এখন ইংৰাজী দৈনিকৰ যোৱাবর্ষৰ ১৩ নৱেম্বৰ সংখ্যাত চমু বাতৰিৰ সৈতে ওলোৱা এখন ফটো পঢ়ুৱৈয়ে নিশ্চয় দেখিছে৷ ফটোখন আছিল তিনিচুকীয়াৰ ওচৰৰ লাইপুলিৰ বিবেকানন্দ কেন্দ্র বিদ্যালয়ৰ নৱম শ্রেণীৰ এগৰাকী ছাত্রীৰ, মুখত মাস্ক পিন্ধি চাবুৱাৰ এক ব্যস্ত অঞ্চলত জ্বলি থকা আৱর্জনাৰ দ’মৰ ধোঁৱাৰ মাজত থিয় হৈ আছে অকলে, হাতত এখন বেনাৰ লৈ আছিল, য’ত লিখা আছিল ‘আমাক সুস্থভাৱে জীয়াই থাকিবলৈ দিয়ক’, ‘জনবসতিপূর্ণ ঠাইত পলিথিন নজ্বলাব’৷ চাবুৱাৰ সেই নির্ভীক আৰু পৰিৱেশ সচেতন ছাত্রীগৰাকীৰ নাম আস্থানন্দিনী বৰগোহাঁই আৰু কাকতখন ‘টাইমছ অৱ ইণ্ডিয়া’৷ বাতৰিটোত উল্লেখ কৰা মতে চাবুৱা চহৰৰ মানুহ অহা–যোৱাৰ বাটৰ কাষতে পেলোৱা আৱর্জনাৰ দ’মৰ দুর্গন্ধ আৰু জ্বলাই দিলে নির্গত দূষিত ধোঁৱাৰ মাজেৰে আন মানুহৰ লগতে ছাত্র–ছাত্রীও দৈনিক অহা–যোৱা কৰিব লগা হয়৷ অঞ্চলটোৰ ইমানবোৰ মানুহ আৰু চৰকাৰী বিভাগৰ মানুহে পৰিৱেশ প্রদূষণৰ ভয়াৱহতাৰ বিষয়ে চিন্তা নকৰা বা নিৰুদ্বেগ হৈ থকাটো যিদৰে অত্যন্ত লজ্জাজনক, তেনেকৈ এগৰাকী ছাত্রীয়ে অকলশৰে নির্ভীকভাৱে প্রতিবাদ কৰি জনসাধাৰণ তথা কর্তৃপক্ষক সকীয়াই দি দৃষ্টি আকর্ষণ কৰিব পৰাটো এক আশাৰ বতৰা৷
আচলতে এয়া অকল চাবুৱাৰে ছবি নহয়, বৰং এই ছবি ওচৰৰে তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ, যোৰহাট আদি অসমৰ সকলো চহৰ–নগৰৰ৷ পৰিষ্কাৰ–পৰিচ্ছন্ন অভাৱ, পৰিৱেশ সচেতনতাৰ অভাৱ আমাৰ সকলোবোৰ ঠাইৰ এক বৈশিষ্ট্যই৷ গুৱাহাটীৰ অৱস্থানো এইবোৰ ঠাইতকৈ কিমান বেছি উন্নত? মহানাগৰিকসকলে দৈনিক অবিৰতভাৱে সৃষ্টি কৰা হেজাৰ হেজাৰ টন আৱর্জনাৰ আধুনিক আৰু বিজ্ঞানসন্মত নিষ্কাশনৰ অভাৱে নিতৌ বায়ু প্রদূষণত অৰিহণা যোগাই আছে৷ আস্থানন্দিনীৰ আগতে আজি বহুদিনৰ পৰা ছুইডেনৰ গ্রেটা থুনবার্গ Greta Thunberg) নামৰ স্কুলীয়া কিশোৰীয়ে শ্রেণীকোঠাৰ পৰা ওলাই আহি এককভাৱে সেই দেশৰ সংসদ ভৱনৰ সন্মুখত নিৰন্তৰভাৱে প্রতিবাদ কৰি পৰিৱেশৰ ক্ষতি আৰু জলবায়ু পৰিৱর্তনৰ প্রতি বিশ্বৰ নেতাসকলৰ দৃষ্টি আকর্ষণ কৰিবলৈ সমর্থ হৈছে৷ এয়াও নিশ্চয় নিৰাশাৰ মাজত এক আশাৰ বতৰা আমাৰ সমাজৰ বাবে৷
বায়ু বা পৰিৱেশ প্রদূষণ কি?
