নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আতংক–মনোবিকাৰ

মূল ইংৰাজী শব্দটো হৈছে– Fear psychosis – যিটো মানসিক ৰোগক অসমীয়া মানুহে সাধাৰণতে ‘ভয়–বেমাৰ’ বুলিয়েই জানে৷ এই ৰোগটোৰে পোছাকী নাম আতংক–মনোবিকাৰ৷ এই শব্দটোৰে মোৰ পোনতে পৰিচয় হৈছিল যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ অষ্টম–নৱম শ্রেণীৰ ছাত্র হৈ থাকোঁতেই৷ সেয়া ১৯৭২–৭৩ চনৰ কথা৷ এদিন এজন সহপাঠী লুতফুৰ ৰহমানে বিদ্যালয়লৈ আহোঁতে তেওঁৰ লগত ‘সুখৰ সন্ধান’ নামৰ কিতাপ এখন লৈ আহিছিল৷ সেইখন আছিল এখন অনূদিত গ্রন্থ৷ মূল গ্রন্থখনৰ নামConquest of Happiness– গ্রন্থকাৰ বার্ট্রাণ্ড ৰাছেল৷ বন্ধু লুতফুৰৰ পৰা খুজি নি সুখৰ সন্ধান কিতাপখন গো–গ্রাসে পঢ়িছিলোঁ৷ এইখন অসমীয়ালৈ অনুবাদ কৰিছিল সুৰেন্দ্রনাথ চৌধুৰীদেৱে আৰু কিতাপখনৰ প্রকাশক আছিল অসম প্রকাশন পৰিষদ৷ এতিয়া প্রায় পাঁচ দশকৰ পাছত মোৰ যিমানদূৰ মনত পৰে, কিতাপখনৰ অনুবাদ বেচ সাৱলীল আছিল৷ ইয়াৰ এটা অধ্যায়ৰ নাম আছিল ‘আতংক–মনোবিকাৰ’৷ অষ্টম–নৱম শ্রেণীৰ এজন ছাত্র হিচাপে মানুহৰ জীৱনত আতংক–মনোবিকাৰে কেনে প্রভাৱ বিস্তাৰ কৰে, সেই সম্বন্ধে সম্যক ধাৰণা মোৰ হোৱা নাছিল৷ কিন্তু পাছৰ জীৱনত এই মানসিক ৰোগটোৰ গুৰুত্ব কিমান, সেই কথা লাহে লাহে উপলব্ধি কৰিবলৈ ধৰিলোঁ৷ এটা সুখী জীৱনৰ অধিকাৰী হোৱাৰ দিশত আতংক–মনোবিকাৰে কিদৰে বিধি–পথালি দিয়ে, তাৰ বিশদ বর্ণনা আলোচিত গ্রন্থখনত ৰাছেল মহোদয়ে অতি প্রত্যয়জনক ৰূপত দাঙি ধৰাৰ কথাটো মই আজিও পাহৰিব পৰা নাই৷ অৱশ্যে উদ্বেগ কিম্বা উদ্বিগ্ণতা বোলা বস্তুটো প্রতিজন ব্যক্তিৰ জীৱনৰ এক অবিচ্ছেদ্য দিশ৷ এই উদ্বেগেই একাংশ লোকৰ ব্যক্তিত্বত কিদৰে আতংক মনোবিকাৰলৈ ৰূপান্তৰিত হয়৷ তাৰ বিস্তাৰিত বিৱৰণ ‘সুখৰ সন্ধান’ত লিপিবদ্ধ হোৱা যেন মনত পৰে৷ লক্ষণীয় যে উদ্বেগ এটা স্বাভাৱিক বিষয়৷ তাৰ বিপৰীতে আতংক–মনোবিকাৰ মানুহৰ মনৰ এক অস্বাভাৱিক অৱস্থা৷ দেখা যায়, উদ্বেগৰ আতিশয্যৰ পৰা ৰক্ষা পাবৰ নিমিত্তেও মানুহে কেতিয়াবা মনোৰোগ বিশেষজ্ঞৰ Psychiatrist) কাষ চাপে৷ তেনে ব্যক্তিক