবিজ্ঞানীগৰাকীয়ে মোক আজ্ঞা কৰিছিল এইদৰে– সুমন্ত, ইয়াৰ পাছত অভিধান প্রণয়নৰ প্রকল্প হাতত ল’লে সেইখন উচ্চাৰণসহিত কৰিবা৷ সেই দিন ধৰি মই ‘গুৰুবাক্য শিৰে ধৰি’ এখন উচ্চাৰণৰ নিদেশনাযুক্ত অসমীয়া অভিধান সংকলনৰ কথা গুৰুত্বসহকাৰে চিন্তা কৰিবলৈ লৈছিলোঁ৷ পিছে কামটো সিমান সহজসাধ্য নাছিল৷ এই সন্দর্ভত বেঞ্জামিন ফ্রেংক্লিনে কোৱা এষাৰ কথা মই সাৰোগত কৰি লৈছিলোঁ৷ প্রখ্যাত মনীষীগৰাকীয়ে হেনো কৈছিল– মোক যদি কোনোবাই এজোপা গছ কাটিবলৈ চাৰি ঘণ্টা সময় দিয়ে, তেন্তে তাৰে তিনি ঘণ্টা মই কুঠাৰখন ধৰাম (অথবা ধাৰ দিম) আৰু অৱশিষ্ট এঘণ্টা সময়হে গছজোপা কটাত ব্যয় কৰিম৷ মোৰ বেলিকাও সেয়ে হ’ল৷ কুঠাৰখনত ধাৰ দিওঁতেই এযুগমান পাৰ হ’ল৷ অর্থাৎ সুদীর্ঘ কাল ক্ষেত্রভিত্তিক অধ্যয়ন কৰাৰ পাছতহে পদ্ধতিগত methodological) সিদ্ধান্তত উপনীত হোৱাটো সম্ভৱ হৈ উঠিল৷ কিয়নো একেটা শব্দকে ভিন্নজনে ভিন ভিন প্রকাৰে উচ্চাৰণ কৰা শুনিবলৈ পাওঁ৷ ইবিলাকৰ ভিতৰত কোনটো ৰূপনো মান্য বা সাধু হিচাপে গৃহীত হ’ব, সেই সিদ্ধান্ত চূড়ান্ত কৰাৰ পূর্বে বহুকেইগৰাকী নমস্য ব্যক্তিৰ লগত বিভিন্ন সময়ত আলোচনা কৰিছোঁ– দিহা–পৰামর্শ লৈছোঁ৷ সেইসকলৰ ভিতৰত প্রয়াত গোস্বামী ছাৰৰ নামেই সর্বাগ্রগণ্য৷ তাৰ পাছতে আছে আন এগৰাকী বিশিষ্ট ধ্বনিবিজ্ঞানী ড০ ৰমেশ পাঠকদেৱ৷ কোনোবা এখন আলোচনা–সভাত ড০ পাঠকদেৱে এবাৰ কোৱা মোৰ মনত আছে যে অসমীয়া ‘কুঁৱলী’ শব্দটো ইংৰাজী বর্ণমালাৰে একোপ্রকাৰে শুদ্ধকৈ লিখিব নোৱাৰি৷ একেই অভিযোগ শুনিলোঁ অলপতে অভয়াপুৰীৰ এজন শিক্ষকৰ মুখে৷ তেওঁৰ একমাত্র জীয়াৰীৰ নাম দিছে ‘একাঁজলি’৷ অভিনৱত্বপূর্ণ নাম৷ পিছে একাঁজলিৰ শিক্ষক–পিতৃৰ সমস্যা হৈছে এই শ্রুতিমধুৰ নামটো ইংৰাজী বর্ণমালাত কিদৰে লিখা হ’ব, তাকে লৈহে৷ কিয়নো ইংৰাজীত Ekanjali লিখিলে আটায়ে কণমানিটোক ‘একাঞ্জলি’ বুলিবলৈ লয়৷ তেতিয়া একাঁজলি শব্দটোৰ অন্তনির্হিত সৌন্দর্যই নোহোৱা হৈ যায়৷ এনেকুৱা বাস্তৱিক সমস্যা আৰু অনেক আছে৷