আমি বাস কৰা পৃথিৱীৰ উপৰিভাগৰ বায়ুমণ্ডলত থকা গেছৰ প্রধান তিনিবিধ হৈছে নাইট্র’জেন N), অম্লজান U) আৰু আর্গন A)৷ যাক স্থিৰ বাStable গেছ বোলা হয়৷ বাকী অতি কম পৰিমাণে থকা অস্থিৰ বাUnstable গেছবোৰ হৈছে মিথেন M), হাইড্র’জেন H), হিলিয়াম He), নিয়ন Ne), এঙাৰ গেছ Co2), ওজন O3) আৰু ক্রীপ্ঢন গেচ৷ ইয়াৰে নাইট্র’জেন হৈছে জীৱ গঠনৰ মূল কাঠামো আৰু প্র’টিনৰ মূল অংশ, অম্লজান জীৱনকুলৰ জীৱন ধাৰণৰ বাবে অপৰিহার্য আৰু আর্গন হৈছে গোন্ধ–বর্ণহীন গেছ৷ মানৱ স্বাস্থ্যৰ বাবে আৰু গোটেই ধৰাৰ বাবেই ক্ষতিকাৰক দূষিত পদার্থ যদি মাত্রাধিকভাৱে আমাৰ চতুর্পাশৰ পৃথিৱীৰ বায়ুমণ্ডলত সোমাই ইয়াক দূষিত কৰি তোলে তাকেই বায়ু বা পৰিৱেশ প্রদূষণ বোলা হয়৷
বায়ু তথা পৰিৱেশ প্রদূষণৰ এক ঋণাত্মক কথা হৈছে যে বতাহ যেনেকৈ বলিলেহে তাৰ উপস্থিতি অনুভৱ কৰো বা দেখা পাওঁ, আন সময়ত দেখা নাপাওঁ, তেনেকৈ বায়ু প্রদূষণো সাধাৰণত চকুত নপৰে যেতিয়ালৈকে ইয়াৰ মাত্রা বহুগুণে বাঢ়ি দিল্লীৰ আকাশ ধূঁৱলি–কুঁৱলী হৈ যোৱাৰ দৰে অৱস্থা নহয়৷ সেইকাৰণে প্রদূষণৰ মাত্রা জানি তাৰ প্রতিৰোধৰ ব্যৱস্থা ল’বলৈ হ’লে পৰীক্ষাগাৰত নিয়মীয়াকৈ বায়ু পৰীক্ষা কৰাটো প্রয়োজন৷ সেই একেদৰে জীৱকুল বিশেষকৈ মানৱ শৰীৰত ইয়াৰ কুপ্রভাৱ আৰম্ভণিতে চকুত নপৰে আৰু ই নীৰৱে বাঢ়ি গৈ থাকে মানুহৰ অজানিতে আৰু যেতিয়া ৰোগগ্রস্ত হৈ উপসর্গবোৰ চকুত পৰা হয়, তেতিয়ালৈকে বহু পলম হৈ যায়, ৰোগ নিৰাময়ৰ কাৰণে আৰু ক্রমান্বয়ে মৃত্যুৰ মুখলৈ আগবাঢ়ে৷ সেয়ে পৰিৱেশ বা বায়ু প্রদূষণক কোৱা হয় নীৰৱ ঘাতক Silent Killer) বুলি
প্রদূষণৰ কু–প্রভাৱ ঃ মানৱ জীৱনৰ ওপৰত পৰা ইয়াত কু–প্রভাৱৰ কাৰণে অবিশ্বাস্য যেন লাগিলেও ই এক নির্মম সত্য যে ভাৰতবর্ষ আজি বিশ্বৰ প্রদূষিত দেশবোৰৰ ভিতৰত দ্বিতীয় স্থানত৷ ভাৰতীয় মানুহৰ গড় জীৱনৰ ম্যাদ চাৰি বছৰতকৈ অধিক কমি গৈছে৷
বর্হিপ্রদূষণ Outdoor pollution)ৰ কাৰণ হৈছে দ্রুতগতিত নগৰাঞ্চল বৃদ্ধি, উদ্যোগীকৰণ, শক্তি উৎপাদন আৰু তেনে শক্তিৰ ব্যৱহাৰ, যান্ত্রিক বাহনেৰে যাতায়াত ব্যৱস্থা, যন্ত্রৰ দ্বাৰা কৃষিকার্য, ধূলি–বালি, লেতেৰা আৱর্জনা৷
আন এক ভয় লগা তথ্য মতে গোটেই বিশ্বৰ প্রায় ৯১ শতাংশ লোক এনে পৰিৱেশত বাস কৰে, য’ত বায়ুমণ্ডলত থকা দূষিত পদার্থৰ বিশ্ব স্বাস্থ্য সংস্থা নির্ধাৰিত মাত্রাতকৈ বহু বেছি৷ সেই একে অধ্যয়ন মতে বায়ু প্রদূষণৰ ফলত দেশত প্রায় ৯ লাখ লোকৰ মৃত্যু হৈছে৷ দিল্লীৰ বাহিৰে ফৰিদাবাদ, বাৰণসী, গয়া, পাটনা, লক্ষ্ণৌ আৰু আগ্রাত উচ্চ মাত্রাত প্রলম্বিত কণিকা ২.৫ বায়ু থকা বুলি প্রমাণিত হৈছে৷
বায়ু প্রদূষণৰ কু–প্রভাৱৰ ফলত কম ওজনৰ শিশুৰ কম, হাঁওফাঁওৰ যক্ষ্মা ৰোগ, হূদপিণ্ডৰ ৰোগ, বিভিন্ন শ্বাস–প্রশ্বাসজনিত ৰোগ, এজমা বা হাপানী, হাঁওফাঁওৰ উপৰি কাণ, নাক আৰু ডিঙিৰ কর্কটৰোগ আনকি কেতিয়াবা কেটাৰেক্ট বা চকু ছানি পৰা ৰোগো হ’ব পাৰে৷ বায়ুমণ্ডলৰ পৰা শ্বাস–প্রশ্বাসত আমাৰ হাঁওফাঁওলৈ সোমোৱা কিছু দূষিত কণা Particulate matter) ইমান ক্ষুদ্র যে সেইবোৰ অনায়াসে তেজৰ সিৰাত সোমাই মস্তিষ্ক পায়গৈ আৰু আমাৰ কোষবোৰ ধ্বংস কৰি পেলায়৷ তেনেকৈ উশাহত লোৱা বতাহত সীহ আৰু পাৰা Mercury) বেছি পৰিমাণে থাকিলে শিশুৰ মস্তিষ্ক আৰু বৃক্কৰ ক্ষতি কৰে, স্নায়ুতন্ত্রৰো যথাক্রমে ক্ষতি কৰে৷ আকৌ যান–বাহন, জুই আদিৰ পৰা নির্গত ধোঁৱাই হাঁওফাঁও, তেজৰ ক্ষতি কৰাৰ উপৰি লিভাৰৰ কর্কট ৰোগৰ কাৰক হ’ব পাৰে৷ গতিকে বায়ু প্রদূষণৰ দৰে নীৰৱ ঘাতকৰ বিষয়ে সচেতনতাৰ খুবেই প্রয়োজনীয়তা আছে৷