মানসিক ৰোগৰ চিকিৎসকে উদ্বেগ–প্রশমক ঔষধ anxiolytic) দিব পাৰে৷ মন কৰিবলগীয়া কথা এইটোহে যে মানুহৰ মনত উদ্বেগৰ জন্ম দিয়া একো একোটা নির্দিষ্ট কাৰণ থাকে৷ কিন্তু আতংক–মনোবিকাৰৰ বেলিকা সাধাৰণতে যুক্তিসংগত একো কাৰণ নাথাকে৷ এই ৰোগৰ চিকাৰ হোৱা ৰোগীসকলে নিজৰ মনতে আতংকৰ জন্ম দিয়া এটা বা ততোধিক অমূলক কাৰণ সৃষ্টি কৰি লয়৷ আমাৰ অসমীয়া ভাষাত যে এষাৰ কথা আছে– ছাঁটোকে বাঘটো বুলি ভবা –এয়াই হৈছে আতংক–মনোবিকাৰসূচ্ সবাতোকৈ প্রাথমিক উদাহৰণ৷ অর্থাৎ আতংক–মনোবিকাৰত ভোগা ৰোগী একোজনে ভয় কৰিবলৈ বিশেষ কাৰণ নাথাকিলেও আপদীয়া কিবা এটা ঘটিব বুলি সকলো সময়তে ভয়ত ভুগি থাকে৷ যেনে, নিজে বাস কৰা চহৰখনৰ কোনো এঘৰত ডকাইতিৰ ঘটনা এটা ঘটি গ’ল৷ তাৰ লগে লগে এইপিনে ডকাইতৰ আতংকই একাংশ লোকক বিহ্বল কৰি তুলিলেই৷ কিন্তু যুক্তিৰ সহায়ত যদি কথাটো বিশ্লেষণ কৰি চোৱা হয়, তেনেহ’লে দেখা যাব যে এটা মাথোন ডকাইতি সংঘটিত হোৱা মহানগৰখনত বসবাস কৰি থকা মুঠ পৰিয়ালৰ সংখ্যা প্রায় পাঁচ লাখ৷ এতেকে ইয়াৰে কোনো এঘৰত ডকাইতি হোৱাৰ সম্ভাৱিতা probability) পাঁচ লাখৰ এক৷ এই অনুপাত তেনেই নগণ্যই বুলিব পাৰি৷ কিন্তু আতংক–মনোবিকাৰত ভুগি থকা লোক একোজনক এইবিলাক যুক্তিৰে পতিয়ন নিওৱা সহজ নহয়৷ ব্যক্তিগত জীৱনত মই এনে এগৰাকী মহিলাক লগ পাইছিলোঁ, যি কোনো দিনে ৰে’লগাড়ীত ভ্রমণ নকৰিছিল৷ তেওঁৰ মতে ৰে’লগাড়ীবিলাক প্রায়েই দুর্ঘটনাত পতিত হৈ থাকে আৰু শ শ যাত্রীয়ে মৃত্যুক সাৱটিব লগা হয়৷ পিছে প্রকৃত কথাটো তেনেকুৱা নহয়৷ ভাৰতৰ প্রেক্ষাপটতে কথাটো ফঁহিয়াই চালে দেখা যাব যে দেশখনত দৈনিক চলাচল কৰা যাত্রীবাহী ৰে’লৰ সংখ্যা বাৰ হাজাৰৰো অধিক৷ এই হিচাপে এবছৰত মুঠ ৰে’লসেৱাৰ সংখ্যা হ’বগৈ প্রায় চাৰে চাৰি লাখ৷ গতিকে একোটা বছৰত চাৰি–পাঁচটা বৃহৎ ৰে’ল দুর্ঘটনা ঘটিলেও তেনে সংঘটনৰ সম্ভাৱিতা হ’বগৈ এক লাখৰ ভিতৰত এটা৷ তেনেস্থলত দুর্ঘটনাৰ ভয়ত ৰে’লগাড়ীত উঠাৰ পৰা বিৰত থকাৰ কথাটো আতংক–মনোবিকাৰৰ এক নিদর্শন বুলিয়েই ধৰিব লাগিব৷