অসমীয়াত দুবিধ গছৰ নাম আম আৰু চাম (আম, চাম দুয়োটা শব্দই ব্যঞ্জনান্ত)৷ কিন্তু আমগুৰি নামবাচক শব্দত ‘আম’ ব্যঞ্জনান্ত হৈ ৰোৱাৰ বিপৰীতে চামগুৰি শব্দ ‘চাম’ পূর্বপদ স্বৰান্ত হৈ পৰে৷ এনে বহুতো ক্ষেত্রত ‘সদৃশ বিধান’ নাখাটে৷ এতেকে অভিধান এখনত প্রতিটো প্রচলিত শব্দৰ উচ্চাৰণ গাই–গুটীয়াকৈ লিপিৱদ্ধ নকৰিলে, ন–শিকাৰুৱে অসমীয়া উচ্চাৰণ শুদ্ধ ৰূপত আয়ত্ত কৰাটো সম্ভৱ নহ’ব৷
কেতিয়াবা আকৌ একেটা শব্দৰে উচ্চাৰণ প্রসংগভেদে ভিন ভিন হয়৷ ইয়াৰ সুন্দৰ উদাহৰণ হ’ল ‘হেম’ শব্দটো৷ নামবাচক শব্দবিলাকত ই কেতিয়া স্বৰান্ত আৰু কেতিয়া ব্যঞ্জনান্ত ৰূপ লয়, তাৰ একো নির্দিষ্ট নিয়ম নাই৷ তৰুণ গগৈৰ নেতৃত্বাধীন কোনোবা এখন মন্ত্রীসভাত দুগৰাকী কেবিনেট মন্ত্রী আছিল, তাৰে এজন আছিল পুৰুষ আৰু আনগৰাকী মহিলা৷ পুৰুষ মন্ত্রীজনৰ নাম আছিল হেমপ্রকাশ নাৰায়ণ Hemprakash Narayan) আৰু মহিলা মন্ত্রীগৰাকীৰ নাম হেমপ্রভা শইকীয়া Hemaprabha)৷ পার্থক্যটো মন কৰিলেনে? সাধাৰণতে কিছুমান শব্দ সমাসৱদ্ধ হ’লে স্বৰান্ত হৈ পৰে (যেনে– লোকসভা, ধনৱান, বনবাস আদি)৷ পিছে এইটো নিয়মো সার্বজনীন নহয়৷ তাৰ উদাহৰণ হৈছে ধনগুলৈ, চাকনৈয়া ইত্যাদি (পূর্বোক্ত শব্দ দুটাত ধন আৰু চাক পূর্বপদ দুটা ব্যঞ্জনান্ত হৈয়ে ৰৈছে)৷
‘স’ ধ্বনিৰ দৰেই ‘ৱ’ বর্ণটোও অসমীয়া ভাষাৰ এক মূল্যৱান সম্পদ৷ কিন্তু ‘ৱ’ বর্ণটোৰ উচ্চাৰণ সন্দর্ভত অসমীয়া ভাষাভাষীসকলৰ মতভেদ আছে৷ ‘জীৱন’ শব্দটোলৈকে মন কৰক৷ একেটা শব্দকে কোনোৱে উচ্চাৰণ কৰে ‘জীবন’ৰূপে আৰু আন কোনোবাই কৰে ‘জীন’ বুলি৷ আমাৰ দৃষ্টিত দুয়োটাই প্রান্তীয় extreme) আৰু অশুদ্ধ৷ সেয়ে দুয়োটা প্রান্তীয় উচ্চাৰণৰ মধ্যৱর্তী ‘জীৱন’ শব্দত যিটো ‘ৱ’ উচ্চাৰিত হৈছে, সেইটো কোমল soft) ‘ৱ’৷ এনে কোমল ‘ৱ’ৰ উচ্চাৰণ মধ্যমপন্থী৷ এইবিধ ‘ৱ’ৰ উচ্চাৰণ সূচাবলৈ আমি ইংৰাজী v’ আখৰটো ব্যৱহাৰৰ পোষকতা কৰিছোঁ৷ তাৰ বিপৰীতে কঠিন hard) ‘ৱ’ প্রযোজ্য হোৱা শব্দ কিছুমান হৈছে– পোৱাল, পোৱালি, স্বাধীনতা, অদ্বৈত ইত্যাদি৷ এই শ্রেণীৰ শব্দবিলাকত’V’ ৰ সলনি w’ বর্ণৰ সহায়ত অসমীয়া ‘কঠিন’ hard) ‘ৱ’ ধ্বনি নির্দেশ কৰাৰ পদ্ধতি অনুসৃত হৈছে৷ এতেকে আমি দেখিবলৈ পালোঁ যে আমাৰ ভাষাটোত ব্যৱহূত ‘ৱ’ ধ্বনি দুই প্রকাৰৰ– এবিধ কোমল আৰু আনবিধ কঠিন৷
এতিয়া আহোঁ আন এক প্রসংগলৈ৷ এবাৰ এগৰাকী নৱপৰিচিতা যুৱতীক সুধিলোঁ – তোমাৰ ঘৰ ক’ত? তেওঁ উত্তৰত ক’লে– তে’জপুৰত Tezpur)৷ যুৱতীগৰাকীৰ উচ্চাৰণৰ বিসংগতিয়ে মোৰ কাণত বৰকৈ বিন্ধিলে৷ পিছে কথাটো ফঁহিয়াই চাই দেখিলোঁ যে দোষটো তেওঁৰ নহয়৷ সৰুৰে পৰা ঠাইখনৰ নামটো ইংৰাজী Tezpur) ৰূপতে দেখি আহিছে তেওঁ৷ লক্ষণীয়ভাৱে সদৃশ এচাম অসমীয়া শব্দ ইংৰাজীলৈ লিপ্যন্তৰ কৰোঁতে একেই প্রমাদী পদ্ধতি অৱলম্বন কৰি অহা হৈছে৷ তেনে কিছুমান শব্দ হৈছে– বেজ Bez), বেজবৰুৱা Bezbaruah), খেল Khel), ভেল Bhel), মেল Mel) ইত্যাদি৷ কিন্তু কথা হৈছে ইংৰাজী e’ বর্ণই অসমীয়া ‘এ’ ধ্বনিক প্রতিনিধিত্ব নকৰে অথবা কৰিব নোৱাৰে৷ এই কথাটো শ্রদ্ধেয় দেৱেন দত্ত ডাঙৰীয়াই ইতিমধ্যে বহুবাৰ আঙুলিয়াই দিছে৷ প্রকৃততে অসমীয়া ‘এ’ ধ্বনি সূচাবলৈ ইংৰাজী যুক্তাক্ষৰae বা তদভাৱেa e পৃথকে লিখিব পৰা যায়৷ ইংৰাজীcat, rat, bat আদি শব্দবিলাকa বর্ণ ব্যৱহাৰ কৰি বানান কৰিলেও একেকেইটা শব্দৰ উচ্চাৰণIPA পদ্ধতি অনুযায়ী যথাক্রমেkaet আৰুraet আৰুbaet ৰূপেহে লিখা হয়৷ এতেকে একে আর্হিত অসমীয়া শব্দ, যেনে– তেজপুৰ, বেজবৰুৱা, তেল, খেল আদিৰ শব্দ উচ্চাৰণ প্রকাশ পাব, যদিহে এইবিলাকTaezpur, Baezboruwa, tael, khael আদি ৰূপত লিখিবলৈ আৰম্ভ কৰা হয়৷ ইয়াৰ বিপৰীতে বহুতো অসমীয়া শব্দ আছে, যিবিলাকত এ উচ্চাৰণৰ পৰিৱর্তে এ’ উচ্চাৰণ সিদ্ধ হয়৷ উদাহৰণ স্বৰূপে দুযোৰ শব্দলৈ আঙুলিয়ালেই যথেষ্ট হ’ব বুলি ভাবোঁ– কেৰেলা kaeraela) আৰু কেৰেলুৱা kereluwa) তথা খেল kha el) আৰু খেলুৱৈ kheluwoi)৷ হেমকোষৰ আৰম্ভণিৰ পিনৰ দুটামান সংস্কৰণত ‘এ’ উচ্চাৰণ সূচাবলৈ সংশ্লিষ্ট বর্ণটোৰ ওপৰত এডাল দণ্ড Bar) পথালিকৈ দিয়া দেখিছিলোঁ৷ যেনে– শেৱালি xewali) শব্দৰ ‘শ’ বর্ণটোৰ ওপৰত তেনে এডাল আঁচ মাত্রাৰ দৰে দিয়া হৈছিল৷ আচলতে অ’–কাৰ (’ চিনটো) হওক, কিম্বা মাত্রাসদৃশ দণ্ডই হওক, এই আটাইবিলাকেই একো একোটা ধ্বনিসূচক চিহ্ণহে diaeritical marks)৷ আমাৰ উচ্চাৰণসহিত অসমীয়া অভিধানখনত এনে চিনবিলাকৰ প্রয়োগ যিমানে কম মাত্রাত ৰাখিব পৰা যায়, ই ব্যৱহাৰকর্তাসকল বাবে সিমানে সহজ user friendly) হ’ব৷ এইখিনিতে এটা কথা উল্লেখ নকৰিলে এই লেখা আধৰুৱা হৈ ৰ’ব৷ কথাটো হ’ল অসমীয়া ভাষাৰ মান্য ৰূপটো সম্পূর্ণভাৱে শ্বাসাঘাতবিহীন accent-free)৷ এই কাৰণতো ইয়াৰ উচ্চাৰণ পদ্ধতি আন বহুতো ভাষাৰ তুলনাত সৰলতৰ বুলি আমি পতিয়ন যাব পাৰিছোঁ৷
আন্তর্জাতিক ধ্বনিতাত্ত্বিক সংস্থাৰ দ্বাৰা অনুমোদিত চিহ্ণাৱলীৰ আধাৰত অসমীয়া উচ্চাৰণ–পদ্ধতি যুগুতাই উলিওৱাৰ কালছোৱাত কিছুমান ব্যাখ্যাহীন ব্যতিক্রম আমাৰ দৃষ্টিলৈ আহিছে৷ এই লেখাৰ সামৰণিত তেনে এটা ব্যতিক্রমলৈ আঙুলিওৱাৰ প্রয়োজনবোধ কৰিছোঁ৷ কথাটো হৈছে, অসমীয়া ভাষাত দেৱ আৰু দেৱী শব্দ দুটা ক্রমেdev/deva আৰুdevi হিচাপেও উচ্চাৰিত হয়৷ কিন্তু দেৱ শব্দৰ পৰা উৎপন্ন হোৱা দেৱালয় আৰু দেৱাল শব্দ দুটা মূলানুগ নহয়৷ পিছৰ শব্দ দুটা অসমীয়া মানুহে যথাক্রমেdaewalay আৰুdaewal ৰূপেহে উচ্চাৰণ কৰা শুনি আহিছোঁ৷ এনেবিলাক উদাহৰণো পূর্ণাংগ অসমীয়া উচ্চাৰণ–পদ্ধতি এটা প্রস্তুত কৰি থকাৰ সময়ত নিশ্চয় উপেক্ষণীয় নহয়৷