এই প্রসংগতে এটা কথা উল্লেখ কৰাৰ প্রয়োজন বোধ কৰিছোঁ৷ কথাটো হৈছে, কিছুমান মানুুহৰ একোটা বিশেষ বস্তুৰ প্রতি সহজাত ভয় থাকে৷ ইংৰাজীত এনে অস্বাভাৱিক ভয়কেphobia বোলা হয় আৰু তেনে ফ’বিয়াৰ তালিকাখন বেচ দীঘল৷ এনে ফ’বিয়াবিলাকৰ বিষয়ে আজিকালি প্রায় সকলো শিক্ষিত মানুহেই কম–বেছি পৰিমাণে জানে৷ সেয়ে ইয়াত সেইবোৰৰ বিস্তৃত তালিকা দিয়াৰ পৰা বিৰত থাকিলোঁ৷ এতিয়া কথা হ’ল, কোনো এটা বিশেষ বস্তুৰ প্রতি থকা অহেতুক ভীতি (অর্থাৎ ফ’বিয়া) আৰু আতংক মনোবিকাৰ একে কথা নেকি? মোৰ মতে নহয়৷ মই যদিও মনোৰোগ বিশেষজ্ঞ Psychiatrist) অথবা মনস্তত্ত্ববিদ Psychologist) নহওঁ, তথাপি এটা কথা সম্বন্ধে মই অৱগত, আৰু সেইটো হৈছে– ছাইক’ছিচ Psychosis) একপ্রকাৰৰ জটিল মানসিক ৰোগ৷ এতেকে আতংক–মনোবিকাৰৰ জটিলতা সাধাৰণ ফ’বিয়াবিলাকতকৈ বহুগুণে অধিক৷ এইখিনিতে এটা কথা উল্লেখ কৰি থ’ব খোজোঁ যে প্রাথমিক শ্রেণীৰ ছাত্র হৈ থাকোঁতে মই নিজেও একপ্রকাৰৰ ফ’বিয়াত ভুগিছিলোঁ৷ ইংৰাজীত এই ভীতিগ্রস্ততাৰ নামPathophobia – যাৰ অর্থ হৈছে যিকোনো ৰোগৰ প্রতি অত্যধিক ভয়৷ অৱশ্যে বয়স বাঢ়ি অহাৰ লগে লগে সেই অস্বাভাৱিক ৰোগভীতিৰ পৰা মই আপোনা–আপুনি পৰিত্রাণ পাইছিলোঁ৷
ওপৰত উল্লেখ কৰি অহা উদ্বেগ, আতংক–মনোবিকাৰ আৰু ৰোগভীতি (অর্থাৎPathophobia) – এটা বিন্দুত মিলিত হ’বলৈ আগবাঢ়িছে নেকি বাৰু? ইতিমধ্যে এটা কথা কৈ আহিছোঁ যে উদ্বেগ কিম্বা দুশ্চিন্তা মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ৷ উদ্বেগশূন্য জীৱন দুর্লভ বুলি আমি নিশ্চিভাৱে ক’ব পাৰোঁ৷ অৱশ্যে উদ্বেগৰ মাত্রাত তাৰতম্য ঘটাটো খুবেই স্বাভাৱিক৷ বর্তমানৰ পৰিস্থিতিয়ে বিভিন্ন শ্রেণীৰ অন্তর্গত লোকসকলৰ মনত ভিন ভিন প্রকাৰে সুতীব্র উদ্বেগৰ জন্ম দিয়া মই দেখিবলৈ পাইছোঁ৷ মোৰ দুগৰাকী নিকট আত্মীয়াৰ মানসিক অৱস্থা নিচেই কাষৰ পৰা নিৰীক্ষণ কৰাৰ সুযোগ মই লাভ কৰিছোঁ৷ ইয়াৰে প্রথমগৰাকী মাতৃৰ সন্তান দিল্লীৰ এখন চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক৷ সেই চিকিৎসালয়খনৰে এগৰাকী নার্ছৰ দেহত ক’ভিড–১৯ ৰোগৰ সংক্রমণ ধৰা পৰাত চিকিৎসালয়খন ছীল কৰি দিয়াৰ লগতে তাৰ সমূহ চিকিৎসক–কর্মচাৰী কোৱাৰেণ্টাইনত ৰখা হয়৷ নিজ দুহিতা কোৱাৰেণ্টাইনত থকা সেই চৈধ্যটা দিন মাতৃগৰাকীৰ উদ্বেগে কেনে পর্যায় পাইছিলগৈ, সেয়া অনুমানহে কৰিব পাৰি৷ মোৰ আনগৰাকী আত্মীয়াৰ চিকিৎসক পুত্র লণ্ডনৰ এখন হাস্পতালত ক’ভিড ৰোগীৰ চিকিৎসাত ব্যস্ত৷ কিন্তু প্রথম অৱস্থাত তেওঁকPPE Kit যোগান ধৰাও হোৱা নাছিল৷ ইয়াকে লৈ তেওঁৰ মাতৃয়ে যি দুশ্চিন্তাত ভুগিছিল, তাক বর্ণনা কৰাটো কষ্টসাধ্য৷ কিন্তু কোনো এগৰাকী মাতৃৰে ধৈর্যৰ বান্ধ ছিগি নোযোৱাৰ কথাটো মই প্রত্যক্ষ কৰিছিলোঁ৷ এইখিনিতে দুয়োগৰাকী মাতৃৰ এক সাদৃশ্য বিশেষভাৱে মন কৰিবলগীয়া– উভয়েই নিজ সন্তানৰ কল্যাণ কামনা কৰি এক পৰম সত্তাৰ অনুগ্রহ প্রার্থনা কৰিছিল৷ প্রসংগক্রমে লব্ধপ্রতিষ্ঠ সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাদেৱে কোৱা এষাৰ কথা মোৰ মনত পৰিছে৷ তেখেতে কৈছিল যে এক দিব্য শক্তিৰ অস্তিত্বত বিশ্বাস কৰা লোকসকলৰ দুশ্চিন্তাৰ মাত্রা কম হয়৷ কিয়নো বিপদত ভাৰসা কৰিব পৰাকৈ তেওঁলোকৰ এক অৱলম্বন থাকে৷ শ্রদ্ধেয় বৰা ছাৰ নিজে নাস্তিক যদিও ঈশ্বৰ বিশ্বাসৰ এই ইতিবাচক দিশটো তেখেতে অস্বীকাৰ নকৰে৷ সি যি নহওক, উদ্বেগ আৰু আতংক–মনোবিকাৰ যে একে কথা নহয়, সেয়া ওপৰত দাঙি ধৰা উদাহৰণ দুটাৰ পৰাই স্পষ্ট হৈ উঠিছে৷ আতংক–মনোবিকাৰ যথার্থতে এটা মানসিক ৰোগ হোৱা হেতুকে এই ৰোগত ভোগা ৰোগীয়ে চকুত পৰাকৈ কিছুমান অস্বাভাৱিকতা প্রদর্শন কৰে৷ মাহদিয়েক পূর্বে মোৰ এগৰাকী বাল্য–বান্ধৱীয়ে কথাপ্রসংগত মোক জনালে, তেওঁ নিজ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকা সত্ত্বেও যিকোনো এটা বস্তু হাতেৰে স্পর্শ কৰিলেই চাবোনেৰে হাত ধুবলৈ তেওঁ বিৱশ হৈ পৰে৷ গোটেই পৃথিৱীজুৰি ঘটা ক’ৰোনা বিষাণুৰ সংক্রমণে মানুহৰ মনোজগতত এনেভাৱে ক্রিয়া কৰিবলৈ আৰম্ভ কৰিছে যে তাৰ প্রতিক্রিয়াসমূহ আতংক–মনোবিকাৰৰ সমপর্যায়ৰ হৈ উঠিবৰ উপক্রম হৈছে৷ সাম্প্রতিক পৰিস্থিতিত প্রায় প্রতিজন ব্যক্তিয়েই অপৰিচিত কোনোবা এজনক সহজভাৱে ল’ব নোৱৰা হৈছে৷ শ্রীমান ‘ক’ই ভাবে যে শ্রীমান ‘খ’ ক’ৰোনা বিষাণুৰ বাহক৷ আকৌ শ্রীমান ‘খ’ৰ মনোভাবো একেই৷ অর্থাৎ কোনেও কাকো বিশ্বাস কৰিব নোৱৰা হৈছে৷ দোকানী একোজনে ভাবিবলৈ লৈছে যে গ্রাহকসকল তেওঁৰ বাবে নিৰাপদ নহয়৷ একেদৰে গ্রাহকসকলেও বিক্রেতা একোজনক সহজভাৱে ল’ব নোৱৰা হৈছে৷ কিয়নো তেওঁ নিতৌ শ শ গ্রাহকৰ সংস্পর্শলৈ আহে৷ বৃত্তিগতভাৱে আন বহুতো লোক উপভোক্তাসকলৰ সন্দেহৰ বলি হৈছে (এনে বৃত্তিধাৰীসকলৰ বৃত্তিৰ নাম উল্লেখ কৰি তেওঁলোকৰ মানসিক জ্বালা বঢ়াবলৈ মই ইচ্ছা কৰা নাই)৷ এইদৰেই ক’ভিড–১৯ মহামাৰীয়ে বিশ্ব অর্থনীতিত কুঠাৰাঘাত কৰাৰ উপৰি কৌটিকলীয়া মানৱীয় সম্বন্ধসমূহৰো মূলোচ্ছেদ কৰিছে৷ যিবোৰ সমাজ আতিথ্যৰ বাবে প্রসিদ্ধ আছিল, তেনে একোখন সমাজৰ অন্তর্গত গৃহস্থালিসমূহত এতিয়া অতিথি–ভ্যাগতৰ প্রৱেশ নিষেধ৷ প্রত্যেকৰে পদূলিমুখত একোটাকৈ ডাঙৰ তলা ওলমি থকা দেখা গৈছে৷ বর্তমান সময়ত মানুহে নিজকে বিশ্বাসত ল’ব নোৱৰা হৈছে (হাঁচি এটা মাৰিলেও সিবিধে পোৱা বুলি ভাবিবলৈ লৈছে), আনক কিদৰে বিশ্বাস কৰিব? এনেদৰেই ক’ৰোনাৰ সমান্তৰালভাৱে আতংক–মনোবিকাৰৰ গণ–সংক্রমণ ঘটিছে৷ আমি পূর্বতে কৈছিলোঁ যে আতংক–মনোবিকাৰৰ একো নির্দিষ্ট কাৰণ নাথাকে৷ পিছে আজিৰ পৰিস্থিতিত সেই কথা সঁচা নহয়৷ সম্প্রতি সংক্রামক ৰূপ ধাৰণ কৰা আতংক–মনোবিকাৰৰ সুনির্দিষ্ট কাৰণ আছে আৰু সেই কাৰণ সম্বন্ধে প্রত্যেকেই অৱগত৷ এতিয়া প্রশ্ণ হৈছে– এই অনাস্থাৰ পৰিৱেশৰ কেতিয়া অৱসান ঘটিব? ৰাজহুৱা জীৱন বুলি কিবা এটা বস্তু বর্তি থাকিবগৈনে? আচলতে এনে প্রতিটো প্রশ্ণৰ উত্তৰ নির্ভৰ কৰিছে ক’ৰোনা ভাইৰাছৰ এবিধ প্রমাণী প্রতিষেধক উদ্ভাৱন হোৱাৰ ওপৰত৷ তাৰ অবিহনে মানৱ সমাজৰ পৰা ক্রমশঃ হেৰাই যাবলৈ ধৰা আস্থাৰ ভাব পুনৰুদ্ধাৰ কৰাটো অসম্ভৱ হৈ উঠিব৷ বার্ট্রাণ্ড ৰাছেলে তাহানিতে আঙুলিয়াই দিয়া ধৰণে আতংক–মনোবিকাৰৰ গ্রাসত পৰি পূর্বেও সহস্রজনৰ জীৱন দুর্বিষহ হৈ উঠিছিল৷ এতিয়া সেই মানসিক ব্যাধিয়ে সর্বাত্মক ৰূপ ধাৰণ কৰা দেখা গৈছে৷ ক’ভিড মহামাৰী নিজে যিমান মাৰাত্মক, তাৰ প্রত্যক্ষ প্রতিক্রিয়াস্বৰূপ এই মানসিক ৰোগটো তাৰ তুলনাত কম বিষাক্ত বুলি ভাবিব নোৱাৰি৷

You might also like